শিশু-কিশোৰৰ মনৰ পৃথিৱীখনৰ খবৰ ৰাখক
ক’ভিড-১৯ সংক্ৰমণ হোৱা প্ৰায় দুবছৰ সম্পূৰ্ণ হ’ল৷ ক’ভিড-১৯ৰ বাবে আমি এনে এক পৰিস্থিতিৰ সন্মুখীন হ’ম বুলি কোনোৱে ভবা নাছিল৷ মানুহে এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিজকে খাপ খুৱাই ল’বলৈ দিগদাৰ পাইছে৷ মাস্ক পিন্ধি, ছেনিটাইজাৰ সানি থাকিবলগীয়া হোৱা পৰিস্থিতিতো মানুহে নিজকে খাপ খুৱাই লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে৷ মুঠতে এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মানুহৰ মনত ভয় ভাব সোমাই গৈছে৷ এই পৰিৱেশৰ পৰা কেনেকৈ ওলাই আহিব তাক লৈ চিন্তিত হৈছে৷ যাৰ এবাৰ ক’ভিড হৈছে তেওঁলোকে আকৌ হোৱাৰ শংকাত ভুগিছে৷ ভয় আৰু অত্যাধিক চাপত মানুহৰ মানসিক চিন্তা বাঢ়ি গৈছে৷ মানুহে হতাশাত ভোগাৰ লগতে আৰ্থিক সমস্যাৰো সন্মুখীন হৈছে৷ তদুপৰি যিসকলে পূৰ্বৰে পৰা মনোৰোগত ভুগি আছিল তেওঁলোকৰ মানসিক চিন্তা পূৰ্বতকৈ বাঢ়ি গৈছে৷ যাৰ ফলস্বৰূপে দুই এজনে আত্মহণনৰ দৰে পথ বাচি ল’বলগীয়া হোৱা ঘটনা আমাৰ সমাজত ঘটিছে৷ ক’ভিডত আক্ৰান্ত ৰোগীৰ মাজতো মানসিক চিন্তা বৃদ্ধি হোৱা দেখা গৈছে৷ তেওঁলোক সুস্থ হৈ উঠিব নে নাই সেইবোৰ মানসিক চিন্তা মনলৈ অহাৰ বাবে তেওঁলোক সুস্থ হৈ অহাৰ ক্ষেত্ৰতো নানা সমস্যাই দেখা দিছে৷ মানুহৰ মাজত ভয়, সন্দেহ ভাৱ বৃদ্ধি হৈছে৷ তদুপৰি জ্যেষ্ঠ যিসকল লোক ডিমেনচিয়াত ভুগি আছে তেওঁলোকেতো খুব বেয়াকৈ ক’ভিডৰ প্ৰভাৱত পৰিছে৷ তেওঁলোকে নিজে বুজি নাপায় নিজকে কেনেদৰে যত্ন ল’ব লাগে সেই কথা৷ ক’ভিড পৰিস্থিতিত তেওঁলোকে নানা সমস্যাৰ সন্মুখীন হৈছে যিহেতুতেওঁলোকে স্মৃতিশক্তি হেৰুৱাইছে সেইবাবে৷ শিশুসকলেও বিদ্যালয়লৈ যাব পৰা নাই বন্ধুসকলৰ সৈতে কথা পাতিব পৰা নাই৷ ঘৰতে থকা বাবে তেওঁলোকৰ শাৰীৰিক ব্যায়াম কমি গৈছে৷ তেওঁলোক সম্প্ৰতি ভাৰ্চুৱেল পৃথিৱীতে ব্যস্ত হৈ পৰিছে৷ ম’বাইলৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ ফলস্বৰূপে পৰিয়ালৰ লগত থকা আত্মীয় কমি আহিছে৷ প্ৰযুক্তিগতভাৱে কেৱল কথা বতৰা হোৱাৰ ফলতো সকলো বয়সৰ লোকৰ মাজত ক’ভিড-১৯ৰ প্ৰভাৱ পৰা দেখা গৈছে৷ মানুহৰ ‘ৰুটিন লাইফ’ নোহোৱা হৈ গৈছে যাৰ ফলত মানুহে জীৱনৰ ভাৰসাম্য হেৰুৱাইছে৷ সামাজিক, আবেগ-অনুভূতি আৰু মানসিক স্বাস্থ্যত ক’ভিড-১৯ৰ বাবে প্ৰভাৱ পৰিছে. এই পৰিস্থিতিৰ পৰা শিশু-কিশোৰসকলক উলিয়াই আনিবলৈ হ’লে আমি শিশুসকলৰ ‘ৰুটিন লাইভ’ ঘৰতো মানি চলিব লাগিব৷ তেওঁলোকক সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে বুজাব লাগিব, সময়ত খাব, সময়ত শুব আৰু সময়ত