ক’লা বজাৰত ভেক্চিন
আমাৰ অসম, ২৬ মেঃ ক’ভিড ভেকচিনৰ ক’লা বজাৰ চলিছে অসমত৷ এই চাঞ্চল্যকৰ অভিযোগ তুলি ভেক্চিনৰ ক’লা বজাৰ বন্ধ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে আছাম ড্ৰাগছ ডীলাৰ্ছ এছ’চিয়েশ্বনে৷ মঙলবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলযোগে এছ’চিয়েশ্বনৰ সাধাৰণ সম্পাদক বিক্ৰমানন্দ চৌধুৰীয়ে কয়– ‘ প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে আমাক বিনামূলীয়াকৈ চৰকাৰে দিব বিচৰা ভেকচিনক লৈ এতিয়া কলা বজাৰ আৰম্ভ হৈছে৷ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েশ্বন অৱ অসম নামৰ ট্ৰেড ইউনিয়নটোৱে যোৱা কিছুদিন ধৰি স্বাস্থ্য বিভাগৰ সহযোগত পাণবজাৰৰ সনাতন ধৰ্মসভা[হৰিসভা]ত ক’ভিড ভেক্চিন দিয়াৰ ব্যবস্থা কৰিছিল৷ কিন্তু তেওঁলোকে বে-আইনীভাৱে আমাৰ মেডিচিন ডীলাৰ সদস্যৰ পৰা পইচা সংগ্ৰহ কৰে৷ সমগ্ৰ তথ্যসহকাৰে ইতিমধ্যে আমি পানবজাৰ আৰক্ষী থানাত সোমবাৰে গোচৰ ৰুজু কৰিছোঁ৷ ট্ৰেড ইউনিয়নৰ নাম লৈ তেওঁলোকে চৰকাৰক বদনাম কৰিব বিচাৰিছে৷ তেওঁলোকে ক’ভিড ভেকচিন দিয়াৰ নামত তেওঁলোকৰ ইউনিয়নৰ সদস্যপদ লোৱাটো বাধ্যতামূলক কৰিছিল লগতে এহেজাৰ টকা পঞ্জীয়ন মাছুল প্ৰ-পত্ৰ পূৰণৰ বাবদ দাবী কৰিছিল৷ তেওঁলোকৰ সভাপতি নটৱৰীলাল আগৰৱাল, সাধাৰণ সম্পাদক জিতু বৰ্মণ, কোষাধ্যক্ষ দীপক আগৰৱালে ২০ মে’ ৰ পৰা আৰম্ভ কৰা টিকাকৰণ অভিযানৰ লুণ্ঠনৰাজ সম্পৰ্কে আমি অৱগত হওঁ৷ তেওঁলোকে ২২ মে’ত আমাৰ সদস্য ৰাজু পাটৰ, দেবু ছেত্ৰী, সুশীল সুৰানাই আমাক অভিযোগ দাখিল কৰে৷ এই টিকাকৰণ অভিযান কামৰূপ [ম] কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’ছিয়েচনৰ সহযোগত অনুষ্ঠিত হৈছিল আৰু তেওঁলোকৰ সদস্যপদৰ বাবে এহেজাৰ টকা মাচুল লৈ প্ৰ-পত্ৰ পূৰণ কৰিব দিছিল৷ তেওঁলোকে এহেজাৰ টকা মাচুল নিদিয়া সদস্যসকলক ভেকচিন দিয়া নহ’ব বুলি কৈছিল৷ ইতিমধ্যে আমাৰ সদস্য ৰাজু পাটৰৰ পৰা তেওঁলোকে এহেজাৰ টকা মাচুল আদায় কৰে৷ এই অভিযোগৰ ভিত্তিত আমি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি স্বাস্থ্য সঞ্চালকালয়ক এই বিষয়ে আমি অৱগত কৰো৷ স্বাস্থ্য সঞ্চালকালয়ে এই টিকাকৰণ সম্পূৰ্ণ বিনামূলীয়া বুলি আমাক জনায় লগতে আমাক নিজাববীয়াকৈ আছাম ড্ৰাগছ ডীলাৰ্চ এছ’চিয়েছনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়৷ তাৰ ভিত্তিত আমি তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ বিচাৰি গোচৰ ৰুজু কৰিছোঁ৷ সমগ্ৰ পৃথিৱী ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজি থকা সময়ত বিশেষকৈ আমাৰ দেশত ক’ভিড পৰিস্থিতি জটিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত এনে ট্ৰেড ইউনিয়নে ভেকচিনৰ নামত কলা বজাৰ আৰম্ভ কৰা কাৰ্য গৰিহণাৰ যোগ্য৷ তেওঁলোকে কঠোৰ শাস্তি পোৱা উচিত৷ আমি ইতিমধ্যে পানবজাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি ৪২০/৩৪ নং ধাৰাৰ অধীনত ২৮১/২১ নম্বৰৰ এটা গোচৰ ২৪ মে’ত ৰুজু কৰিছোঁ৷ আমাৰ দুই সহস্ৰাধিক সদস্য আছে৷ এই ট্ৰেডইউনিয়নটোৰ কু-কৃতি সম্পৰ্কে ৰাইজ অৱগত হোৱা উচিত৷ আমাক স্বাস্থ্য সঞ্চালকালয়ে আন কোনো স্বেচ্ছাসেৱী অনুষ্ঠান আদিৰ দ্বাৰা পুনৰ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক এই ট্ৰেড ইউনিয়নটোৰ বিৰুদ্ধে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ৷’
ৰঙিয়াত ভেকচিনৰ ভয়ংকৰ নাটনি
‘কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলত ক’ভিড ভেকচিন প্ৰদান কাৰ্য্য লেহেমীয়া হোৱাৰ অভিযোগ তুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰঙিয়া জিলা সমিতিয়ে ৰঙিয়াৰ মহকুমাধিপতিক স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো আজিলৈকে ৰঙিয়া মহকুমাৰ এটা কেন্দ্ৰটো ভেকচিনৰ ব্যৱস্থা পৰ্যাপ্ত নহ’ল৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ক’ভিড ভেকচিনৰ নাটনিৰ কথা অস্বীকাৰ কৰাৰ পিছতো ৰঙিয়া মহকুমাত যোৱা দুদিন ধৰি ক’ভিড ভেকচিনৰ নাটনিয়ে মুখ্যমন্ত্ৰীজনৰ চৰম মিথ্যাচাৰৰ কথা উদঙাই দিছে ‘‘—আজি ৰঙিয়াত এক সংবাদ মেলযোগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ নেতৃবৰ্গই এইদৰে মন্তব্য কৰে৷ সংবাদ মেলত অতি শীঘ্ৰে ৰঙিয়া মহকুমাত ভেকচিন প্ৰদানৰ মাত্ৰা বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰাৰ লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক ভেকচিন সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি সমস্যা সমাধানৰ দাবী জনায়৷ ছাত্ৰ মুক্তিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল কলিতা আৰু কাৰ্যবাহী সদস্য চিৰাজ আলীয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিগত চৰকাৰৰ দিনত ৰঙিয়াত আৰম্ভ কৰা দলং, ৰাস্তা আদি আঁচনিৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈও দাবী উত্থাপন কৰে৷ আনহাতে সংবাদ মেলত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ উপসভাপতি হৰেশ্বৰ বৰ্মন আৰু কামৰূপ জিলা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক জিয়াউৰ ৰহমানে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মানসিক ৰোগী বুলি কোৱা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰে৷ ভুল তথ্যৰে ৰাইজে নিৰ্বাচিত কৰা এজন বিধায়কক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰাৰ লগতে এগৰাকী বিধায়কৰ বিশেষ অধিকাৰ ভংগ কৰাৰো অভিযোগ উত্থাপন কৰে৷ এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে এনে তৰল বক্তব্যৰে সংসদৰ মৰ্যাদা হ্ৰাস কৰাতকৈ বৰ্তমান ৰাজ্যত সৃষ্টি হোৱা ভেকচিনৰ নাটনি দূৰ কৰাৰ বাবেহে পদক্ষেপ লবলৈ আহ্বান জনায়৷
নগাঁৱত দ্বিতীয় পালি ভেক্চিনৰ বাবে হাহাকাৰ
