Logo
image

শিল্পাই একো নাজানে! ৰাজৰ জবানবন্দী

আমাৰ অসম, ২৩ জুলাইঃ বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক পৰ্ন ভিডিঅ’ কাণ্ডত জড়িত থকাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছত নতুন নতুন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে৷ বৃহস্পতিবাৰে ৰাজ কুন্দ্ৰা আৰু শিল্পা ছেট্টিৰ বাসগৃহত অভিযান চলাই মুম্বাই আৰক্ষীয়ে ৭০টা পৰ্ন ভিডিঅ’ জব্দ কৰে৷ অভিযান কালত মুম্বাই আৰক্ষীয়ে ৰাজ-শিল্পাৰ বাসগৃহৰ পৰা এটা ছাৰ্ভাৰো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইপিনে, ৰাজ কুন্দ্ৰাৰ অসামাজিক ব্যৱসায়ত পত্নী শিল্পা ছেট্টীৰ ভূমিকাক লৈও বিভিন্নজনৰ মনত সন্দেহৰ সৃষ্টি হৈছে৷ তদন্তকাৰী আৰক্ষীয়ে ৰাজ কুন্দ্ৰাৰ পৰ্ন ভিডিঅ’ কাণ্ডৰ সৈতে পত্নী শিল্পা ছেট্টীৰ এতিয়ালৈকে কোনো যোগসূত্ৰ বিচাৰি নোপোৱা বুলি উল্লেখ কৰিলেও সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে পৰীক্ষা কৰি আছে মুম্বাই আৰক্ষীয়ে৷ ইয়াৰ মাজতে আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক আদালতত হাজিৰ কৰোৱাত তেওঁৰ পত্নী অভিনেত্ৰী শিল্পা ছেট্টী পৰ্ন কাণ্ডৰ সৈতে অৱগত নহয় বুলি নিজৰ জবানবন্দীত প্ৰকাশ কৰে৷ কিন্তু কুন্দ্ৰাৰ এই ভাষ্য কোনো কাৰণতে মানি ল’ব খোজা নাই তদন্তকাৰী আৰক্ষীৰ লগতে একাংশই৷  বৃহস্পতিবাৰে ৰাজ-শিল্পাৰ বাসভৱনৰ পৰা আৰক্ষীয়ে ৭০ টাকৈ পৰ্ন ভিডিঅ’ উদ্ধাৰ কৰাত কুন্দ্ৰাৰ অভিনেত্ৰী পত্নীও শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে বুলি একাংশই ধাৰণা কৰিছে৷ কিয়নো পত্নীৰ অজ্ঞাতে ৰাজ কুন্দ্ৰাই দীঘলীয়া দিন ধৰি অশ্লীল ছবিৰ ব্যৱসায় চলাই থকাটো কোনেও সহজভাৱে ল’ব পৰা নাই৷ এনেক্ষেত্ৰত ৰাজ কুন্দ্ৰাৰ পৰ্ন-কাণ্ডৰ সৈতে শিল্পা ছেট্টীৰ নাম সাঙোৰ খাই পৰাটো প্ৰায় খাটাং৷ ইপিনে, বৃহস্পতিবাৰে জব্দ কৰা পৰ্ন ভিডিঅ’সমূহ ৰাজ কুন্দ্ৰাই তেওঁৰ প্ৰাক্তন সচিব উমেশ কামাটৰ জৰিয়তে বিভিন্ন প্ৰডাকশ্বন হাউছৰ নামত নিৰ্মাণ কৰা বুলি দাবী কৰিছে মুম্বাই আৰক্ষীয়ে৷ আৰক্ষীয়ে লাভ কৰা তথ্যমতে গুগ’ল প্লেষ্টোৰৰ পৰা ৰাজ কুন্দ্ৰাৰ ‘হটশ্বট এপ আঁতৰাই পেলোৱাৰ পাছত এই ভিডিঅ’সমূহ ৰাখিবলৈ আন সংৰক্ষিত স্থানৰ সন্ধানত আছিল ৰাজ কুন্দ্ৰা৷ তদুপৰি কিছুমান ছফ্‌ট ভিডিঅ’ নিৰ্মাণৰো পৰিকল্পনা লৈছিল কুন্দ্ৰাই৷ উমেশ কামাট আৰু ৰাজ কুন্দ্ৰাৰ ৱাটছএপ ছাটৰ পৰা মুম্বাই আৰক্ষীয়ে এই তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ইপিনে, ৭০টা পৰ্ন ভিডিঅ’ৰ সৈতে জব্দ কৰা ছাৰ্ভাৰটো আৰক্ষীয়ে ফৰেনছিক লেৱৰেটৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে৷ এই ছাৰ্ভাৰটোৰ জৰিয়তেই পৰ্ন ভিডিঅ’সমূহ ৰাজ কুন্দ্ৰাই তেওঁৰ বৃটেইনস্থিত ‘কাৰনিন’ কোম্পানীলৈ প্ৰেৰণ কৰিছিল নেকি সেয়া ফৰেনছিক পৰীক্ষাৰ জৰিয়তে নিশ্চিত হ’ব তদন্তকাৰী আৰক্ষী৷ তদুপৰি কুন্দ্ৰাৰ ভিয়ান ইণ্ডাষ্ট্ৰী আৰু জে এল ষ্ট্ৰিম নামৰ  প্ৰতিষ্ঠান দুটাত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পৰ্নগ্ৰাফী ছবিৰ ব্যৱসায় সংক্ৰান্তীয় আন ভালেমান বিস্ফোৰক তথ্য৷ আৰক্ষীয়ে প্ৰকাশ কৰামতে ৰাজ কুন্দ্ৰাই ‘কাৰনিন এপ’ত আপলোড কৰা পৰ্ন ভিডিঅ’ৰ ক্লিপিংছ সমূহৰ ‘ছাবস্ক্ৰিপছন পেণ্ট’ সম্পৰ্কে সহযোগী প্ৰদীপ বক্সীৰ সৈতে কৰা আলোচনাৰ বিস্তাৰিত তথ্যও উদ্ধাৰ কৰা হৈছে৷ উল্লেখ্য যে, ২০২০ চনৰ শেষৰ পিনে গুগল প্লে’ষ্টোৰ আৰু এপেলৰ এপ ষ্টোৰৰ পৰা ‘হটশ্বট’ এপ আঁতৰাই দিয়া হৈছিল৷ এই বিষয়ে ৰাজ কুন্দ্ৰাক আত্মীয় তথা তেওঁৰ অবৈধ ব্যৱসায়ৰ সহযোগী প্ৰদীপ বক্সীয়ে ই-মেইল যোগে অৱগত কৰিছিল৷ ইয়াৰ উত্তৰত কুন্দ্ৰাই প্ৰদীপ বক্সীক চিন্তা কৰিবলৈ মানা কৰাৰ লগতে শীঘ্ৰেই ‘প্লেন-বি’ৰ কাম আৰম্ভ কৰাৰ বিষয়ে জনাইছিল৷ ২/৩ সপ্তাহৰ ভিতৰত ভিডিঅ’সমূহ নতুন এপ আই অ’ এছ আৰু এণ্ড্ৰয়ড প্লেটফোৰ্মত ‘লাইভ’ হ’ব বুলি সহযোগী প্ৰদীপ বক্সীক অৱগত কৰিছিল ৰাজ কুন্দ্ৰাই৷ ‘ৱাটছএপ’ যোগে হোৱা এই সমস্ত কথোপকথন এতিয়া আহি পৰিছে মুম্বাই আৰক্ষীৰ হাতত৷ মুম্বাই আৰক্ষীয়ে দাবী কৰামতে এই অবৈধ ব্যৱসায়ৰ যে মূল পৰিকল্পনাকাৰী ৰাজ কুন্দ্ৰাই সেই বিষয়ে তেওঁলোকৰ হাতত পৰ্যাপ্ত প্ৰমাণ মজুত আছে৷ ইপিনে, পৰ্ন-কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই ৰাজ কুন্দ্ৰাৰ সাতটা বেংক একাউণ্ট ছীল কৰি দিছে৷ জানিব পৰামতে এই একাউণ্ট সমূহত সাত কোটিৰো অধিক টকা জমা আছে৷ ইপিনে, গ্ৰেপ্তাৰৰ হাত সাৰিবলৈ আৰক্ষীক ২৫ লাখ টকাৰ উপঢৌকন আগবঢ়াইছিল শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই৷ আৰক্ষীয়ে প্ৰকাশ কৰামতে পৰ্ন কাণ্ডত অভিযুক্ত যশ ঠাকুৰ নামৰ আন এজনৰ জৰিয়তে এই উপঢৌকন আগবঢ়াইছিল ৰাজ কুন্দ্ৰাই৷ উল্লেখ্য যে ৰাজকুন্দ্ৰাৰ ‘হটশ্বট’ এপৰ দৰেই ‘নিউফ্লিক্স’ নামৰ এটা এপৰ জৰিয়তেও চলিছিল পৰ্ন ভিডিঅ’ৰ ব্যৱসায়৷ এই সমস্ত দিশসমূহক লৈ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে৷ উল্লেখ্য যে প্ৰায় ২৬০০ কোটি টকাৰ গৰাকী ৰাজ কুন্দ্ৰাই বছৰি ১২০ কোটি টকা উপাৰ্জন কৰিছিল৷ বিগত বৰ্ষত কৰ’না কালৰ লকডাউনৰ পূৰ্বে পৰ্ন ভিডিঅ’ৰ জৰিয়তে তেওঁ দৈনিক ২/৩ লাখ টকা উপাৰ্জন কৰিছিল যদিও পৰৱৰ্তী সময়ত দৈনিক উপাৰ্জনৰ পৰিমান ৮/৯ লাখ টকালৈ বৃদ্ধি পায়৷ ইপিনে, ৰাজ কুন্দ্ৰাৰ অধিবক্তা আবেদ পাণ্ডাই তেওঁৰ মোক্কেলৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰি ৰাজ কুন্দ্ৰাৰ দ্বাৰা নিৰ্মিত ভিডিঅ’সমূহ পৰ্নগ্ৰাফীৰ শাৰীত নপৰে বুলি উল্লেখ কৰে৷ অধিবক্তাজনৰ মতে তথ্য প্ৰযুক্তি আইনৰ ৬৭ [ক] ধাৰা মতে ছবিত শাৰীৰিক সম্পৰ্ক স্থাপন কৰা দেখুৱালেহে সেয়া পৰ্নগ্ৰাফী বুলি ক’ব পাৰি৷ অন্যথা সেই ছবিসমূহ অশ্লীল ছবি বুলি অভিহিত হ’ব৷ এনেক্ষেত্ৰত অধিবক্তাজনৰ দাবী– ৰাজ কুন্দ্ৰাই পৰ্নগ্ৰাফী নিৰ্মাণ কৰা নাই বৰঞ্চ ৱেব ছিৰিজহে নিৰ্মাণ কৰিছে৷ স্মৰ্তব্য যে অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে পৰ্নগ্ৰাফী নিৰ্মাণৰ অভিযোগ লাভ কৰিছিল যোৱা ফেব্ৰুৱাৰী মাহতে৷ উক্ত অভিযোগৰ ভিত্তিতে অনুসন্ধান চলাই মুম্বাই আৰক্ষীয়ে সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰৰ পাছত কুন্দ্ৰাক আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক ২৩ জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