Logo
image

চানুক লৈ মণিপুৰত চিনেমা

আমাৰ অসম, ২ আগষ্টঃ মীৰাবাঈ চানু৷ এই নামটো এতিয়া মুখে মুখে৷ টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰা চানুৰ নাম কোনে নাজানে? প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক হৈ পৰা সুদক্ষ মণিপুৰী খেলুৱৈ মীৰাবাঈ চানুৰ জীৱনভিত্তিক চিনেমা নিৰ্মাণৰ কাম আৰম্ভ হ’ব শীঘ্ৰেই৷ এইবাৰৰ অলিম্পিকত পদক বিজয়ী চানুৰ শৈশৱৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে খেলকে ধৰি সকলো দিশ সামৰি নিৰ্মাণ হ’বলগীয়া চিনেমাখনৰ বিষয়ে সদৰী কৰিছে প্ৰখ্যাত নাট্যকাৰ, লেখক মানাওবিয়ে৷ চানুৰ জীৱনভিত্তিক চিনেমা নিৰ্মাণ কৰিবলৈ লোৱা ইম্ফলৰ ছেউতী ফিল্মছৰ অধ্যক্ষৰ দায়িত্বতো আছে মানাওবি৷ শনিবাৰে চানু আৰু প্ৰযোজনা সংস্থাটোৰ মাজত এই সন্দৰ্ভত চুক্তি স্বাক্ষৰিত হয়৷ পূব ইম্ফল জিলাৰ নংপোক কাকচিং গাঁৱত থকা চানুৰ বাসভৱনত দুয়োপক্ষৰ মাজত চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত মানাওবিয়ে সাংবাদিকক এইদৰে কয়– ‘এই ছবিখন মণিপুৰী ভাষাৰ পৰা ইংৰাজীৰ উপৰি বিভিন্ন ভাৰতীয় ভাষাত ‘ডাব’ কৰা হ’ব৷ আমি এনে এগৰাকী অভিনেত্ৰী বিচাৰি আছোঁ যিয়ে মীৰাবাঈ চানুৰ চৰিত্ৰটো সুন্দৰভাৱে ফুটাই তুলিব পাৰে৷ তেওঁ অভিনয়ৰ উপৰি খেলৰ বিষয়েও জানিব লাগিব৷ চানুৰ বয়স, উচ্ছতা আৰু শাৰীৰিক গঠনৰ লগতে তেওঁৰ চেহেৰাৰ সৈতে অভিনেত্ৰীগৰাকীৰ সাদৃশ্য থাকিব লাগিব৷ অভিনেত্ৰী বিচাৰি পোৱাৰ পাছত চানুৰ জীৱনশৈলী সম্পৰ্কে তেওঁক যাৱতীয় প্ৰশিক্ষণ দিয়া হ’ব৷ আমি আশা কৰিছোঁ ছমাহমানৰ ভিতৰত ছবিৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব পাৰিম৷’ ছবিখনৰ কাহিনী মানাওবিৰ৷ কাৰ্যবাহী প্ৰযোজক আৰ কে নলিনী দেৱী৷ পৰিচালনা কৰিব অ’ চি মেইৰাই৷ ছবিখনত চানুৰ শৈশৱ আৰু কৈশোৰ জীৱনৰ উপৰি যৌৱন আৰু কৰ্ম জীৱনৰ অবিকল চিত্ৰায়ন কৰাৰ চেষ্টা চলোৱা হ’ব৷ লগতে ভাৰোত্তোলনৰ সৈতে আৰম্ভণিৰে পৰা এতিয়ালৈকে চানুৰ সম্পৰ্কৰ ৰূপৰেখা অংকন কৰিবলৈ ছবিখনত চেষ্টা চলোৱা হ’ব৷ চানুৰ জীৱন যথাযথ ৰূপত চিত্ৰিত কৰাৰ চেষ্টা চলোৱা হ’ব৷ আক্ষৰিক অৰ্থতেই চানুৰ এই বায়’পিক হ’ব সম্পূৰ্ণৰূপে ৰিয়েলিষ্টিক৷