শূন্যৰ পৰা ৰাজসভালৈ
আমাৰ অসম, ২৭ জুলাইঃ প্ৰবল ইচ্ছাশক্তি, ধৈৰ্য আৰু একাগ্ৰতাই মানুহক লক্ষ্যস্থানত উপনীত হোৱাত সহায় কৰে৷ কঠোৰ পৰিশ্ৰমেৰে আৰ্থিক দীনতাক নেওচি যাবলৈ তথা আত্মবিশ্বাসে মানুহৰ মনোবল বৃদ্ধি কৰাত সহায় কৰে৷ কঠোৰ পৰিশ্ৰমৰ ফলতে অসমত এজন জনপ্ৰতিনিধি নিৰ্বাচিত হৈ অসম বিধানসভাৰ মজিয়াত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ সেই জনপ্ৰতিনিধিজন হৈছে বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায়৷ তেওঁৰ যাত্ৰাপথৰ কাহিনী ‘আমাৰ অসম’ক এনেদৰে কয়– ‘মই শূন্যৰ পৰা আৰম্ভণি কৰি আজিৰ পৰ্যায় পাইছোঁ৷ ৰাইজৰ আশীষৰ বাবে মই এই পৰ্যায়ত উপনীত হৈছোঁ৷ ৰাজনৈতিক, ক্ষেত্ৰখনত মই যথেষ্ট অজ্ঞ৷ ৰাইজে মোক বিশ্বাসত লৈছে৷ সেইবাবে আজি মই বিধানসভাত বহিবলৈ পাইছোঁ৷ ইয়াৰ সমষ্টিবাসীক কৃতজ্ঞতা জনাইছোঁ৷ ২০১৫চনত মোৰ ছেপ্টিচেমিয়া হৈছিল৷ গুৱাহাটীৰ পলিক্লিনিক হাস্পতালত মই চিকিৎসাধীন হৈছিলোঁ৷ মই তেতিয়া মাত্ৰ দুঘণ্টামান জীয়াই থাকিম বুলি চিকিৎসকে কৈছিল৷ মোক তেতিয়া ৰাজনীতিকে সহায় কৰিব বুলি কৈছিল যদিও মই ৰাজনীতিকৰ ধনেৰে চিকিৎসা কৰিব বিচৰা নাছিলোঁ৷ মই তেতিয়া ছাত্ৰ সংগঠনত জড়িত আছিলোঁ৷ হয়তো মোৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ মোক ৰাজনীতিকে সহায় কৰিব বিচাৰিছিল৷ মই নৱম শ্ৰেণীৰ পৰা বেংগলী ফেডাৰেশ্বনত জড়িত আছিলোঁ৷ মোৰ বেমাৰৰ খবৰ ল’বলৈ প্ৰতিদিনে ৬০০ৰ পৰা ৭০০লোকৰ সমাগম হৈছিল৷ মোৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ১২লাখ টকাৰ সমষ্টিবাসী ৰাইজে এৰাতিৰ ভিতৰতে ৯ লাখ টকা যোগাৰ কৰি দিছিল৷ সেই ধনেৰে মোক এয়াৰ এম্বুলেঞ্চেৰে চেন্নাইলৈ নি তাত চিকিৎসা কৰা হয়৷ সেয়ে মই দুটা জনম লৈছোঁ বুলি ক’লে ভুল কোৱা নহ’ব৷ এটা জনম মোক পিতৃ-মাতৃয়ে আৰু এটা জনম মোক সমষ্টিবাসী ৰাইজে দিছে৷ সেয়ে মই সমষ্টিবাসী ৰাইজৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ তেওঁলোকৰ হৈ মই কাম কৰি যাম৷ সমষ্টিৰ উন্নয়ন কৰি যাবলৈ মই দায়বদ্ধ৷ বিধায়ক হোৱাৰ পূৰ্বৰ পৰা জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে সহায় কৰি আছোঁ আৰু বিধায়ক হোৱাৰ পাছতো কৰিম৷ মই নিজে বিধায়ক হ’ম বুলি ভবা নাছিলোঁ৷ নিৰ্বাচন খেলা সহজ কথা নাছিল৷ সেইসময়ত উগ্ৰপন্থীৰ সমস্যা আছিল৷ ২০১৬ চনত এজন ভাল ব্যক্তিক