অতিমাৰী ক’ভিডৰ পৰা ৰক্ষা পৰিবৰ বাবে জনসাধাৰণক ভেকচিন ল’বলৈ চৰকাৰে আহবান জনাইছে যদিও ভেকচিন বিচাৰি বহু ঠাইত সাধাৰণ লোকে হাহাকাৰ কৰিবলগীয়া হৈছে৷ যিবোৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত ক’ভিডৰ প্ৰথম পালি ভেকচিন দিয়া হৈছিল সেইবোৰত বহুদিন ধৰি নাই ভেকচিনৰ যোগান৷ অসমত ব’হাগ বিহুৰ সময়ে পৰা জনসাধাৰণৰ মাজত ক’ভিড ভেকচিন লোৱাৰ প্ৰৱণতা বৃদ্ধি পায়৷ সেই সময়ত যি সকলে প্ৰথম পালি ভেকচিন লৈছিল তেতিয়াৰ পৰা ২৯ দিনৰ পিছত আৰু ৪৫ দিনৰ ভিতৰত দ্বিতীয় পালি ভেকচিন লোৱাৰ সময় এতিয়া সমাগত৷ ‘কভিশ্বিল্ড’ ভেকচিনৰ ক্ষেত্ৰত দ্বিতীয় পালিৰ ব্যৱধান বহুখিনি বৃদ্ধি কৰাত এই বিধ ভেকচিন লোৱা সকলৰ ক্ষেত্ৰত কোনো সমস্যাৰ উদ্ভৱ হোৱা নাই যদিও ‘কভাক্সিন’ৰ ক্ষেত্ৰত দ্বিতীয় পালিৰ ব্যৱধান বৃদ্ধি নোহোৱাত এইবিধ ভেকচিন লোৱাসকলৰ সমস্যাৰ সৃষ্টি হৈছে৷ এফালে ম’বাইলত মেছেজ যোগে দ্বিতীয় পালি ভেকচিন ল’বলৈ সোঁৱৰাই দিয়া হৈছে আনফালে চৰকাৰী চিকিৎসালয়ত নাই ভেকচিনৰ যোগান৷ যদি দ্বিতীয় পালি ভেকচিন নিদিষ্ট সময়ৰ ভিতৰত লোৱা নহয় তেন্তে প্ৰথম পালি ভেকচিন অনৰ্থক হ’ব নেকি বা তাৰ কুফল ভুগিব লাগিব নেকি তাকলৈ সকলো চিন্তিত হৈ পৰিছে৷ নগাঁও চহৰৰ দুখনমান শিক্ষানুষ্ঠানত শেহতীয়াভাৱে কম পৰিমাণে দ্বিতীয় পালি ভেকচিন দিয়া হৈছে যদিও তাত হোৱা ভিৰ ফালি গাঁৱৰ পৰা গৈ একোজন অসুস্থ, বৃদ্ধ, শাৰীৰিকভাবে অক্ষম লোকে ভেকচিন লোৱাতো সম্ভৱ নহয়৷ উল্লেখ্য, নগাঁও চহৰৰ পৰা প্ৰায় আঠ- দহ কি. মি. দূৰৈৰত থকা দেওধৰ, বেবেজীয়া, ননৈ, শিঙিয়া পোটনী আদিৰ স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰথম পালি কভাক্সিন লোৱা কেইবা হাজাৰ লোকে এতিয়া দ্বিতীয় পালি ভেকচিন বিচাৰি হাহাকাৰ কৰিছে৷ জানিব পৰা মতে, নগাঁও জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিষয়টো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক আজি অৱগত কৰা হৈছে৷ সকলোৱে আশা কৰিছে দ্বিতীয় পালি কভাক্সিনৰ আশাত ৰৈ থকা সকলক ভেকচিনৰ ব্যৱস্থা কৰি উদ্বিগ্নতা দূৰ কৰিব৷
প্ৰতিবন্ধীসকলৰ বাবে ক’ভিড ভেকচিনৰ বিশেষ ব্যৱস্থা
ৰাজ্যত কৰোনাৰ প্ৰকোপ চলি থকাৰ মাজতে চৰকাৰে দিব্যাংগৰসকলৰ বাবে ভেকচিন প্ৰদানৰ বিশেষ ব্যৱস্থা কৰিছে৷ প্ৰতিবন্ধী সুৰক্ষা সমিতিয়ে বিগত ১৯ মে’ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিব্যাংগ সকলৰ যাতে কোনো ধৰণৰ কষ্ট নোহোৱাকৈ কভিড ভেকিচন দিব পাৰে এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল৷ সেই অনুসৰি এতিয়াৰে পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চকু বিভাগত দিব্যাংগ লোক সকলে ভেকচিন ল’ব পাৰিব৷ তাৰ বাবে দিব্যাংগলোক সকলে নিজৰ পৰিচয় পত্ৰ লগত নিব লাগিব৷ এই তথ্য জানিবলৈ দিয়ে দিছে প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে৷ প্ৰথম অৱস্থাত কামৰূপ গ্ৰাম্যৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্যকেন্দ্ৰত অহা ২৮ মে’ৰ পৰা ৭ মে’লৈ টিকাকৰণ কাৰ্যসূচী হাতত লৈছে৷