মোক আৰু নুগুলীয়াব! বাব্লুৰ কাতৰ আৱেদন মুখ্যমন্ত্ৰীক
আমাৰ অসম, ২৭ জুলাইঃ মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে৷ মোক আৰু একো দুৰ্ঘটনা নকৰিব৷ মোক নুগুলীয়াব৷ –মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাস্পতালৰ বিছনাৰ পৰাই হাতযোৰ কৰি কাতৰ আহ্বান জনাইছে চুপাৰি মাফিয়া বাবলু ওৰফে আব্দুল হান্নান আলীয়ে৷ চোৰাং চুপাৰি সৰবৰাহৰ এটা গোচৰত বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছিণ্ডিকেট মাফিয়া বাবলু আৰক্ষী জিম্মাত ২০ জুলাই নিশা গুলীবিদ্ধ হ’ব লগা হৈছিল৷ অভিযুক্ত বাবলুৱে কৰ্তব্যৰত আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ বাবেই গুলীবিদ্ধ কৰা বুলিও বঙাইগাঁও আৰক্ষীৰ ফালৰ পৰা দাবী কৰা হৈছিল৷ গুলীবিদ্ধ বাবলুক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছিল যদিও সোমবাৰে হাস্পতাল কতৃৰ্পক্ষই বাবলুক বঙাইগাঁৱলৈ লৈ যাবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰে৷ বঙাইগাঁৱলৈ যোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত বাবলুৱে বিস্ফোৰক মন্তব্য কৰে৷ তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি অহাই নহয়, হত্যাও হ’ব পাৰে বুলি চাঞ্চল্যকৰ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীলৈ হাতযোৰ কৰি চুপাৰি মাফিয়া বাবলুৱে কয়–‘মই নিৰ্দোষী হয়৷ অতিকৈ মৰমৰ আৰু আদৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাও, মোক যাতে একো শাস্তি নিদিয়ে৷ মোক আৰু কোনো দুৰ্ঘটনা নকৰে, এয়াই মোৰ শেষ অনুৰোধ৷ মই এতিয়া আঘাতপ্ৰাপ্ত ভৰিৰে একো কৰিব নোৱাৰো৷’ ইপিনে বাবলুৰ ভগ্নীয়ে হাস্পতালত সংবাদ মাধ্যমৰ আগত তেওঁৰ ভ্ৰাতৃক আৰক্ষীয়ে হত্যাৰ পৰিকল্পনা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে৷