
কৌশল সলনি হ’লেও সংগ্ৰাম চলি থাকিব
আমাৰ সংগ্ৰাম অব্যাহত থাকিব৷ হয়তো সংগ্ৰামৰ ধৰণ সলনি হ’ব, কিম্বা বিষয়বস্তু৷ কিন্তু সংগ্ৰামৰ পথৰ পৰা মই আঁতৰি যোৱাৰ প্ৰশ্ন নাই৷ বিগত এবছৰ সময়ত পৰিস্থিতি বহুত সলনি হ’ল৷ চৰকাৰে ইতিমধ্যে ‘কা’ প্ৰণয়ন কৰিলে৷ অসমত ব্যাপকভাৱে ‘কা’ৰ বিৰুদ্ধে আন্দোলন হোৱা স্বত্বেও ‘কা’ সমৰ্থন কৰা চৰকাৰখনেই পুনৰ শাসনলৈ আহিল৷ এবছৰৰো অধিক দিন কাৰাগাৰত থকাৰ ফলত মই সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত নহয়৷ ইমানদিনে যথেষ্ট কম-পৰিমাণে খবৰবোৰ পাই আছিলো৷ তিহাৰ কাৰাগাৰৰ ভিতৰত বন্দী হৈ থকাৰ সময়ত ‘কা’ আন্দোলন, ‘কা’ৰ প্ৰণয়ন, পৰিবৰ্তিত পৰিস্থিতিত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এই আইনখনক কেনেদৰে গ্ৰহণ কৰিছে, অসমৰ বাহিৰে ‘কা’ বিৰুদ্ধে আন্দোলন হোৱা ৰাজ্য বা অঞ্চলসমূহত ‘কা’ক কেনেদৰে গ্ৰহণ কৰিছে– সেই সন্দৰ্ভত মই বিশদভাৱে নাজানো৷ প্ৰকৃততে জেলত বন্দী হৈ থকাৰ সময়ত ইয়াৰ পৰিণাম আৰু পৰিণতি যিদৰে পুংখানুপুংখভাৱে জনাটো সম্ভব নহয়, সেইদৰে ইয়াৰ প্ৰভাৱ দেশত কেনেদৰে পৰিছে তাকো মই ভালদৰে জানিব পৰা নাই৷ আচলতে জানিবলৈ সুবিধা পোৱা নাই৷ জেলৰ ভিতৰত থাকোতে এই সন্দৰ্ভত সামান্য খবৰহে পাইছিলো৷ মুকলি আকাশৰ তললৈ ওলাই অহা কেইদিনমানহে হৈছে৷ এই কেইদিনত ইটোৰ পাছত সিটো ইণ্টাৰভিউ, তাৰ মাজতে আদালতত চলি থকা গোচৰ সন্দৰ্ভত উকিলৰ সৈতে আলোচনা, শুভাকাংক্ষীৰ প্ৰতি সহাঁৰি জনাই থকাৰ বাবে আন্দোলনৰ পৰৱৰ্তী কাৰ্যপন্থাক লৈ গভীৰভাৱে চিন্তা কৰাৰ সময় আৰু সুযোগ পোৱা নাই৷ এই সন্দৰ্ভত মই অসম, উত্তৰ পূৰ্বাঞ্চলৰ আন্দোলনকাৰী, দিল্লী দেশৰ আন আন ঠাইৰ আন্দোলনকাৰী আৰু নেতৃত্বৰ সৈতে কথা পাতিম৷ ‘কা’ৰ প্ৰভাৱ প্ৰত্যেকখন স্থানত ভিন ভিন৷ অসমত জাতি-জনগোষ্ঠীৰ ক্ষেত্ৰত, খিলঞ্জীয়া, ফেডাৰিলিজম, অধিকাৰ আৰু উত্তৰ ভাৰতৰ ক্ষেত্ৰত মুছলিমৰ পাৰ্ছপেক্টিভ’ আছে৷ ‘কা’ৰ ফলত নাগৰিকত্ব সন্দৰ্ভত বৃহৎ প্ৰশ্নও উত্থাপন হৈছে৷ বিষয়টোক লৈ গভীৰভাৱে আলোচনা কৰিম৷ তাৰ মাজতে নিজৰ গৱেষণাৰ কামো সম্পূৰ্ণ কৰিব লাগিব৷ এটা বছৰৰ কাৰাবাসে মোক গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিলে৷ সেয়ে মই বিনাদ্বিধাই কঁও– সংগ্ৰাম অব্যাহত থাকিব৷ কেৱল সংগ্ৰামৰ ধৰণ সলনি হ’ব পাৰে৷
