Logo
image

দিনভৰ অনলাইন ক্লাছ

আমাৰ অসম, ২৫ মেঃ চাৰিওফালে এতিয়া ক’ভিডৰ সংক্ৰমণ৷ সংক্ৰমণ বৃদ্ধি পোৱাত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শিক্ষানুষ্ঠানত পাঠদান বন্ধ ৰখাৰ লগতে অনলাইন ক্লাছৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিবলৈ এছঅ’পি জাৰি কৰিছে৷ ইয়াৰ মাজতে ১৫ মে’ৰ পৰা এমাহজোৰা গৰম বন্ধ ঘোষণা কৰিছে শিক্ষানুষ্ঠানসমূহত৷ অৱশ্যে সম্প্ৰতি গৰম বন্ধ অব্যাহত থাকিলেও একাংশ বিদ্যালয়ে অনলাইন ক্লাছ অব্যাহত ৰাখিছে৷ পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ অনলাইন ক্লাছ কৰাও দেখা গৈছে একাংশ বিদ্যালয়ক৷ আনকি ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয়ৰ শিক্ষকে আকৌ দিনৰ পৰিৱৰ্তে নিশা ১১ বজাতো অনলাইন পাঠদান কৰিছে৷ মূলতঃ ক’ভিডৰ মাজতো যাতে শিক্ষাৰ্থীসকল জ্ঞান লাভৰ পৰা বঞ্চিত নহয়, ভাল ফলাফল আনিব পাৰে, সেই লক্ষ্যৰেই বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে দিনে-নিশাই অনলাইন ক্লাছ কৰা বুলিও জানিবলৈ দিছে৷ অৱশ্যে, একাংশ অভিভাৱকে অভিযোগ কৰা মতে, ব্যক্তিগত বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ পৰা মাহেকীয়া মাচুল সংগ্ৰহ কৰি যাতে শিক্ষক-শিক্ষয়িত্ৰীসকলক দৰমহা দি থাকিব পাৰে, সেই উদ্দেশ্যৰেহে গৰম বন্ধৰ মাজতো অনলাইন পাঠদান চলাই নিছে৷ অথচ দিল্লী উচ্ছ ন্যায়ালয়ে এটা গোচৰৰ শুনানিত গৰম বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত অনলাইন ক্লাছৰ বোজা দিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়া দেখা গৈছিল৷ স্বাভাৱিকতেই বহু বিদ্যালয়ে এতিয়াও পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ একেৰাহে মোবাইল-লেপ্‌টপ্‌-কম্পিউটাত অনলাইন ক্লাছ অব্যাহত ৰখাত কণকণ শিক্ষাৰ্থীৰ ওপৰত মনস্তাত্ত্বিক প্ৰভাৱ পৰিব নেকি বুলিও বহুতে প্ৰশ্ন কৰিছে৷ কিয়নো জম্মু-কাশ্মীৰত ঘণ্টা ঘণ্টা ধৰি চলা অনলাইন ক্লাছৰ ফলত কণমানি ছাত্ৰ-ছাত্ৰীৰ চকু, কাণৰ লগতে মানস্তাত্ত্বিক সমস্যাত ভোগাৰ বাতৰিও প্ৰকাশ পাইছে৷ তেনেস্থলত অসমতে দুটা শ্ৰেণীৰ মাজত মাত্ৰ ৫ মিনিটকৈ বিৰতি দি পুৱা আঠ বজাৰ পৰা বিয়লি ৩-৪ বজালৈ ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ-মোবাইলৰ সন্মুখত বহুৱাই ৰাখি শিক্ষাদানৰ বাবে বাধ্য কৰোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে স্বাস্থ্যগত সমস্যাত ভুগিছে নেকি, সেয়া এতিয়া কোটিটকীয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ গুৱাহাটীৰ এখন অভিজাত শিক্ষানুষ্ঠানত এন পি এছ ইণ্টাৰনেশ্বনেল স্কুলে পুৱা আঠ বজাৰ পৰা ৪৫ মিনিটকৈ দৈনিক  ৬টাকৈ ক্লাছ নিয়মীয়াকৈ অব্যাহত ৰাখিছে৷ প্ৰতিটো শ্ৰেণীৰ বিপৰীতে মাত্ৰ ৫ মিনিটহে বিৰতি দিয়া দেখা গৈছে৷ এয়া মাত্ৰ উদাহৰণ যদিও গুৱাহাটীৰ আন এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে নিশা ১১ বজাৰ পৰা ১২ বজালৈ অনলাইনত পাঠদান কৰা বুলিও শিক্ষাৰ্থী আৰু অভিভাৱকে অভিযোগ উত্থাপন কৰিছে৷ এক কথাত আভ্যন্তৰীণ মূল্যায়ণত নম্বৰ লাভ নকৰাৰ ভয়ত ছাত্ৰ-ছাত্ৰীয়ে অনিচ্ছা সত্ত্বেও অনলাইন ক্লাছ কৰিবলৈ বাধ্য হৈ পৰিছে যদিও অত্যধিক সময় মোবাইল-কম্পিউটাৰৰ সন্মুখত হেডফোন লগাই বহি থকাৰ ফলত শিশুৰ স্বাস্থ্যৰ ওপৰত বিৰুপ প্ৰভাৱ পৰাৰ আশংকা অধিক বুলিও সদৰী কৰিছে কেইবাজনো মনোৰোগ বিশেষজ্ঞই৷ এই সন্দৰ্ভত গুৱাহাটীৰ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ নাহিদ এছ ইছলামে কয় যে বৰ্তমানৰ অতিমাৰীৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছৰ বিকল্প নাই৷ শিক্ষকসকলে অনলাইন ক্লাছৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ স্বাস্থ্যগত দিশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাদান কৰাটো উচিত৷ অনলাইন ক্লাছৰ বহু ধনাত্মক দিশ আছে আৰু ইয়াৰ সদ্ব্যৱহাৰ হ’লে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হয়৷ অৱশ্যে, এই শিক্ষাদানৰ সময়ছোৱাত বহু শিশুৱে ক্লাছ কৰিবলৈ ভয় কৰে বা পঢ়াত মন বহুৱাব নোৱাৰে৷ তদুপৰি পঢ়িবলৈও ভাল নোপোৱা বা ক্লাছৰ সময়ত শিক্ষকৰ সৈতে সহজ হ’ব নোৱৰা সমস্যাত ভোগা শিশু-শিক্ষাৰ্থীক অভিভাৱকে চিকিৎসকৰ নিদান বিচাৰি অহা দেখা গৈছে৷