ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম অসমীয়াসহ ১১টা আঞ্চলিক ভাষাত
আমাৰ অসম, ৩০ জুলাইঃ নৰেন্দ্ৰ মোদী চৰকাৰৰ নতুন শিক্ষানীতি কাৰ্যকৰী কৰি ২০২১-২২ শিক্ষাবৰ্ষৰ পৰাই অসমীয়াকে ধৰি মুঠ ১১টা আঞ্চলিক ভাষাত আভিযান্ত্ৰিক অৰ্থাৎ ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব৷ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা সংসদ বা চমুকৈ এ আই চি টি ইয়ে ইতিমধ্যে দেশৰ ৮খন ৰাজ্যৰ ১৪খন ইঞ্জিনিয়াৰিং কলেজক নতুন শিক্ষাবৰ্ষৰ পৰা আঞ্চলিক ভাষাত পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ এই ১৪খন ইঞ্জিনিয়াৰিং কলেজে বিভিন্ন বিভাগত মুঠতে ১,০০০জন শিক্ষাৰ্থীক হিন্দী, তেলুগু, মাৰাঠী, বেংগলী, তামিল ভাষাত নতুন শিক্ষাবৰ্ষত ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ নামভৰ্তি কৰিব পাৰিব বুলি এ আই চি টি ইয়ে কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী নিৰ্দেশ লাভ কৰি অনুমোদন জনাইছে৷ অসমীয়াকে ধৰি বাকী ছটা আঞ্চলিক ভাষাৰ বাবেও সংশ্লিষ্ট ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজক দেশৰ কাৰিকৰী শিক্ষাৰ সৰ্বোচ্ছ সংগঠনটোৱে কিছুদিনৰ ভিতৰতে অনুমোদন জনাব৷ মোদী চৰকাৰে মেডিকেল পাঠ্যক্ৰমৰ বাবে অনুমতি প্ৰদান কৰা আঞ্চলিক ভাষাসমূহ হ’ল– হিন্দী, মাৰাঠী, তামিল, তেলুগু, কানাড়া, গুজৰাটী, মালায়ালম, বেংগলী, অসমীয়া, পাঞ্জাবী আৰু ওড়িয়া৷ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ যোৱা নৱেম্বৰত ঘোষণা কৰা নতুন শিক্ষানীতিৰ এনেদৰেই সূচনা হোৱা বুলি মন্তব্য কৰে৷
প্ৰসংগতঃ উল্লেখযোগ্য, মধ্য প্ৰদেশৰ অটল বিহাৰী বাজপেয়ী হিন্দী বিশ্ববিদ্যালয়ে বহুদিন পূৰ্বেই হিন্দীত আৰু তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ে তামিল ভাষাত ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ কৰিলেও হিন্দী আৰু তামিল ভাষাৰ পাঠ্যপুথিৰ অভাৱৰ বাবে এটা ভাষাৰ পাঠ্যক্ৰমো আগনাবাঢ়িল৷ আঞ্চলিক ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীয়েও অনীহা প্ৰকাশ কৰিলে৷ কিয়নো পাঠ্যক্ৰম সম্পন্ন কৰাৰ পাছত হ’বলগীয়া বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা আৰু পৰৱৰ্তী পাঠ্যক্ৰম বাধ্যতামূলকভাৱে তেওঁলোকে ইংৰাজীতে অৱতীৰ্ণ হ’ব লাগিব৷ আনহাতে বিদেশলৈ পঢ়িবলৈ আৰু চাকৰি কৰিবলৈ যাবলগীয়া ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ্থীসকল ভীষণ অসুবিধাৰ সন্মুখীন হ’ব৷ কৰ্মক্ষেত্ৰতো সেই অসুবিধা সদায় থাকিব৷ কিয়নো আভিযান্ত্ৰিক যিবোৰ শব্দ স্বাধীনতাৰ পূৰ্বৰ পৰাই দেশত ব্যৱহাৰ হৈ আহিছে, সেই শব্দ সদায় ইংৰাজী ভাষাত ব্যৱহাৰ হয়, কোনো আঞ্চলিক ভাষাত ইঞ্জিনিয়াৰিঙৰ শব্দ নাই৷ এতিয়া মোদী চৰকাৰে আঞ্চলিক ভাষাত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলেও পৰৱৰ্তী সময়ত উচ্ছ শিক্ষা আৰু কৰ্মক্ষেত্ৰত তেনে শিক্ষাৰ্থীয়ে বাৰম্বাৰ উজুটি খাব৷
এইবাৰ এ আই চি টি ইয়ে অনলাইনত ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ শিক্ষাদানৰ বাবে বিভিন্ন আঞ্চলিক ভাষাত ভিডিঅ’ প্ৰস্তুত কৰিছে৷ স্বয়ম মন্ত্ৰণালয়ে এই পৰ্যন্ত ৮টা আঞ্চলিক ভাষাৰ ভিডিঅ’ তৈয়াৰ সম্পূৰ্ণ কৰিছে৷ অসমীয়া, ওড়িয়া আৰু পাঞ্জাবী ভাষাৰ ভিডিঅ’ অচিৰেই প্ৰস্তুত কৰা হ’ব৷