পঢ়িব দিব লাগিব৷ সিহঁতৰ লগত অভিভাৱকে অধিক সময় অতিবাহিত কৰিব লাগিব৷ তেওঁলোকৰ মানসিক অৱস্থা অভিভাৱকে বুজি উঠিব লাগিব৷ তেওঁলোকক খং-ৰাগ নকৰি বিভিন্ন সৃষ্টিমূলক কামত জড়িত কৰি পুৰস্কৃত কৰাও জৰুৰী৷ শিশুসকলেও ভাৰ্চুৱেলী জুম মিটিঙৰ জৰিয়তে নিজৰ বন্ধুসকলৰ সৈতে অনুভৱ ব্যক্ত কৰাৰ সুযোগ দিব লাগিব৷ আমি আমাৰ আপোনজনক এই ক’ভিড-১৯ৰ বাবে হেৰুৱাইছোঁ৷ কিন্তু সেই মৃত্যুৰ খবৰবোৰ যদি যিকোনো সময়তে সামাজিক মাধ্যমত মানুহে চাই থাকে তেতিয়া মানুহৰ মনত প্ৰভাৱ পৰিব পাৰে৷ গতিকে সেই সময়ত আমি এই জটিল পৰিস্থিতিৰ পৰা কেনেকৈ ওলাই আহিব পাৰোঁ সেই বিষয়ে চিন্তা-চৰ্চা কৰিব লাগে৷ ইতিবাচক দিশেৰে আগবাঢ়িব লাগে৷ তদুপৰি মানুহে এই জটিল পৰিস্থিতিটো পুৱা সোনকালে উঠি প্ৰাতঃভ্ৰমণ কৰক, যোগাভ্যাস কৰক লগতে পৰিয়াল বা আন লোকৰ সৈতে আলোচনাবোৰ কেৱল ক’ভিডত কিমান মানুহৰ মৃত্যু হ’ল তাক লৈ কৰিব নালাগে৷ আলোচনাবোৰ পূৰ্বৰ দৰে হ’ব লাগে৷ সাধাৰণ জীৱন-যাপনৰ আলোচনা হ’ব লাগে৷ এই পৃথিৱীত চিৰস্থায়ী বুলি কোৱা কথা নাই৷ আমি জীৱনত বহুতো ঘাট-প্ৰতিঘাটৰ মাজেৰে আগবাঢ়ো৷ গতিকে জীৱনত আমি আশা হেৰুৱাব নালাগে৷ নেতিবাচক চিন্তা মনলৈ আনিব নালাগে৷ আন্ধাৰৰ পাছত পোহৰ, ৰাতিৰ পাছত পুৱা হ’বই৷ আমাৰ জীৱনত নতুন সুযোগ আহিব৷ তাৰ বাবে আমি নিজৰ জীৱনটো শেষ কৰিব নালাগে৷ এই পৰিস্থিতিত আমি প্ৰতিজনে কম-বেছি পৰিমাণে ভুগিছোঁ৷ ক’ভিড ভেক্চিন ল’লে মৃত্যু হোৱা ধাৰণা ভুল৷ চৰকাৰে বিচাৰিছে দেশৰ প্ৰতিগৰাকী নাগৰিকে ভেক্চিন লওক৷ ভেক্চিন লোৱাৰ পাছত যিসকলৰ মৃত্যু হৈছিল তেওঁলোকৰ বৃক্ক, মধুমেহ আদি ৰোগত আক্ৰান্ত লোক৷ তদুপৰি যিসকলে ভেক্চিন লৈছে তেওঁলোক ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতো তেওঁলোকৰ মাজত মৃত্যুৰ হাৰ কম দেখা যায়৷ ভেক্চিনে কৰ’না হোৱাৰ ভয় কমোৱাৰ লগতে সুস্থ হৈ উঠাৰ সম্ভাৱনা অধিক বঢ়ায়৷ গতিকে মানুহে ভয় খাব নালাগে আৰু প্ৰত্যেকে ভেক্চিন ল’ব লাগে৷ ভেক্চিন লোৱা উচিত৷ ক’ভাক্সিন বেয়া, ক’ভিশ্বিল্ড ভাল সেইবোৰ ভুল তথ্যত মানুহে বিশ্বাস কৰিব নালাগে৷ চৰকাৰে মানুহৰ জীৱন ৰক্ষা কৰাৰ বাবে ক’ভিড ভেক্চিন দিয়াৰ ব্যৱস্থা কৰিছে৷ দুয়োবিধ ভেক্চিনে গৱেষণা কৰি উলিওৱা হৈছে৷ দেশৰ ক’ভিড পৰিস্থিতিৰ বাবে ৩০ৰ পৰা ৪০ শতাংশ লোক নানা ধৰণৰ মানসিক ৰোগত যেনে– হতাশা, চাপ, শিশুৰ মাজত হতাশা আদিত আক্ৰান্ত হোৱা এক সমীক্ষাত দেখা গৈছে৷ যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰত এই ধৰণৰ ৰোগ হোৱা দেখা গৈছে৷
[ডাঃ সিং গুৱাহাটীৰ হায়াট হাস্পতালৰ মনোৰোগ বিশেষজ্ঞ]