Logo
image

জাহাজ, জলপথ মন্ত্ৰীৰ দায়িত্ব কি

আমাৰ অসম, ৯ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত অৰ্পণ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বিভাগটোৰ গুৰুত্ব যথেষ্ট বেছি৷ বিজেপিৰ অন্যতম জ্যেষ্ঠ আৰু প্ৰভাৱশালী নেতা নীতিন গাডকাৰী ইয়াৰ পূৰ্বে এই বিভাগটোৰ দায়িত্বত আছিল৷ গাডকাৰীৰ পৰা আনি বিভাগটোৰ দায়িত্ব সোণোৱালক অৰ্পণ কৰে প্ৰধানমন্ত্ৰীয়ে৷ দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত বিভাগটোৰ প্ৰভূত অৰিহণা আছে৷ বৃহৎ বৃহৎ সাগৰীয় বন্দৰ, জাহাজ চলাচল, জাহাজ নিৰ্মাণ, জাহাজ মেৰামতি, ৰাষ্ট্ৰীয় জলপথ আৰু আভ্যন্তৰীণ জল পৰিবহণ আদি বিষয়সমূহ মূলতঃ মন্ত্ৰণালয়ে চোৱাচিতা কৰে৷ পূৰ্বতে এই বিভাগটো সামৰিক পৰিবহণ বিভাগ নামেৰে চিহ্নিত আছিল৷ বিভাগটোৰ অধিকাংশ কাম-কাজ সাগৰক কেন্দ্ৰ কৰি৷ কলকাতা, পাৰাদ্বীপ, বিশাখাপট্টনম, চেন্নাই, কোচিন, মেংগালোৰ, মুম্বাই, দীনদয়াল বন্দৰ, কলকাতাৰ বন্দৰ কৰ্মচাৰী ব’ৰ্ড আদি এই মন্ত্ৰণালয়ৰ অন্তৰ্গত৷ আনহাতে, মুম্বাইত মুখ্য কাৰ্যালয় থকা শ্বিপিং কৰ্প’ৰেশ্বন, কোচিন শ্বীপয়াৰ্ড লিমিটেড, চেণ্ট্ৰেল ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপ’ৰ্ট কৰ্প’ৰেশ্বন, হুগলী ডক এণ্ড প’ৰ্টছ ইঞ্জিনিয়াৰিং, ইণ্ডিয়ান প’ৰ্ট ৰে’ল এণ্ড ৰোপৱে কৰ্প’ৰেশ্বন, ইণ্ডিয়ান প’ৰ্ট গ্লোবেল লিমিটেড, সেতু সমুদ্ৰম কৰ্প’ৰেশ্বন আদি বিভিন্ন সংস্থা সোণোৱাল নেতৃত্বাধীন বিভাগটোৰ অন্তৰ্গত৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিভাগটোৰ অধীনত বন্দৰ আৰু পোতাশ্ৰয় নিৰ্মাণ আৰু ইয়াৰ চোৱাচিতাৰ ক্ষেত্ৰত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমোদন দিছে৷ বন্দৰ, আভ্যন্তৰীণ জলপথ, আভ্যন্তৰীণ বন্দৰৰ উন্নয়ন, ৰক্ষণাবেক্ষণ আৰু চলোৱাৰ ক্ষেত্ৰত চৰকাৰে ১০ বছৰৰ বাবে কৰ ৰেহাই ঘোষণাও কৰিছে৷ সাগৰীয় পথেদি বিদেশৰ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে হোৱা বেহা-বেপাৰ এই বিভাগটোৰ প্ৰত্যক্ষ তত্বাৱধানত হয়৷ মন্ত্ৰণালয়টোৰ অধীনত থকা এটা গুৰুত্বপূৰ্ণ বিভাগ হ’ল আন্তৰ্জাতিক সহযোগিতা শাখা৷ বিদেশী ৰাষ্ট্ৰৰ সৈতে সাগৰীয় ক্ষেত্ৰত সহযোগিতাৰে কাম কৰা, বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা আদি এই শাখাটোৰ কাম৷ আছিয়ান, ইউৰোপিয়ান ইউনিয়ন আদিৰ দেশসমূহৰ সৈতে সহযোগিতাৰে সাগৰ পথত কাম কৰে সংশ্লিষ্ট মন্ত্ৰণালয়টোৱে৷ ‘সাগৰমালা’ নামৰ এক অভিলাসী প্ৰকল্পৰ অধীনত বন্দৰৰ আধুনিকীকৰণ, নতুন বন্দৰ নিৰ্মাণ, বন্দৰৰ যোগাযোগ উন্নয়ন, বন্দৰকেন্দ্ৰিক উদ্যোগীকৰণ, উপকূলীয় অঞ্চলৰ উন্নয়ন আদি কাম-কাজসমূহ চোৱাচিতা কৰে মন্ত্ৰণালয়ে৷ উল্লেখ্য, এই মন্ত্ৰণালয়টোৰ দায়িত্ব লাভ কৰি সৰ্বানন্দ সোণোৱাল যথেষ্ট সুখী৷