Logo
image

সাৱধান! ভাৰতত পুনৰ বাঢ়িছে কৰ’না

আমাৰ অসম, ৭ আগষ্টঃ ভাৰতত লাহে লাহে বাঢ়িছে কৰ’না আক্ৰান্তৰ সংখ্যা৷ আগষ্ট মাহৰ শেষৰ ফালে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হ’ব পাৰে বুলি বিশেষজ্ঞই সকীয়াই দিছে৷ তাৰ মাজতে কেৰালাকে ধৰি দেশৰ কেইখনমান ৰাজ্যত এতিয়া পুনৰ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত বিষয়টো চিন্তনীয় হৈ পৰিছে৷ গতিকে কেন্দ্ৰীয় চৰকাৰে কেইবাখনো ৰাজ্যলৈ পত্ৰ লিখি সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ জাৰি কৰে৷ মাজতে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছিল যদিও এতিয়া বাঢ়িবলৈ আৰম্ভ কৰিছে৷ যোৱা ২৪ ঘণ্টাত দেশত ৪৪,৬৪৩জন আক্ৰান্ত হয়৷ আগৰ দিনাৰ তুলনাত যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ৪ শতাংশ বৃদ্ধি পায়৷ আনহাতে, এই সময়ছোৱাত ৪৬৪জন লোকৰ মৃত্যু হয়৷ ফলত কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৪.২৬ লাখলৈ বৃদ্ধি পায়৷ ভাৰতত বৰ্তমান এক্টিভ কেছো বৃদ্ধি পাইছে৷ দেশত ভেক্‌চিন লাভ কৰা লোকৰ সংখ্যা ৪৯,৫৩,২৭,৫৯৫জনলৈ বৃদ্ধি পায়৷ কেৰালাত এতিয়াও কৰ’না বিপজ্জনক হৈ আছে৷ দক্ষিণৰ ৰাজ্যখনত পুনৰ এদিনতে ২২,০০০ৰো অধিক লোক আক্ৰান্ত হয় আৰু ১৭৭জনৰ মৃত্যু হয়৷ মহাৰাষ্ট্ৰত এদিনত আক্ৰান্ত হয় ৬,৬৯৫জন লোকৰ৷ দৈনিক সংক্ৰমণৰ তালিকাত কেৰালাৰ পাছতে মহাৰাষ্ট্ৰ আছে দ্বিতীয় স্থানত৷ অৱশ্যে মহাৰাষ্ট্ৰত দৈনিক মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে৷