Logo
image

উত্তৰ-পূবৰ পৰাই দেশলৈ বাগৰিব তৃতীয় ঢৌ!

আমাৰ অসম, ২৯ জুলাইঃ সমগ্ৰ দেশতে এতিয়া ক’ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে৷ প্ৰায় চাৰি মাহৰ মূৰত মঙলবাৰে দৈনিক আক্ৰান্তৰ সংখ্যা ৩০ হাজাৰৰ তললৈ নামিছিল যদিও বুধবাৰে দেশত আক্ৰান্তৰ সংখ্যাই ৪৩ হাজাৰৰ ঘৰ স্পৰ্শ কৰে৷ অৰ্থাৎ এদিনতে দেশত ৪৭ শতাংশ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাত কেন্দ্ৰীয় চৰকাৰক অধিক চিন্তিত কৰি তুলিছে৷ বিগত ২৪ ঘণ্টাত কেৰালাত সৰ্বাধিক ২২ হাজাৰ লোক আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰত ৬ হাজাৰ লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ৭ খন ৰাজ্যৰ ২২ খন জিলাত সংক্ৰমণ অধিক মাত্ৰাত বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত কেৰালাত ৭ খন জিলা আৰু উত্তৰ-পূবৰ মণিপুৰৰ ৫ জিলা, মেঘালয়ৰ ৩ জিলাক চিনাক্ত কৰিছে৷ আনহাতে অসমতো সামগ্ৰিকভাৱে সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহাত কেন্দ্ৰক চিন্তিত কৰি তুলিছে৷ যাৰ ফলত স্বাস্থ্য মন্ত্ৰণালয়ৰ লগতে একাংশ চিকিৎসা বিশেষজ্ঞই উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই সমগ্ৰ ভাৰততে ক’ভিডৰ তৃতীয় ঢৌৰ সূচনা হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে দেশৰ ৫৪ খন জিলাত বৰ্তমানেও দৈনিক সংক্ৰমণৰ হাৰ ১০ শতাংশৰ ওপৰতে আছে৷ বিগত ২৪ ঘণ্টাত দেশত ৬৪০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমানলৈ দেশত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪ লাখ ২২ হাজাৰৰ ঘৰ স্পৰ্শ কৰিছে৷