বিশ্বৰ শীৰ্ষ ৫০খন বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী আইআইটি
আমাৰ অসম, ১১ জুনঃ ‘কিউ এছ ৱ’ল্ডৰ্ ইউনিভাৰ্ছিটী ৰেংকিংছ, ২০২২’ৰ ‘ৰিছাৰ্চ চাইটেশ্বন্ছ পাৰ ফেকাল্টী’ শিতানত আই আই টি, গুৱাহাটীয়ে বিশ্বৰ শীৰ্ষৰ ৫০খন শিক্ষানুষ্ঠানৰ ভিতৰত ৪১সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আই আই টি, গুৱাহাটী অৰ্থাৎ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ এই সফলতাই স্বাভাৱিকতে অসমৰ লগতে দেশৰ শিক্ষাখণ্ডলৈ কঢ়িয়াই আনিছে সুখবৰ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত বছৰৰ ‘কিউ এছ ৱ’ল্ডৰ্ ইউনিভাৰ্ছিটী ৰেংকিংছ’ত আই আই টি, গুৱাহাটীৰ স্থান আছিল ৫৬৷ সেই অনুসৰি এইবাৰ প্ৰযুক্তি প্ৰতিষ্ঠানখন ১৫টা স্থানলৈ উন্নীত হ’বলৈ সক্ষম হয়৷ একেদৰে বিগত বৰ্ষত ৰেংকিংছৰ সমগ্ৰ শিতানৰ তালিকাত আই আই টি, গুৱাহাটীৰ স্থান আছিল ৪৭০৷ এইবাৰ সেই স্থান ৩৯৫সংখ্যকলৈ উন্নীত হয়৷ ইপিনে, কিউ এছৰ ৰেংকিং তালিকাৰ শীৰ্ষ ২০০খন বিশ্ববিদ্যালয়ৰ ভিতৰত আই আই টি, বোম্বাইয়ে ১৭৭সংখ্যক স্থান; আই আই টি, দিল্লীয়ে ১৮৫ আৰু আই আই এছ চি, বেংগালুৰুৱে ১৮৬সংখ্যক স্থান লাভ কৰে৷ আনহাতে, আই আই টি মাদ্ৰাছে ৰেংকিংছৰ সামগ্ৰিক শিতানত ২৫৫সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে আই আই টি খড়গপুৰে এই শিতানত ২৮০সংখ্যক স্থান লাভ কৰিছে৷ কিউ এছ ৱ’ল্ড ইউনিভাৰ্ছিটী ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়ে শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰখনত উজ্জীৱিত হৈ ভাৰতক ‘বিশ্বগুৰু’ৰ দিশে আগবঢ়াই নিয়াৰ বাবে গৌৰৱবোধ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকই৷ এক টুইটযোগে কেন্দ্ৰীয় মন্ত্ৰীজনে বিশ্ববিদ্যালয়কেইখনৰ কতৃৰ্পক্ষক অভিনন্দন জ্ঞাপন কৰিছে৷ একেদৰে আই আই টি গুৱাহাটীয়ে প্ৰদৰ্শন কৰা সফলতাত শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালক টি জি সীতাৰামে সকলো শিক্ষাগুৰু, বিজ্ঞানী, শিক্ষাৰ্থী আৰু বিষয়া-কৰ্মচাৰীসকলৰ শলাগ লয়৷ তেওঁ সকলোৰে সন্মিলিত প্ৰচেষ্টাৰ ফলতহে আই আই টি, গুৱাহাটীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে৷