Logo
image

হোৱাট্‌ছএপে স্থগিত ৰাখিলে বিতৰ্কিত নীতি

আমাৰ অসম, ১০ জুলাইঃ ভাৰতৰ কেন্দ্ৰী চৰকাৰে গোপনীয়তা আইন বলৱৎ নকৰা পৰ্যন্ত হোৱাটছএপে তেওঁলোকৰ বিতৰ্কিত গোপনীয়তা নীতি স্থগিত ৰখা বুলি দিল্লী উচ্ছ ন্যায়ালয়ে জনাইছে৷ মেছেজিং এপটোৰ বিতৰ্কিত নীতিক লৈ তদন্তৰ নিৰ্দেশ দিছিল ‘কম্পিটিশ্বন কমিছন অৱ ইণ্ডিয়া’ই৷ হোৱাটছএপ আৰু ফেচবুকক তেওঁলোকৰ নীতি সম্পৰ্কে জনাবলৈ জাননী জাৰি কৰিছিল উক্ত কমিছনে৷ এই সিদ্ধান্তৰ বিৰুদ্ধে দুয়োটা সংগঠন দিল্লী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ কিন্তু সেই আবেদন উচ্ছ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে খাৰিজ কৰি দিছিল৷ আদালতে জনাইছিল যে, এই বিষয়টোক লৈ উচ্ছতম ন্যায়ালয়ত গোচৰ চলি আছে৷ সেয়ে তেওঁলোকে এই গোচৰ গ্ৰহণ নকৰে৷ তদুপৰি যোৱা মাহত কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্ছ ন্যায়ালয়ক জনাইছিল যে হোৱাটছএপে নিজস্ব ব্যক্তিগত গোপনীয়তা নীতি ভাৰতত ব্যক্তিগত তথ্য সংৰক্ষণ বিধেয়ক আইনত পৰিণত হোৱাৰ পূৰ্বেই বলৱৎ কৰিবলৈ চেষ্টা চলাইছে৷ সেয়া ভাৰতীয় নীতিৰ পৰিপন্থী৷ উল্লেখ্য, ফেব্ৰুৱাৰীৰ আৰম্ভণিতে হোৱাটছএপৰ ‘ডাটা শ্বেয়াৰিং’ নীতি বলৱৎ কৰাৰ কথা আছিল৷ কিন্তু তীব্ৰ হেঁচাত পৰি তেওঁলোকে সেই পদক্ষেপ স্থগিত ৰাখিবলৈ বাধ্য হৈছিল৷ এতিয়া হোৱাটছএপৰ সেই কাৰ্য সম্পূৰ্ণৰূপে স্থগিত ৰখা হ’ল৷ অন্ততঃ ভাৰতত ব্যক্তিগত গোপনীয়তা ৰক্ষা আৰু ডাটা শ্বেয়াৰিং সম্পৰ্কিত বিধেয়কখন আইনত পৰিণত নোহোৱা পৰ্যন্ত হোৱাটছএপে এই সংক্ৰান্তত কোনো পদক্ষেপ গ্ৰহণ নকৰে৷ দিল্লী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙৰ বিচাৰপীঠত শুকুৰবাৰে হোৱাটছএপে তেওঁলোকৰ এই নীতি কাৰ্যকৰী নকৰাৰ বিষয়ে শপতনামা দাখিল কৰি ঘোষণা কৰে৷ হোৱাটছএপৰ লৈ প্ৰখ্যাত আইনজীৱী হৰিশ ছালভেই যুক্তি প্ৰদৰ্শন কৰিছিল৷ আনহাতে ফেচবুকৰ লৈ আদালতত উপস্থিত থাকে দেশৰ আগশাৰীৰ অধিবক্তা মুকুল ৰোহাটগী৷