Logo
image

বিক্ৰী হ’ব ৭টা বন্দৰ, সৰ্বানন্দৰ বাবে প্ৰত্যাহ্বান

আমাৰ অসম, ১০ জুলাইঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰা কেন্দ্ৰীয় মন্ত্ৰিত্ব কিমান গুৰুত্বপূৰ্ণ আৰু এই মন্ত্ৰণালয়ৰ জৰিয়তে অসম লাভান্বিত হ’বনে নহয় সেই বিতৰ্ক অব্যাহত থাকোতেই নতুন মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ সন্মুখত উপস্থিত হোৱা প্ৰথম প্ৰত্যাহ্বান হৈছে ৭টা বন্দৰৰ বেচৰকাৰীকৰণ৷ ফলত প্ৰথম পদক্ষেপৰ জৰিয়তেই কেৱল প্ৰত্যাহ্বান নহয়, কটু সমালোচনাৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে নতুনকৈ দায়িত্ব লোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জল পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ কিয়নো যোৱা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা চলিত বিত্তীয় বৰ্ষৰ বাজেটত দেশৰ ৭টা বৃহৎ বন্দৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত লৈছিল৷ এতিয়া মোদী চৰকাৰে নতুন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কান্ধত বন্দুক থৈয়েই দেশৰ ৭টা বৃহৎ বন্দৰ বেচৰকাৰী কোম্পানীৰ ওচৰত বিক্ৰী কৰিব আৰু চৰকাৰে এই নিৰ্বিয়োজনৰ জৰিয়তে সংগ্ৰহ কৰিব ২,৫৫১ কোটি টকা৷ কোনো সন্দেহ নাই, দেশৰ সাতটাকৈ বন্দৰ বেচৰকাৰী কোম্পানীৰ ওচৰত বিক্ৰী কৰাৰ ক্ষেত্ৰত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিৰোধী ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনৰ পৰা তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হ’ব৷ সেই প্ৰত্যাহ্বান তেওঁ কেনেকৈ চম্ভালে সেয়া লক্ষণীয় হ’ব৷ প্ৰত্যাহ্বান আৰু প্ৰতিৰোধৰ সমান্তৰালভাৱে সমালোচনাৰ উদ্ভৱ হোৱাৰ নিশ্চিত কাৰণ হৈছে, এই সাতটা বন্দৰৰ একাধিক বন্দৰৰ মালিক হৈ পৰিব পাৰে গৌতম আদানি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক থকা আৰু একে ৰাজ্য গুজৰাটৰে মূল বাসিন্দা গৌতম আদানিৰ শেহতীয়া ৭ বছৰৰ যাদুকৰী উত্থানক লৈ সততে মিডিয়া আৰু বিৰোধী দল সৰৱ হৈ থাকে৷ বহু বন্দৰৰ অধিকাৰী গৌতম আদানিৰ নাম নতুন ৭টা বন্দৰৰ ক্ৰয়ৰ সৈতে জড়িত হৈ পৰাৰ লগে লগে সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰণালয় অৱধাৰিতভাৱে সংবাদ শিৰোনামলৈ উঠি আহিব৷ আদানি গ্ৰুপৰ প্ৰতিটো পদক্ষেপতে বিৰোধী ৰাজনৈতিক দল আৰু অনেক সংগঠনে চকু ৰাখে আৰু সততে গৌতম আদানি সংবাদ মাধ্যমত বাতৰিৰ শীৰ্ষত থাকে৷ এই ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নঘটিব৷ উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৭টা বৃহৎ বন্দৰ বেচৰকাৰীকৰণ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছত ইতিমধ্যে বন্দৰকেইটা চিহ্নিত কৰা হৈছে৷ এতিয়ালৈকে সেই বন্দৰকেইটা পৰিচালিত হৈ আছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা৷ চিহ্নিত বন্দৰকেইটা আৰু তাৰ বিক্ৰী মূল্য হৈছে– ১] জৱাহৰলাল নেহৰু পৰ্ট, ৮৬৩ কোটি টকা, ২৷ দীনদয়াল পৰ্ট, ৩০০ কোটি টকা, ৩৷ চিদাম্বৰানাৰ পৰ্ট, ৪৩৫ কোটি টকা, ৪৷ ভি অ’ চি পৰ্ট, ৪২০ কোটি টকা, ৫৷ পাৰাদ্বীপ পৰ্ট, ৭৫ কোটি টকা, ৬৷ বিশাখাপট্টনম পৰ্ট, ২৮৮ কোটি টকা, ৭৷ জে এন পিটি পৰ্ট, ১৭০ কোটি টকা৷ উল্লেখ্য, বন্দৰ, পোতাশ্ৰয়ৰ নিৰ্মাণ আৰু তদাৰকীৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ মুকলি কৰি দিছে৷ সেয়ে যি সাতটা বৃহৎ বন্দৰ চলিত বিত্তীয় বৰ্ষত মোদী চৰকাৰে বিক্ৰী কৰিব সেই বন্দৰ বিদেশী কোম্পানীয়েও ক্ৰয় কৰিব পাৰিব৷ নৰেন্দ্ৰ মোদী চৰকাৰে যিহেতু বাজেটত নিৰ্ধাৰণ কৰা ২,৫৫১ কোটি টকা বন্দৰ বিক্ৰী কৰি চলিত বছৰতে আহৰণ কৰিব আৰু সেই কাম পিছ পৰিবলৈ নিদিয়ে, সেয়ে সৰ্বানন্দ সোণোৱালৰ বাবে মন্ত্ৰণালয় চম্ভালিয়েই প্ৰথম কাম হ’ব বন্দৰ বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰা৷ অন্যান্য কাম তেওঁ পাছে-পৰে কৰিব৷