Logo
image

অনুপস্থিত অখিলৰ ৰোগৰ তথ্য ৰাজহুৱা কৰাটো অপৰাধ

আমাৰ অসম, ২৬ মেঃ অখিল গগৈৰ অনুপস্থিতিতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধানসভাৰ মজিয়াত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মানসিক ৰোগত ভূগি থকাৰ বাবে তেওঁৰ চিকিৎসা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চলি থকা বুলি কৰা মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ মুখ্যমন্ত্ৰী যে ৰোগী এজনৰ বিষয়ে এইদৰে ৰাজহুৱাভাৱে মন্তব্য কৰিব পাৰে নে নাই তাক কেন্দ্ৰ কৰি উত্থাপিত হৈছে প্ৰশ্ন৷ বিশেষকৈ মানসিক ৰোগৰ চিকিৎসা চলি থকা লোক এজনৰ বিষয়ে ৰাজহুৱাভাৱে বিস্তৃত ব্যাখ্যা দাঙি ধৰাটো আইন বিৰুদ্ধে বুলিও বহুতে মত প্ৰকাশ কৰিছে৷ ৰাজ্যৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ নভনীল বৰুৱাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়–অখিল গগৈৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকজনে বা চিকিৎসকৰ দলটোৱে যদি তেওঁৰ চিকিৎসা সম্বন্ধীয় গোপনীয় তথ্য ৰোগীৰ অভিভাৱকৰ বাহিৰে আন অনাধিকৃত লোকক দিয়ে, তেওঁ লাগিলে মুখ্যমন্ত্ৰীয়ে নহওক কিয়, তেনে ক্ষেত্ৰত সেই চিকিৎসকজনে বা চিকিৎসকৰ দলটোৱে ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ কড অফ ইথিক্সৰ জ্জ নম্বৰ অধ্যায় উলংঘা কৰা হ’ব৷ এই ক্ষেত্ৰত অখিল গগৈ বা তেওঁৰ পৰিয়ালে যদি অভিযোগ দাখিল কৰে তেন্তে ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ জ্জ্ব নম্বৰ অধ্যায় মতে চিকিৎকসকজন বা চিকিৎসকৰ দলটো শাস্তিৰ সন্মুখীন হ’ব পাৰে৷ অৱশ্যে মুখ্যমন্ত্ৰী বা বিধায়ক এজনে সদনৰ ভিতৰত কোৱা কথা বিশেষাধিকাৰৰ আউটিত পৰে৷ যাৰ কাৰণে এনে ভাষণৰ বিৰুদ্ধে আইনৰ কাষ চাপিব নোৱাৰি৷ ৰাজহুৱা স্থান বা সদনৰ বাহিৰত অখিল গগৈৰ ৰোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰিলে অখিল গগৈ বা তেওঁৰ পৰিয়ালৰ সদস্য বা শিৱসাগৰ সমষ্টিৰ ভোটাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানীৰ গোচৰ তৰিব পাৰে৷ মুখ্যমন্ত্ৰীয়ে পদ আৰু গোপনীয়তাৰ শপত লৈছে৷ সেয়ে মুখ্যমন্ত্ৰী হিচাপে অখিল গগৈৰ ৰোগ সন্দৰ্ভত যদি কিবা কথা তেওঁ গম পায় সেয়া সদনত ব্যক্ত কৰি তেওঁ গোপনীয়তা ৰক্ষাৰ শপত উলংঘা কৰিছে৷ মেণ্টেল হেল্‌থ এক্টৰ ৩ নম্বৰ অনুচ্ছেদত কাক মানসিক ৰোগী বুলি ক’ব পাৰি আৰু যাক নোৱাৰি সেই কথা স্পষ্টভাৱে উল্লেখ আছে৷ অখিল গগৈৰ ক্ষেত্ৰত সেয়া উলংঘা কৰা হৈছে৷ আনহাতে বিধায়ক অখিল গগৈৰ চিকিৎসাৰ দায়িত্বত থকা মেডিকেল বোৰ্ডৰ অধ্যক্ষ ডাঃ পুৰজিত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত বিধায়কজনৰ অসুস্থতা সন্দৰ্ভত মত প্ৰকাশ কৰি কয়–অখিল গগৈ বিগত বৰ্ষক ১১ জুলাইত ক’ভিড পজিটিভ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছিল৷ তেতিয়াৰ পৰা বৰ্তমানলৈ তেওঁৰ বিভিন্ন চিকিৎসা চলি আছে৷ ২৪ জুলাইত তেওঁ ক’ভিড নিগেটিভ হৈছিল৷ তাৰ পিছত তেওঁক নিউ কেবিনলৈ স্থানান্তৰিত কৰা হয়৷ বৰ্তমানো তেওঁ তাতে আছে৷ পোষ্ট ক’ভিড বিভিন্ন ৰোগৰ তেওঁ আক্ৰান্ত হৈছিল৷ তেওঁৰ ডাইবেটিছ বা উচ্ছ ৰক্তচাপ নাই যদিও বহুকেইটা ৰোগত আক্ৰান্ত হৈছে৷ গেষ্ট্ৰএণ্টাৰজি, ই এন টি, কাৰ্ডিয়লজী, নিউৰচাৰ্জাৰী, চাইক্ৰেটিক, ছাৰ্জাৰী আদি বিভিন্ন বিভাগৰ অধীনত তেওঁৰ চিকিৎসা চলিছে৷ তেওঁৰ হৃদৰোগো হৈছিল৷ এটাৰ পিছত এটা বেমাৰ তেওঁ লাগি থাকে৷ তেওঁৰ ইউৰিক এছিড বহু বেছি আছিল৷ ডিস্কৰো সমস্যা আছিল৷ যাৰ কাৰণে ককালৰ প্ৰচণ্ড বিষ হৈছিল৷ আজিও বিষ হৈছে প্ৰচণ্ড৷ মানসিক ৰোগো হৈছিল৷ মানসিকভাৱে তেওঁ হতাশ হৈ গৈছিল৷ মেডিকেল বোৰ্ডৰ সন্মুখতো তেওঁ কান্দিছিল৷ ইমোশ্বনেল এফেক্ট হৈছিল তেওঁৰ৷ টোপনি নাহে৷ যোৱা নিশাও তেওঁৰ টোপনি হোৱা নাই বুলি কৈছে৷ ডিপ্ৰেছনতো ভূগিছে তেওঁ৷ চাইক্ৰেটিক বিভাগৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা চলাই আছে৷ বিভিন্ন ঔষধ খাই আছে৷ মাক আৰু ল’ৰাৰ চিন্তা হ’লে চকুৰ পানী ওলাই যায় হঠাত৷ আজি আল্ট্ৰচাউণ্ড কৰোতে কিডনীত পাথৰ ধৰা পৰে৷ পোষ্ট ক’ভিড এফেক্ট হিচাপে তেওঁ চকুৰে দেখা নপোৱা হৈছিল৷ বিভিন্ন চিকিৎসা চলি আছে বৰ্তমান৷ সম্পূৰ্ণ সুস্থ নহোৱাকৈ তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া নহ’ব৷ তেওঁক চিকিৎসালয়ত ৰাখি থোৱাৰ কাৰণ আছে৷ উল্লেখ্য যে মানসিকভাৱে এজন লোকক যদি আদালতে অসুস্থ ঘোষণা কৰে তেন্তে ভাৰতীয় সংবিধানৰ ১৯১ নম্বৰ অনুচ্ছেদ মতে সেই লোকজনৰ বিধানসভাৰ সদস্য পদ খাৰিজ হ’ব৷ ৰাজ্যপালৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব বিধায়কজনৰ সদস্য পদ খাৰিজৰ ক্ষেত্ৰত৷ অৱশ্যে বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত সেই লোকজন মানসিক ৰোগত আক্ৰান্ত হোৱাটো প্ৰমাণিত হ’ব লাগিব৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অসম বিধানসভাত ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানসিক ৰোগী বক্তব্যক গৰিহণা দিয়ে৷ বিধানসভাত অনুপস্থিত এজন বিৰোধী নেতাৰ মানসিক স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে এনে তৰল মন্তব্য ৰাজ্যৰ সৰ্বোচ্ছ পদত অধিষ্ঠিত লোক এজনৰ বাবে অত্যন্ত অশোভনীয়৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই বিবৃতিটোক অত্যন্ত অসংসদী আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মুখ্যমন্ত্ৰীয়ে মানসিক স্বাস্থ্যৰ ওপৰত কৰা তিৰ্য্যক মন্তব্যৰ উদ্বেগ প্ৰকাশ কৰিছে৷ বিশেষকৈ যেতিয়া সমাজে এতিয়াও মানসিক স্বাস্থ্যৰ বিৰুদ্ধে যুঁজ দি আছে৷ অখিল গগৈ কাৰাগাৰত থাকিব লাগে নে চিকিৎসালয়ত থাকিব লাগে বা তেওঁ বিধানসভাত উপস্থিত থাকিবলৈ পৰ্যাপ্ত উপযুক্ত হয় নে নহয় সেয়া ন্যায়ালয়ৰ বিচাৰধীন বিষয়৷