Logo
image

এক কিলোগ্ৰাম আমৰ দাম ৩ লাখ টকা!

আমাৰ অসম, ২৪ জুনঃ এক কিলোগ্ৰাম আমৰ দাম ৩ লাখ টকা৷ দাম শুনি সাধাৰণ মানুহৰ কেৱল হাতেই নহয়, সমগ্ৰ দেহতেই পোৰণি উঠিব৷ কিন্তু চকু কপালত উঠিলেও এয়াই সত্য৷ বিশ্বৰ সবাতোকৈ দামী আম হিচাপে পৰিগণিত এই আমবিধৰ নাম হৈছে মিয়াজাকি৷ মূলতঃ জাপানত এইবিধ আম পোৱা যায়৷ কিন্তু এতিয়া ভাৰততো এই প্ৰজাতিৰ আম লাগিছে৷ মধ্য প্ৰদেশৰ জবলপুৰৰ এটা দম্পতীৰ বাৰীত এই ধুনীয়া আম লমা-লমে লাগিছে৷ এই আম চাবলৈ মানুহৰ সোঁত বৈছে৷ বহুতে এই আম কিনিবলৈ বিচাৰিছে যদিও দিয়া নাই তেওঁলোকে৷ এই আমৰ বীজ সংৰক্ষণ কৰি তাৰপৰা অধিক এনে আমৰ পুলি ৰোৱাৰ পৰিকল্পনা কৰিছে দম্পতীটোৱে৷ তেওঁলোকে কিছু বছৰৰ আগেয়ে চেন্নাইলৈ যোৱাৰ সময়ত এই আমৰ দুটা পুলি আনি ৰুইছিল৷ এজন লোকে তেওঁলোকক এই আমৰ পুলি দুটা দি নিজৰ সন্তানৰ প্ৰতিপাল কৰিবলৈ পৰামৰ্শ দিছিল৷ তেওঁলোকে আমৰ পুলি দুটা ভালদৰে প্ৰতিপালন কৰাত এতিয়া দুয়োজোপাতে মিয়াজাকি আম লাগিবলৈ ধৰিছে৷ এটা আমৰ ওজনেই হৈছে প্ৰায় আধা কিলো৷ টিক-টিকিয়া ৰঙা আৰু আৰু মাজে মাজে বেঙুনীয়া ৰং ধৰা এই আমবিধ জাপানত দামী উপহাৰ হিচাপে দিয়া হয়৷ দুটা আমতে এক কিলোৰো অধিক হয় আৰু ইয়াৰ এক কিলোগ্ৰামৰ দাম হ’ল তিনি লাখ টকা৷ ১৯৭০-৮০ চনৰ পৰাই জাপানত এইবিধ আমৰ খেতি আৰম্ভ হৈছিল৷ এতিয়া মধ্য প্ৰদেশৰ এই দম্পতীয়ে আমবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ পহৰাদাৰীও ৰাখিছে৷ ৬টা কুকুৰো ৰাখিছে পহৰাৰ বাবে৷