Logo
image

পেগাছাছ ‘পাৰম্পৰ্য’

আমাৰ অসম, ২১ জুলাইঃ ইজৰাইলী চোৰাংচোৱা ব্যৱস্থা স্পাইৱেৰ পেগাছাছ নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ আগশাৰীৰ সাংবাদিক, বিৰোধী ৰাজনীতিক, ব্যৱসায়ী আৰু সমাজকৰ্মীৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ অভিযোগ তুলি মঙলবাৰে দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলে লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰে৷ সোমবাৰেও পেগাছাছৰ জৰিয়তে দেশত মোদী চৰকাৰে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত সংসদত বিৰোধী ৰাজনৈতিক দলসমূহে তীব্ৰ প্ৰতিবাদ কৰিছিল৷ মঙলবাৰে অধিৱেশনৰ পূৰ্বেই কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বাঁওপন্থী দল, আৰজেডি, ডিএমকেৰ সকলো সাংসদে ৰণনীতি যুগুতাবৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰে৷ ইয়াৰ পাছতে সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে আন সকলো বিষয় বন্ধ কৰি ৰাখি পেগাছাছৰ জৰিয়তে চৰকাৰে চলোৱা চোৰাংচোৱাগিৰি সন্দৰ্ভত আলোচনা কৰিবলৈ বিৰোধী দলসমূহে জাননী জাৰি কৰে৷ চৰকাৰী পক্ষই এই বিষয়ত আলোচনা কৰিবলৈ অসন্মতি প্ৰকাশ কৰাত তীব্ৰ হুলস্থূলৰ সৃষ্টি হয় আৰু সংসদৰ কাৰ্যক্ৰমণিকা দুই বজালৈ স্থগিত ৰাখিবলৈ অধ্যক্ষ ওম বিৰলা বাধ্য হয়৷ পুনৰ দুই বজাত সংসদৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ’লেও বিৰোধী দলসমূহ তেওঁলোকৰ দাবীত অটল থাকে৷ এনে পৰিস্থিতি সত্ত্বেও অৱশ্যে চৰকাৰী পক্ষই পেগাছাছৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ সন্দৰ্ভত সংসদত আলোচনা নকৰাৰ স্থিতিত অটল হৈ ৰয়৷ সেই পৰিস্থিতিত সকলো বিৰোধী ৰাজনৈতিক দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰে৷

উল্লেখ্য, ২০১৮-১৯ চনৰ মাজৰ এটা দীৰ্ঘ সময় নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ বিৰোধী ৰাজনৈতিক দলৰ অসংখ্য নেতা, চৰকাৰ বিৰোধী বাতৰি লিখা আৰু প্ৰকাশ কৰা কমেও ৪০ জন আগশাৰীৰ সাংবাদিক, বহুকেইজন প্ৰখ্যাত ব্যৱসায়ী, কেইবাজনো চৰকাৰৰ সমালোচক সমাজকৰ্মী আৰু আনকি কেন্দ্ৰীয় চৰকাৰৰ দুজন মন্ত্ৰীৰ পেগাছাছ চোৰাংচোৱা ব্যৱস্থাৰ জৰিয়তে ফোন কল ৰেকৰ্ড কৰিছিল বুলি ভয়ংকৰ অভিযোগ উঠিছিল৷ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে কৰা এই চোৰাংচোৱাগিৰিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে ইজৰাইলী চোৰাংচোৱা ব্যৱস্থা স্পাইৱেৰ পেগাছাছ ব্যৱহাৰ কৰিছিল বুলি ২০১৯ চনতে অভিযোগ উঠিছিল৷ পুনৰ সেই অভিযোগ আৰু চৰকাৰে পেগাছাছৰ জৰিয়তে ফোন কল ৰেকৰ্ড কৰা সাংবাদিক, ৰাজনীতিক আৰু ব্যৱসায়ীকে ধৰি বহুসংখ্যক লোকৰ নাম দেওবাৰ আৰু সোমবাৰে দ্য ৱায়াৰ নামৰ এটা পৰ্টেলে প্ৰকাশ কৰাত তীব্ৰ হুলস্থূলৰ সৃষ্টি হয়৷ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে পেগাছাছৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ স্বীকাৰো কৰা নাই আৰু অস্বীকাৰো কৰা নাই৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ তথ্যপ্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে সংসদত কৈছিল যে, ভাৰতত কাৰোবাৰ ফোন কল ৰেকৰ্ডিং কৰাটো আইনগতভাৱে বৈধ৷ দেশৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে আইন অনুসৰি তেনেদৰে ফোন কল ৰেকৰ্ডিং কৰে৷

