উন্মুক্ত গুৱাহাটী, নাই তালাচী
আমাৰ অসম, ২৬ মেঃ ৰাজ্যত ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত অব্যাহত আছে কঠোৰ বাধা নিষেধ৷ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ চহৰ অঞ্চলসমূহত দিনৰ ১২ বজাৰ পৰাই সান্ধ্য আইন বলবৎ হৈ থকাৰ বিপৰীতে আন্তঃজিলা যাতায়ততো নিষেধাজ্ঞা আৰোপ আছে৷ অৰ্থাৎ চহৰ অঞ্চলসমূহত দিনৰ ১২ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজপথত সাধাৰণ লোকৰ চলা-ফুৰাত বাধা আৰোপ কৰা হৈছে৷ কিন্তু, ক’ভিডৰ নামত সান্ধ্য আইন বাহাল থাকিলেও আৰক্ষীৰ গুৰুত্বহীনতাৰ বাবে অসাধু, অসামাজিক চক্ৰৰ দপদপনি বৃদ্ধি পোৱা দেখা গৈছে৷ এক কথাত সান্ধ্য আইনৰ সুযোগ লৈ আৰক্ষী নিষ্ক্ৰীয়তাৰ বাবেই চোৰ-দুবৃৰ্ত্তৰ টিঘিল ঘিলনিও বৃদ্ধি পোৱা দেখা গৈছে৷ আনকি দিছপুৰৰ এম এল হোষ্টেলৰ গাতে লাগি থকা দুখনকৈ বিদ্যালয়ত চোৰে চাফাই অভিযান চলাই সা-সামগ্ৰী লুট কৰি নিয়াৰ তথ্যও পোহৰলৈ আহিছে৷ ২৩ মে’ নিশা দিছপুৰৰ জনতা ভৱনৰ পিছফালে থকা ৰাজধানী এল পি স্কুলৰ লগতে মন্দাক্ৰান্তা সংগীত কাননৰ গ্ৰীলৰ তলা ভাঙি চোৰৰ দলে মূল্যবান সা-সামগ্ৰী লৈ উধাও হয়৷ আনকি নিশা গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত ড্ৰাগছ পেডলাৰে কোনো বাধা নোহোৱাকৈ চলাফুৰা কৰি নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ অভিযোগ উঠিছে৷ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সান্ধ্য আইনৰ সময়ত বিনা কাৰণতে বাহন লৈ ৰাজপথলৈ ওলাই অহা লোকৰ বিৰুদ্ধে স্মাৰ্ট আৰক্ষী কঠোৰ হ’ব বুলিও দম্ভালি মাৰিছিল৷ কিন্তু বাস্তৱত ৰাজ্যৰ আন আন জিলা সমূহৰ কথা বাদেই, খোদ গুৱাহাটীতেই যিকোনো ব্যক্তিয়ে আৰক্ষীৰ তালাচী অবিহনে নিশা নিশা ঘূৰি ফুৰিবলৈ সক্ষম হৈছে৷ নিশা ৰাজপথত গুৱাহাটীৰ কোনো স্থানতে নাথাকে আৰক্ষীৰ তালাচী৷ আৰক্ষীৰ এই নিষ্ক্ৰীয়তাৰ সুযোগ লৈয়ে অসাধু চক্ৰই ঘূৰি ফুৰাৰ অভিযোগ উঠিছে৷ নিশা ভাগত কেৱল মুখ্যমন্ত্ৰীৰ কনভয় আহিলেহে দুই এজন আৰক্ষীক ৰাজপথত দেখা যায় যদিও বাকী সময়ছোৱাত ডিজিপিৰ স্মাৰ্ট আৰক্ষীয়ে থানা-বেৰেকত শুই বহি কটোৱাৰ অভিযোগ উঠিছে৷ আনকি সান্ধ্য আইনৰ মাজতে নিশা একাংশ বাহনত উদণ্ড যুৱকৰ দলে সুৰাপান কৰি উচ্ছস্তৰত সংগীত বজাই তীব্ৰ বেগত গাড়ী চলোৱাৰ প্ৰতিযোগিতাত লিপ্ত হোৱাৰো দৃষ্টিগোচৰ হৈছে জৰুৰীকালীন সেৱাৰে জড়িত বিভিন্ন লোকৰ৷