Logo
image

এই বাৰিষাতো বুৰিব গুৱাহাটী

আমাৰ অসম, ১১ জুনঃ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত হিচাপে কিছুদিন পূৰ্বে যোগদান কৰা দেৱাশীষ শৰ্মাই ৰাজহুৱা ধনৰ অপচয় ৰোধৰ স্বাৰ্থত বাৰিষা কালত নলা-নৰ্দমাৰ চাফ-চিকুণ কাৰ্য বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অৱশ্যে অতি জৰুৰী বা প্ৰয়োজনীয় স্থানতহে চাফ-চিকুণ কাৰ্য চলি থাকিব৷ এই সন্দৰ্ভত নিগমৰ আয়ুক্ত দেবাশীষ শৰ্মাই জানিবলৈ দিয়া মতে তেওঁ ২১ মে’ত আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে৷ কিন্তু তাৰ দহ-বাৰদিনমান আগৰে পৰাই গুৱাহাটীক বানমুক্ত কৰাৰ লক্ষ্যৰে ১৩০ কোটি টকীয়া নলা-নৰ্দমা চাফ-চিকুণ কৰা আঁচনিখনৰ অধীনত কাম চলি আছিল৷ কিন্তু আয়ুক্ত শৰ্মাই সদৰি কৰা অনুসৰি বাৰিষা কালত নলা-নৰ্দমা চাফ-চিকুণ কৰা কামটো এজাক বৰষুণ দিলে অৰ্থহীন হৈ পৰে৷ কিয়নো এজাক বৰষুণ দিলে পুনৰ পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে নলা-নৰ্দমাসমূহ পুৰ কৰি পেলায় আৰু কৃত্ৰিম বানৰ সৃষ্টি কৰে৷ একেদৰে বিগত দিনকেইটাত নলা-নৰ্দমা চাফ-চিকুণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰসকলৰ ভিতৰত ৭১ জন ঠিকাদাৰে নিবিদাৰ চৰ্ত ভংগ কৰি লেহেমীয়া গতিৰে কাম কৰাৰ বাবে ন জুনত তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে৷ আনকি বাৰ জুনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে আৰু সঠিক উত্তৰ দিয়াত ব্যৰ্থ হ’লে তেওঁলোকৰ নিবিদাসমূহ বাতিল কৰা হ’ব৷ ইফালে ৰাজহুৱা ধনৰ অপচয় ৰোধৰ বাবে এইবাৰৰ পৰা বাৰিষা কাল শেষ হোৱাৰ পাছতে অক্টোবৰ বা নৱেম্বৰ মাহৰ পৰাহে গুৱাহাটীৰ নলা-নৰ্দমাসমূহৰ খনন বা চাফ-চিকুণ কৰা কাম নতুনকৈ হাতত লোৱা হ’ব৷ কিয়নো পূৰ্বৰ পৰম্পৰাগত পদ্ধতিৰে অবিজ্ঞান সন্মতভাৱে বাৰিষা কালতো নলা-নৰ্দমা চাফা কৰা কাৰ্য চলি থাকে তেন্তে পাহাৰৰ পৰা নামি অহা বোকামাটিয়ে নিমিষতে নলা-নৰ্দমা বাম কৰিব৷ ফলত বাৰিষাত পুনৰ বানত বুৰিব গুৱাহাটী মহানগৰী আৰু বানমুক্ত গুৱাহাটী আঁচনিখন ফলপ্ৰসু নহ’ব বুলি আয়ুক্ত দেবাশীষ শৰ্মাই সদৰি কৰিছে৷