সমগ্ৰ দিন ধৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে পেগাছাছ চোৰাংচোৱা ব্যৱস্থা ব্যৱহাৰ কৰাৰ অভিযোগত দেশ আৰু সংসদ উত্তাল হৈ থকাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ সময়ৰ ক্ষেত্ৰত ষড়যন্ত্ৰ থকা বুলি অভিহিত কৰিছে৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ মতে এয়া ভাৰতৰ বিৰুদ্ধে বিদেশী শক্তিৰ ষড়যন্ত্ৰ আৰু সেই ষড়যন্ত্ৰত দেশৰ কিছুমান ৰাজনৈতিক কাৰবাৰীয়ে সমৰ্থন যোগাইছে৷ তাৎপৰ্যপূৰ্ণভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীও পেগাছাছ চোৰাংচোৱা ব্যৱস্থা চৰকাৰে ব্যৱহাৰ কৰা-নকৰাৰ সন্দৰ্ভত কৌশলপূৰ্ণভাৱে মন্তব্য কৰাৰ পৰা আঁতৰি আছে৷ বিৰোধী দলৰ তীব্ৰ আক্ৰমণ চম্ভালিবলৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এটা বিবৃতিত কৈছে– ‘আপোনালোকে ঘটনাৰ পাৰম্পৰ্য [ক্ৰম] উপলব্ধি কৰক৷ সাধাৰণতে এনে ধৰণৰ শব্দ বিশেষ গুৰুত্ব নিদিয়াৰ ভংগীতে ব্যৱহাৰ কৰি থাকো৷ কিন্তু এতিয়া এই শব্দ সাধাৰণভাৱে নহয়, সম্পূৰ্ণ গুৰুত্ব সহকাৰেই ব্যৱহাৰ কৰিছো৷ এই প্ৰতিবেদন প্ৰকাশ কৰাৰ বাবে যিটো সময় বাছি লোৱা হৈছে তাৰ পিছত স্পষ্ট উদ্দেশ্য আছে৷ আপোনালোকে তাৰ ক্ৰম [পাৰম্পৰ্য] চালেই সেয়া উপলব্ধি কৰিব পাৰিব৷’ অমিত শ্বাহৰ মতে, কিছুসংখ্যক আন্তঃৰাষ্ট্ৰীয় সংস্থাই ভাৰতৰ অগ্ৰগতি সহ্য কৰিব পৰা নাই৷ তেওঁলোকেই এই ষড়যন্ত্ৰ আৰম্ভ কৰিছে৷ তাত সমৰ্থন যোগাইছে ভাৰতৰ কিছুমান ৰাজনৈতিক বেপাৰীয়ে৷ সেই ৰাজনৈতিক বেপাৰীবোৰৰ হাতত সুযোগ তুলি দিয়েই আন্তঃৰাষ্ট˜ীয় সংস্থাবোৰে এই ধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছে৷ দেশবাসীয়ে এইটো ভালদৰেই বুজিব পাৰিছে যে, কিয় এই সময়ত এই প্ৰতিবেদন প্ৰকাশ কৰা হ’ল৷ উল্লেখ্য, একেৰাহে দুদিন ধৰি ইজৰাইলৰ গুপ্তচৰ ব্যৱস্থা মোদী চৰকাৰে ব্যৱহাৰ কৰাক লৈ যিদৰে সংসদৰ বাহিৰে-ভিতৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া কাইলৈকো অব্যাহত থকাটো নিশ্চিত৷ মোদী চৰকাৰে এই সন্দৰ্ভত শীৰ্ষ মন্ত্ৰীৰ জৰিয়তে সংসদত বক্তব্য উত্থাপন কৰিবনে নকৰে সেয়া এই মুহূৰ্তত লক্ষণীয় বিষয় হৈ পৰিছে৷