Logo
image

ভেক্‌চিন ল’লে বিমান ভাৰাত ৰেহাই

আমাৰ অসম, ২৪ জুনঃ ক’ভিড মহামাৰীৰ বিৰুদ্ধে ভাৰতবাসীয়ে অব্যাহত ৰখা যুদ্ধত বেলেগ উপায়েৰে অংশগ্ৰহণ কৰিছে ইণ্ডিগো এয়াৰলাইন্‌ছে৷ ভাৰতৰ সৰ্ববৃহৎ দেশীয় বিমান সেৱা ইণ্ডিগোৰ মুখ্য ৰাজহ বিষয়া সঞ্জয় কুমাৰে সদৰী কৰা মতে, ক’ভিড প্ৰতিষেধক ল’বৰ বাবে সকলোকে উৎসাহিত কৰাৰ উদ্দেশ্যে ক’ভিডৰ প্ৰতিষেধক লোৱাসকলৰ বাবে ইণ্ডিগো বিমান কতৃৰ্পক্ষই আগবঢ়াইছে বাম্পাৰ অফাৰ৷ সেইসূত্ৰে ইণ্ডিগো বিমানত ভ্ৰমণ কৰা ১৮ বছৰৰ ঊধবৰ্ৰ ভাৰতীয়সকলৰ বাবে আগবঢ়োৱা হৈছে বিশেষ সুবিধা৷ সঞ্জয় কুমাৰে জনোৱা মতে, ১৮ ঊধবৰ্ৰ যিসকল ভাৰতীয়ই ক’ভিড প্ৰতিষেধক লৈছে সেইসকলৰ বাবে ইণ্ডিগোৰ বিমান ভাৰাত ১০ শতাংশ ৰেহাই ঘোষণা কৰা হৈছে৷ অৱশ্যে তাৰ বাবে বিমানযাত্ৰীসকলে কেতবোৰ পূৰ্বচৰ্ত পূৰণ কৰিব লাগিব৷ প্ৰথম কথা বিমানযাত্ৰীজন ভাৰতীয় হ’ব লাগিব আৰু তেওঁ ভাৰতৰ ভিতৰতে ক’ভিডৰ যিকোনো প্ৰতিষেধকৰ অন্ততঃ এটা পালি ল’ব লাগিব৷ দেশীয় আৰু আন্তৰ্জাতিক দুয়োধৰণৰ বিমান সেৱাৰ ক্ষেত্ৰতে এই সুবিধা গ্ৰহণ কৰিব পাৰিব ১৮ ঊধবৰ্ৰ ভাৰতীয়ই৷ এই সুবিধা লাভৰ ক্ষেত্ৰত বিশেষ কোনো জটিলতা নাই৷ যিসকল বিমানযাত্ৰীয়ে ক’ভিডৰ প্ৰতিষেধক লৈছে, সেইসকলে ইণ্ডিগো বিমানৰ টিকট ক্ৰয় কৰাৰ সময়ত তাৰ প্ৰমাণ দাখিল কৰিলেই বিমান ভাৰাত দহ শতাংশ ৰেহাই দিয়া হ’ব৷