Logo
image

কাইলৈ মেছি বনাম নেইমাৰ ক্লাছিক

আমাৰ অসম, ১০ জুলাইঃ একে সময়তে চলি আছে দুখন মহাদেশীয় ফুটবল টুৰ্নামেণ্ট৷ আৰম্ভণিৰ সময়ছোৱাত কোপা আমেৰিকাৰ তুলনাত ইউৰো কাপক লৈহে ফুটবলপ্ৰেমীৰ আছিল অধিক আকৰ্ষণ৷ কিন্তু হঠাৎ লেটিন আমেৰিকাৰ টুৰ্নামেণ্টখন হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু৷ কাৰণটো হৈছে বিশ্ব ফুটবলৰ দুই ছুপাৰ পাৱাৰ ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ মাজৰ প্ৰতিদ্বন্দ্বিতা৷ দেওবাৰে কোপা আমেৰিকাৰ ফাইনেলত মুখামুখি হ’ব নেইমাৰৰ ব্ৰাজিল আৰু লিঅ’নেল মেছিৰ আৰ্জেণ্টিনা৷ এটা সময়ত মেছি আৰু নেইমাৰ আছিল স্পেনিছ ক্লাব বাৰ্চিলোনাৰ সতীৰ্থ৷ বাৰ্চিলোনাৰ আক্ৰমণ বিভাগৰ মূল শক্তি হৈ পৰিছিল এই দুই তাৰকা৷ একেলগে খেলাৰ বাবে দুয়োৰো মাজত গঢ় লৈ উঠিছিল বন্ধুত্ব৷ ক্লাব সলনি হ’লেও মেছি আৰু নেইমাৰৰ বন্ধুত্ব কিন্তু আগৰ দৰেই আছে৷ কিন্তু দেশৰ হৈ প্ৰতিদ্বন্দ্বিতাত মুখামুখি হোৱাৰ সময়ত বন্ধুত্বৰ কথা পাহৰি তেওঁলোক হৈ পৰে ‘ঘোৰ শত্ৰু’৷ ভাৰতীয় সময় মতে দেওবাৰে পুৱা ৫.৩০ বজাত মাৰাকানা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া কোপা আমেৰিকাৰ ফাইনেলখনতো এই দুই বন্ধুৰ প্ৰতিদ্বন্দ্বিতাক লৈ এতিয়া ব্যাপক উৎকণ্ঠা ফুটবলপ্ৰেমীৰ মাজত৷ ইয়াৰ পূৰ্বে ২০০৭ চনত কোপা আমেৰিকাৰ ফাইনেলত মুখামুখি হৈছিল ব্ৰাজিল আৰু আৰ্জেণ্টিনা৷ সেইবাৰ ব্ৰাজিলৰ হাতত ৩-০ গ’লত পৰাস্ত হৈছিল আৰ্জেণ্টিনা৷ দুবছৰ পূৰ্বে কোপা আমেৰিকাৰ ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বিতা হৈছিল দুই প্ৰতিবেশী দেশৰ আৰু সেইবাৰো ব্ৰাজিলৰে জয় হৈছিল ২-০ গ’লত৷

যদি কোপা আমেৰিকাৰ পৰিসংখ্যালৈ চোৱা হয়, তেন্তে দেখা যাব যে ৯বাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা হৈছে ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ মাজত, আৰু ফলাফলৰ ক্ষেত্ৰত আগস্থানত আছে আৰ্জেণ্টিনা৷ সাতবাৰ আৰ্জেণ্টিনা জয়ী হোৱাৰ বিপৰীতে কেৱল দুবাৰহে শেষ হাঁহি বিৰিঙিছে ব্ৰাজিলিয়ানৰ মুখত৷ ২৮বাৰ ফাইনেল খেলি এতিয়ালৈকে ১৪বাৰ চেম্পিয়ন হৈছে আৰ্জেণ্টিনা৷ তাৰ বিপৰীতে ২০বাৰ ফাইনেল খেলি ৯বাৰ চেম্পিয়ন হৈছে ব্ৰাজিল৷ পৰিসংখ্যা আৰ্জেণ্টিনাৰ পক্ষত থাকিলেও এইবাৰ মেছিৰ আৰ্জেণ্টিনাক জয়ৰ সুযোগ দিয়া নহ’ব বুলি ইতিমধ্যে সতৰ্ক কৰিদিছে নেইমাৰে৷ ফাইনেলত ষ্ট্ৰাইকাৰ গেব্ৰিয়েল জেছাছক দলত পোৱা নাযাব যদিও দশমবাৰৰ বাবে কোপা আমেৰিকাৰ খিতাপ জয়ৰ বাবে মাৰ বান্ধিছে ব্ৰাজিলে৷ আৰু আৰ্জেণ্টিনা? ১৯৯৩ চনৰ পাছত দলটোৱে কোনো বৃহৎ টুৰ্নামেণ্ট জয় কৰিব পৰা নাই৷ ক্লাব ফুটবলত মেছি সফল হ’লেও ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সময়ত মেছিক তেওঁৰ স্বাভাৱিক ছন্দত দেখা নাযায় বুলি প্ৰায়েই অভিযোগ শুনা যায়৷ এই অভিযোগ মিছা বুলি প্ৰমাণ কৰিব বিচাৰে ৩৩ বছৰীয়া মেছিয়ে৷ আৰ্জেণ্টিনাক কোপা আমেৰিকাৰ ফাইনেলত উপনীত কৰোৱাত মেছিৰ বহুখিনি অৱদান আছে৷ তাৎপৰ্যপূৰ্ণভাৱে প্ৰথমবাৰৰ বাবে কোনো প্ৰতিযোগিতাৰ ফাইনেলত প্ৰতিদ্বন্দ্বী হিচাপে দেখা যাব মেছি আৰু নেইমাৰক৷ দুই বন্ধুৰ এই যুঁজত শেষ হাঁহি কোনে মাৰিব? সময়েহে দিব ইয়াৰ উত্তৰ৷