Logo
image

১ আগষ্টৰ পৰা গুৱাহাটীত বন্ধ অ’লা-উবেৰ!

আমাৰ অসম, ২৬ জুলাইঃ অ’লা, উবেৰ দুই বহিৰাগত প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কেব চালকসকল৷ পহিলা আগষ্টৰ পৰা অ’লা উবেৰ নচলে গুৱাহাটীত৷ বহিৰাগত প্ৰতিষ্ঠান অ’লা, উবেৰ সামূহিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেব চালকসকলে-দেওবাৰে দিছপুৰ প্ৰেছক্লাবত সদৌ অসম কেব মজদুৰ সংঘ আৰু সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে সংগঠন দুটাৰ বিষয়ববীয়াসকলে৷ সংবাদমেলযোগে সদৌ অসম কেব মজদূৰ সংঘৰ মুখপাত্ৰ ধ্ৰুৱ ৰাজ অসমে সংবাদমেলযোগে কয়–অ’লা, উবেৰে কেৱল লুণ্ঠন চলাইছে৷ তেওঁলোকে আমাক পূৰ্বে দিয়া ইনছেনটিভ আৰু কমিছন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে৷ এই পৰিস্থিতিৰ বাবে মহানগৰীৰ অনলাইন কেবৰ লগত জড়িত চালক সকলৰ লগতে যাত্ৰীসকলেও জীয়াতু ভুগিব লগীয়া হৈছে৷ তেওঁলোকে বিগত ছয় বছৰ ধৰি কৰা ব্যৱসায়ৰ জৰিয়তে কেৱল লুণ্ঠন চলাইছে৷ আমি দিনটো বাহন চলাই প্ৰয়োজনীয় উপাৰ্জনখিনি কৰিব নোৱাৰি বাহনৰ ই এম আই দিয়াত ব্যৰ্থ হোৱাৰ লগতে নিজৰ পৰিয়াল ভৰণ পোষণ দিয়াত ব্যৰ্থ হৈছো৷ যাৰ পৰিণতিত বহুতো বাহন বিত্তীয় কোম্পানী সমূহে টানি লৈ গৈছে আৰু বাহনৰ নথিপত্ৰ সমূহৰ নৱীকৰণ কৰাত ব্যৰ্থ হৈছো৷ আমি অ’লা, উবেৰ কতৃৰ্পক্ষৰ পৰা দুই লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰিছোঁ৷ সেয়ে আমি সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেব মজদূৰ সংঘ মিলিত হৈ নতুন পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে৷ আমি শ্ৰমৰ উচিত মূল্য বিচাৰিছোঁ৷ আমাৰ আন্দোলনৰ প্ৰতি অ’লা, উবেৰ কতৃৰ্পক্ষই কোনো গুৰুত্ব আৰোপ নকৰিলে৷ তেওঁলোকে প্ৰথমে আমাক প্ৰলোভন দিলে তাৰপাছত লুণ্ঠনৰাজ চলালে৷ ১৫ আগষ্টত আমাৰ দেশৰ স্বাধীনতা দিৱস আৰু এই মাহতে আমি অ’লা, উবেৰক বিদায় দি তেওঁলোকৰ পৰা স্বাধীন হ’ব বিচাৰিছোঁ৷ আমি সৰ্বসন্মতি মৰ্মে থলুৱা কোম্পানী পেইণ্ডিয়াত অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷  এই থলুৱা কোম্পানীয়ে এঘাৰ মাহলৈ আমাক ৫০০ টকাৰ ওপৰৰ ভাড়াত মাত্ৰ ১০০ টকা কাটিব৷ লগতে মুঠ ৫ শতাংশ জি এছ টি কাটিব৷ এই কোম্পানীৰ জৰিয়তে আমাৰ বাবে বিশেষ সুবিধা থকাৰ লগতে যাত্ৰীৰ বাবেও বিশেষ সুবিধা থাকিব৷ ইয়াৰ পুৰ্বে অ’লা আৰু উবেৰে প্ৰতিজন চালকৰ পৰা এশ টকাত ২৫ শতাংশৰ ঠাইত ৪০ শতাংশ কমিচন কাটিছিল৷ আমি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আমাৰ প্ৰতি দয়াশীল হ’বলৈ অনুৰোধ জনালোঁ৷ লগতে আমাৰ গাড়ী সমূহৰ নৱীকৰণৰ সময়সীমা ছয় মাহলৈ বৃদ্ধি কৰিবলৈ অনুৰোধ জনালোঁ৷ আনহাতে কিছুমান ব্যক্তিগত গাড়ী চলি থাকি আমাৰ ব্যৱসায় লোকচানত ইন্ধন যোগাইছে৷ তেওঁলোকে এবাৰ কৰ পৰিশোধ কৰিলে হয়৷ এই ক্ষেত্ৰত নিশ্চয়কৈ পৰিবহণ বিভাগ জড়িত থাকি এই গাড়ী সমূহ অবৈধভাবে চলি থকাত সহায় কৰিছে৷ সংবাদমেলযোগে সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ভাস্কৰজ্যোতি তালুকদাৰে কয়–বহিৰাগত প্ৰতিষ্ঠান অ’লা আৰু উবেৰে কেব চালকসকলৰ লগতে যাত্ৰী সকলকো বিশ্বাসঘাটকতা কৰিছে৷ আমি এতিয়া থলুৱা পেইণ্ডিয়াত অন্তভুক্তৰ্ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷ ইতিমধ্যে গুৱাহাটীৰ পাঞ্জাৱৰীৰ থলুৱা প্ৰতিষ্ঠান পেইণ্ডিয়াই আমাৰ এখন যৌথ চুক্তি পত্ৰ তথা চালকৰ ৰক্ষা কবচ সম্পূৰ্ণৰূপে মানি লৈছে৷ পহিলা আগষ্টৰৰ পৰা পেইণ্ডিয়া এপ’ৰ যোগেদিহে মহানগৰীবাসীয়ে কেব বুক কৰিব পাৰিব৷ পূৰ্বে কেব ১৬ হাজাৰ চালকে গাড়ী চলাই আছিল অ’লা, উবেৰৰ অধীনত৷ ৬০০০ হাজাৰ চালক ইতিমধ্যেই অন্তভুক্তৰ্ হৈছে পেইণ্ডিয়াত৷ ক’ভিডৰ জটিল সময়ত ১০ হাজাৰ কেব চালক ইতিমধ্যে নিবনুৱা হৈছে৷ যাত্ৰীৰ বাবে পেইণ্ডিয়াত থাকিব বিশেষ সুবিধা৷ তদুপৰি যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় বুলি আমাৰ সম্পূৰ্ণ আত্মবিশ্বাস আছে৷ সংবাদমেলত সংগঠন দুটাৰ বিষয়ববীয়া কেশৱ গোস্বামী, ৰূপাংকৰ তালুকদাৰ, অঞ্জন কলিতা আদি উপস্থিত থাকে৷