দিল্লী উচ্ছ ন্যায়ালয়ে যিদৰে ইউ এ পিএ বা ‘আনল’ফুল এক্টিভিটিজ [প্ৰিভেনচন] এক্ট’ সন্দৰ্ভত বিশদ বিশে¡ষণ কৰি সন্ত্ৰাসবাদ আৰু আমাৰ গণতান্ত্ৰিক আন্দোলনৰ মাজত এদাল অতি স্পষ্ট ৰেখা আঁকি দিলে, তাক লৈ মই কৃতজ্ঞ৷ আচলতে ইউ এ পি এ অতি কঠোৰ আইন৷ এটা এটাকৈ তিনিটা প্ৰাৰম্ভিক গোচৰত মই জামিন পোৱাৰ পাছত আৰক্ষীয়ে ইউ এ পি এ আইন জাপি দিছিল৷ এই আইনত বন্দী অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ৬মাহলৈ অভিযোগনামা দাখিল নকৰাকৈ থাকিব পাৰে৷ জামিন লাভ কৰা দুৰঅস্ত৷ কিমান দিন কাৰাবাস খাটিব লাগিব তাৰ কোনো নিশ্চয়তা নাই৷ সেয়া কেইবাবছৰো হ’ব পাৰে৷ সেয়ে ইউ এ পি এ জাপি দিয়াৰ পাছতো দিল্লী উচ্ছ ন্যায়ালয়ে যে আমাক জামিন প্ৰদান কৰিলে, সেয়া প্ৰথমে বিশ্বাস কৰিবলৈকে টান লাগিছিল৷ এতিয়া লাহে লাহে দিল্লী উচ্ছ ন্যায়ালয়ৰ সেই নিৰ্দেশ পঢ়িছো৷ মহামান্য আদালতে আমাৰ গণতান্ত্ৰিক আন্দোলনৰ পন্থা আৰু ইউ এ পি এ আমাৰ ওপৰত ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ আন্দোলনৰ সৈতে থকা পাৰ্থক্য ইমান স্পষ্টভাৱে বিভাজন কৰি দেখুৱাইছে, যাৰ ফলত আমাৰ জামিন সম্ভৱ হ’ল৷ ইউ এ পি এ-ৰ ক্ষেত্ৰত কোৱা হয় ‘বেইল ইজ এন এক্সেপচন’৷ জামিন তেনেই দুৰূহ৷ কিন্তু দিল্লী উচ্ছ ন্যায়ালয়ৰ এই অতি ব্যতিক্ৰমী আৰু বিশদ বিশে¡ষণৰ বাবে আমাৰ জামিন সম্ভৱ হ’ল৷ তিহাৰ জে’লত এবছৰ কটোৱাৰ সময়ত ঘৰৰ আৰু পৰিয়ালৰ লোকৰ পৰা যি খবৰ পাইছিলো, অন্যান্য উৎসৰ পৰাও যি খবৰ পাইছিলো, একাংশ সংবাদমাধ্যমে আমাক ক্ৰিমিনেল ঘোষণা কৰি দিছিল৷ মেইনষ্টি˜ম মিডিয়াৰ কথা নকওঁ, যিহেতু মই সবিশেষ খবৰ পোৱা নাছিলো, কিন্তু ছ’চিয়েল মিডিয়াৰ একাংশই আমাক, আমাৰ নিজৰ ৰাজ্যতে অপৰাধী বুলি ঘোষণা কৰিছিল৷ মিডিয়াৰ সামগ্ৰিক ভূমিকা ‘কা’ আন্দোলন আৰু তাৰ পৰৱৰ্তী সময়ত সিমান সুখকৰ নহয়৷ ৰাষ্ট˜ীয় পৰ্যায়ৰ মিডিয়াই এতিয়া স্পষ্টভাৱে এটা পক্ষ গ্ৰহণ কৰিছে৷ সেয়া লুকুৱাই ৰাখিব পৰা নহয়, বৰং দিনৰ পোহৰৰ দৰে সত্য৷ গোদী মিডিয়া বুলি আখ্যা পোৱা দেশৰ গৰিষ্ঠসংখ্যক সংবাদ মাধ্যমৰ সাম্প্ৰতিক ভূমিকা এতিয়া চৰমভাৱে একপক্ষীয়, নিৰপেক্ষ নহয়৷ ইয়াৰ ফলত গণতন্ত্ৰৰ এটা স্বাধীন স্তম্ভত প্ৰচণ্ড জোকাৰণি উঠিছে৷ দেশৰ ‘ইণ্ডিপেণ্ডেণ্ট পিলাৰটো’ত হোৱা জোকাৰণি মুঠেই ভাল লক্ষণ নহয়৷ প্ৰকৃততে মিডিয়াৰ প্ৰথম আৰু মূল চৰ্তটোৱেই হ’ল স্বাধীনচেতা হ’ব লাগে৷ নিজস্ব মত থাকিব লাগে৷ এতিয়া কিন্তু ‘মেইনলেণ্ড’ৰ গোদী