বিধায়ক কৰাৰ উদ্দেশ্য আছিল৷ ২০১৬ চনৰ নিশা ২বজাত মই মনোনয়ন-পত্ৰ দাখিল কৰিছিলোঁ৷ মই সেইবাৰ পৰাজিত হৈছিলোঁ৷ মই বৰ দুখীয়া ঘৰৰ ল’ৰা৷ সমষ্টিবাসী ৰাইজৰ মৰম আৰু আশিষৰ বাবে মই বিধায়ক হিচাপে নিৰ্বাচিত হ’লোঁ৷ মানুহ হৈ জন্ম লৈছোঁ যেতিয়া জীৱশ্ৰেষ্ঠ হিচাপে আমাৰ যথেষ্ট কৰণীয় আছে৷ অন্যথা মানৱ জীৱনৰ একো অৰ্থ নাথাকে৷ মই প্ৰথমে মেট্ৰিকত উত্তীৰ্ণ হৈ গুৱাহাটীৰ শংকৰ দেৱনাথ নামৰ বন্ধু এজনৰ লগত থাকি কাকতৰ বিজ্ঞাপনৰ জৰিয়তে কিতাপৰ কোম্পানী এটাত কামত যোগদান কৰোঁ৷ তাত কিতাপ বিক্ৰী হোৱা নাছিল আৰু একপ্ৰকাৰে মোক তাৰ পৰা উলিয়াই দিছিল বুলি ক’লেও মিছা কোৱা নহ’ব৷ তাৰ পাছত গুৱাহাটীৰ কৃষ্ণনগৰত ভাড়াঘৰত থাকি উলুবাৰীত থকা ৰিলায়েন্সৰ কল চেণ্টাৰত দুবছৰ কাম কৰোঁ৷ তাৰ পাছত মেডিচিনৰ এম আৰ হিচাপে দুবছৰমান কাম কৰোঁ৷ তাৰ মুখ্য কাৰ্যালয় বৰপেটাত আছিল৷ তাত ছেল্ছ মেনেজাৰৰ সৈতে কিছু সংঘাত হোৱাত তাৰ পৰা ওলাই আহোঁ৷ তাৰ পাছত মই চাহ দোকানৰ ব্যৱসায় বিজনী টাউনত আৰম্ভ কৰোঁ৷ চাহ ব্যৱসায়ত লোকচান হোৱাত মই বিজনীৰ বিষ্ণুপুৰলৈ গৈ তাত চাহ বিক্ৰী কৰা আৰম্ভ কৰোঁ৷ কিন্তু মোৰ ৰোগৰ চিকিৎসাৰ বাবে চাহ দোকানখন বিক্ৰী কৰিবলগীয়া হয়৷ তাৰ পাছত মই ২০২১ৰ নিৰ্বাচন খেলোঁ, বিজেপিয়ে মোক টিকট দিলে যদিও নিজৰ খেতি-মাটি নথকা বাবে আনৰ মাটিত খেতি আৰম্ভ কৰোঁ৷ এইদৰে নানা ঘাট-প্ৰতিঘাটৰ মাজেৰে মই অসম বিধানসভাৰ মজিয়াত প্ৰবেশ কৰোঁ৷ ৰাইজে মোক অশ্বাসত লৈ বিজয়ী কৰালে৷ ইয়াত মোৰ শিকিবলগীয়া যথেষ্ট আছে৷ বিজেপি দলৰ জ্যেষ্ঠ বিধায়কৰ লগতে বিৰোধী দলৰ জ্যেষ্ঠজনৰ পৰাও বহু কথা শিকিছোঁ৷ মোৰ মনৰ ভাববোৰো প্ৰকাশ কৰিছোঁ৷ মোক এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই যথেষ্ট সহায় কৰিছে৷ মোৰ সপোনবোৰক বাস্তৱ ৰূপ দিয়াত সহায় কৰিছে৷ সমাজৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে সমাজৰ তথা সমষ্টিৰ উভয়তেই এতিয়া মোৰ একমাত্ৰ লক্ষ্য৷’ উল্লেখ্য, ২০২১ৰ পশ্চিম বংগৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাবে শালতৰাৰ পৰা জয়লাভ কৰা চন্দনা ভাউৰী হৈছে দিন হাজিৰা কৰা শ্ৰমিকৰ পত্নী৷ তেওঁ বিধায়ক হিচাবে জয়লাভ কৰা ঘটনাই দেশৰ ৰাজনীতিত চৰ্চা লাভ কৰে৷ মন কৰিবলগীয়া যে, চন্দনা ভাউৰীৰ সম্পত্তিৰ তালিকাত আছিল মাত্ৰ ৩১,৯৮৫টকা, তিনিটা গৰু আৰু তিনিটা ছাগলী৷