কেবিনেট সিদ্ধান্তঃ ফ্লেট কিনা-বেচাত চৰকাৰী অনুমোদন নালাগে
আমাৰ অসম, ৫ আগষ্টঃ ৰাজ্যৰ ৭৫ বছৰ গৰকা উচ্ছ শিক্ষানুষ্ঠানলৈ আগবঢ়োৱা হ’ব বিশেষ আৰ্থিক অনুদান৷ এনে শিক্ষানুষ্ঠানলৈ আগবঢ়োৱা হ’ব ৩ কোটিকৈ টকাৰ আৰ্থিক অনুদান৷ বুধবাৰে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটত এই সিদ্ধান্ত কৰা হয়৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ১৫শ কোটি টকা খৰচ কৰি ৰাজ্যত কেইবাটাও নতুন ৰাস্তা পকীকৰণ কৰা হ’ব৷ অহা দুবছৰত এই আঁচনি সম্পূৰ্ণ হ’ব৷ বিমানবন্দৰৰ পৰা ৫০ কোটি খৰচ কৰি কৃষিজাত সামগ্ৰী মজুত ৰাখিব পৰা ব্যৱস্থা৷ ৰাজ্যত শীঘ্ৰে নিৰ্মাণ হ’বলগীয়া ৪০খন ষ্টেডিয়ামত ৩ কোটি টকাকৈ খৰচ হ’ব৷ সৰুসজাইৰ পিছত এইবাৰ চন্দ্ৰপুৰত ১২০ কোটি টকা খৰচ কৰি মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব৷ নতুন জিলাত অত্যাধুনিককৈ ৫০০ কোটি ব্যয়ৰে কাৰ্যালয় নিৰ্মাণ হ’ব৷ ফ্লেট কিনা বেচাত কোনো চৰকাৰী অনুমোদনৰ প্ৰয়োজন নালাগে৷ দুই পক্ষই বুজা বুজি কৰি ল’ব ট্ৰেড লাইচেন্সৰ বাবে কোনো অফিচত যোৱাৰ প্ৰয়োজনীয়তা নাই, অনলাইন আবেদন কৰিলে মেইলত পাব অনুজ্ঞাপত্ৰ৷ সদ্য ঘোষিত বাজেটৰ এয়া অতিৰিক্ত বাজেট৷ NIDA & RIYAS নামেৰে নতুন দুটা শিতান আৰম্ভ কৰিছে নাবাৰ্ডে৷ অসম চৰকাৰে নাবাৰ্ডৰ পৰা ১১,০০০ কোটি টকাৰ আৰ্থিক ঋণ ল’ব৷ এই টকা চৰকাৰী প্ৰতিটো বিভাগৰ উন্নয়ন মূলক কামত ব্যৱহাৰ কৰা হব৷ মহানগৰীত ফ্লেট ক্ৰয়ৰ পিছত উপায়ুক্তৰ কাষ নচপাকৈ ফ্লেটৰ গৰাকীয়ে নিজে কৰি দিব পাৰিব ফ্লেটৰ পঞ্জীয়ণ৷ বুধবাৰে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি গোৰ্খা সম্প্ৰদায়ৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত নতুন গোচৰ পঞ্জীয়ন কৰা নহ’ব৷ প্ৰাক্তন সাংসদ ৰমেন ডেকাক চিতা [SITA] সহযোগী উপাধ্যক্ষৰূপে নিযুক্তি দিয়া হ’ব৷ ডেকাক কেবিনেট মৰ্যাদা দিয়া হ’ব৷ খিলঞ্জীয়া ভূমিহীন লোকক প্ৰদান কৰা হ’ব মাটিৰ পট্টা৷ পহিলা ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগে ২২,৯২১টা পদৰ নিযুক্তিৰ বাবে অনুমোদন প্ৰক্ৰিয়া আৰম্ভ কৰিব৷ ভৈয়াম জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪টা পদৰ বাবে অনুষ্ঠিত কৰা হ’ব বিশেষ টে’ট৷ বড়ো, গাৰো আৰু মণিপুৰী মাধ্যমৰ শিক্ষক নিযুক্তিৰ অনুষ্ঠিত কৰা হ’ব বিশেষ টে’ট৷