মিডিয়াই এটা নিৰ্দিষ্ট পক্ষৰ মতবাদহে প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে৷ তদুপৰি যিকোনো আন্দোলনকাৰীৰ বিৰুদ্ধে দেশদ্ৰোহী, আতংকবাদী অভিধা লগাই দিয়াটো এতিয়া মিডিয়াত তেনেই সুলভ হৈ পৰিছে৷ আমাৰ ক্ষেত্ৰতো আৰক্ষীৰ অভিযোগনামাৰ একোটা অংশ ‘লিক’ কৰি তেনে শব্দ মিডিয়াত ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু আদালতে কঠোৰতা প্ৰদৰ্শন কৰাৰ পাছলৈ সেয়া বন্ধ হ’ল৷
এইখন চৰকাৰৰ দিনত আমি যিটো মানসিকতা দেখি আহিছো, হিন্দুত্ব, ফেচিষ্ট মনোবৃত্তিৰ তাৰ বহু কাৰ্যকলাপ হিটলাৰৰ সৈতে মিলে৷ হিন্দুত্বৰ যিটো আদৰ্শ এতিয়াৰ চৰকাৰখনে আগবঢ়াই নিছে, তাত তেওঁলোকে নাৰীকো এটা ৰূপতে সীমাবদ্ধ থকাটো বিচাৰে৷ যেনে ভাৰত মাতা বুলি নাৰীকো তেওঁলোকে পুজা কৰি থাকিব কিন্তু নাৰীয়ে প্ৰতিবাদ কৰিব নোৱাৰিব৷ পুজা লৈয়েই সন্তুষ্ট থাকিব লাগিব৷ ‘কা’ আন্দোলনত যিদৰে মুছলিম মহিলা ওলাই আহিছিল, আমাৰ দৰে যিদৰে ছাত্ৰীয়ে আন্দোলন কৰিছিল, সেইটো তেওঁলোকৰ হিন্দুত্বৰ ‘ফ্ৰেম’ত খাপ নাখায়৷ সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে৷ সেয়ে তেওঁলোকৰ বিৰুদ্ধে আমাৰ আন্দোলন বৃহৎ প্ৰত্যাহ৩ান হৈ পৰিছিল৷ আৰ এছ এছ-ৰ যি ভাবাদৰ্শ, তাত আমাৰ প্ৰতিবাদ, আমাৰ কাৰ্যকলাপ ‘ফিট’ নহয়৷
জে’লত যেতিয়া আছিলো, তেতিয়া বুৰঞ্জীয়ে আমাক সাহস দিছিল৷ হিটলাৰৰ কাৰ্যকলাপৰ কথা মনলৈ আহিছিল৷ ঘূৰি পকি এটা কথাই মনলৈ আহিছিল, হিটলাৰে তেওঁৰ মতবাদ প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল, সৰ্বোচ্ছ শক্তি ব্যৱহাৰ কৰিছিল, কিন্তু অৱশেষত তেওঁ হাৰ মানিবলগীয়া হৈছিল৷ এতিয়া মই যোৱা এবছৰত যি শাস্তি মুৰ পাতি ল’বলগীয়া হ’ল, সেয়া মই এটা বিচ্ছিন্ন ঘটনা হিচাপে লোৱা নাই৷ ইতিহাসত এনে ঘটনা বহুতো আছে৷ অনেকেই বিশ্বত যুগ যুগ ধৰি প্ৰতিবাদৰ বাবে শাসকৰ পৰা শাস্তি মুৰ পাতি লবলগীয়া হৈছে৷ তেনে বহুতে পোৱা শাস্তিৰ তুলনাত মই পোৱা শাস্তি সামান্য বুলিয়েই ভাবিছো৷ আন্দামানৰ ছেলুলাৰ জেলতো সৰু সৰু কুঠৰীত এসময়ত শাসকে প্ৰতিবাদকাৰীক বন্দী কৰি ৰাখিছিল৷ কিন্তু তেওঁলোকৰো শেষ ৰক্ষা নহ’ল৷ জয় আন্দোলনকাৰীৰে হ’ল৷ স্বাভাৱিকভাৱেই আমাৰ এতিয়া দায়িত্ব অধিক বাঢ়িল৷ আন্দোলনৰ সময়তো আমি শ্ল’গান দিছিলো– জো হিটলাৰ কি চাল চলেগা, ৱ’ হিটলাৰ কি মৌত মৰেগা৷ সেয়া স্মৰণ কৰি আমাৰ সংগ্ৰাম অব্যাহত থাকিব৷