Logo
image

অভিনেত্ৰী য়ামী গৌতমলৈ ই-ডিৰ চমন

আমাৰ অসম, ৪ জুলাইঃ বিদেশী মুদ্ৰা সংক্ৰান্তীয় অনিয়মত লিপ্ত হোৱাৰ অভিযোগত অভিনেত্ৰী য়ামী গৌতমক এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে চমন জাৰি কৰিছে৷ বৃহস্পতিবাৰে ই-ডিয়ে অভিনেত্ৰীগৰাকীলৈ এই চমন প্ৰেৰণ কৰে৷ সেই অনুসৰি অহা ৭ জুলাইত য়ামীয়ে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তকাৰী বিষয়াৰ সন্মুখীন হ’ব লাগিব৷ জানিব পৰা মতে ফ’ৰেইন এক্সচেঞ্জ মেনেজমেণ্ট আইনৰ ভিত্তিত ই ডিয়ে অভিনেত্ৰী গৰাকীলৈ চমন জাৰি কৰিছে৷ য়ামীৰ বিৰুদ্ধে অভিযোগ– এটা ব্যক্তিগত খণ্ডৰ বেংকত থকা একাউণ্টৰ জৰিয়তে তেওঁ বিদেশী মুদ্ৰা সংক্ৰান্তীয় আইন উলংঘা কৰিছে৷ যাৰ বাবে তেওঁক তদন্তকাৰী বিষয়াৰ মুখামুখি হ’বলৈ কোৱা হৈছে৷ অৱশ্যে এই ক্ষেত্ৰত অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