Logo
image

নীৰজৰ গাৰ্লফ্ৰেণ্ড আছেনে? নেট দুনিয়াত হাহাকাৰ

আমাৰ অসম, ১১ আগষ্টঃ চেহেৰা তেওঁৰ বলীউডৰ নায়কৰ দৰে৷ বয়স ২৩৷ ডিঙিত অলিম্পিকৰ এথলেটিকছৰ গ’ল্ড মেডেল৷ জেভেলিন থ্ৰ’ৰ বাবে দৌৰি যাওতে বতাহত উৰি যোৱা চুলিৰে যৌন আবেদনপূৰ্ণ এজন যুৱক৷ এক কথাত তেওঁ এতিয়া দেশৰ ‘ম’ষ্ট ইলিজিবল বেচেলৰ৷’ এই ‘ইলিজিবল বেচেলৰ’ৰ হিয়া চুৰ কৰা কোনো গাৰ্লফ্ৰেণ্ড আছেনে নাই–সেই লৈ দেশৰ যুৱতী কৌতুহলী হোৱাই স্বাভাৱিক৷ সেয়ে যোৱা শনিবাৰে টকিঅ’ত জেভেলিনৰ স্বৰ্ণ পদক লৈ বিশ্বৰ নামী-দামী খেলুৱৈক পৰাজিত কৰাৰ পাছত সুন্দৰ-সুঠাম চেহেৰাৰ নীৰজ চোপ্ৰাক লৈ কৌতুহলী হৈ উঠিছে দেশৰ যুৱতীকুল৷ হঠাতে নীৰজ চোপ্ৰাৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰ প্ৰফাইলত হো-হোৱাই বাঢ়িছে ফল’ৱাৰৰ সংখ্যা৷ গুগল ছাৰ্চ ইঞ্জিনত নীৰজ চোপ্ৰাৰ প্ৰফাইল সন্ধান চলিছে ধুমুহাৰ গতিৰে৷ সকলো সুন্দৰীৰে চকু–‘মেৰিটেল ষ্টেছাছত’, নীৰজ ‘ছিংগল’ নে ‘এংগেজড?’ নে ‘মেৰিড?’ অনেকেই ইনষ্টাগ্ৰামত তেওঁক সুধিছে–নীৰজ তুমি ছিংগলনে? অন্ততঃ তোমাৰ ষ্টেটাছতো জনোৱা৷ এনেবোৰ প্ৰশ্নত হাৰিয়ানাৰ পানিপতৰ খান্দ্ৰা গাঁৱৰ যুৱকজন ইমানদিনে নিৰুত্তৰ আছিল৷ অলিম্পিকৰ স্বৰ্ণ পদক পোৱাৰ পাছৰ পৰা ব্যস্ততাৰ শেষ নাই৷ দেশৰ প্ৰধানমন্ত্ৰীৰ ফোন, দিল্লীত আহি উপস্থিত হোৱাৰ পাছত ইটোৰ পাছত সিটো সূচী, তেওঁৰ সময়বোৰ চলাই লৈ গৈছে আনে, অজ্ঞাত কাৰোবাৰ নিৰ্দেশত চলিছে নীৰজ চোপ্ৰাৰ প্ৰতিটো পদক্ষেপ, জীৱনৰ প্ৰতিটো মিনিট৷ ব্যক্তিগত সময় বুলি কোনো সময় নাই, কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ কাৰ্যসূচী, ফেডাৰেচনৰ আব্দাৰ৷ তাৰ মাজত আত্মীয়ক ভালকৈ মাত এষাৰ দিবলৈকো সুযোগ নাই৷ ব্যক্তিগত জীৱনৰ প্ৰশ্নৰ উত্তৰ দিয়ে কেতিয়া? খেলৰ আগলৈকে অনুশীলনৰ ব্যস্ততা আৰু এনে প্ৰশ্নও ইমান উঠা নাছিল, এতিয়া পদক অৰ্জন কৰি দেশক শীৰ্ষলৈ আগবঢ়োৱাৰ পাছত যিমান উঠিছে এনে প্ৰশ্ন৷ ঘূৰি পকি কিন্তু মূল প্ৰশ্ন এটাই–নীৰজ চোপ্ৰাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই? যদি আছে, সেই ভাগ্যৱতী কোন? ছ’চিয়েল মিডিয়াত ঘূৰি পকি থকা এই প্ৰশ্ন যেতিয়া টিভি চেনেলৰ সাংবাদিকৰ পৰা আহিল, তেতিয়া নীৰবে থকা সম্ভব নহ’ল নীৰজ চোপ্ৰাৰ৷ ঈষৎ লজ্জিত, কিন্তু অকপটে তেওঁ উত্তৰ দিলে, এতিয়ালৈকে তেওঁৰ কোনো গাৰ্লফ্ৰেণ্ড নাই৷ বহুতেই তেওঁৰ প্ৰতি আগ্ৰহ দেখুওৱাৰ বিষয়ে এতিয়া ছ’চিয়েল মিডিয়াৰ পৰা জানিব পাৰিছে৷ কিন্তু গাৰ্লফ্ৰেণ্ড, নাৰীসংগৰ প্ৰতি চকু দিবলৈ তেওঁৰ এতিয়া আহৰি নাই৷ তেওঁ কয়–‘মই এতিয়া কেৱল খেলতে মনোযোগ দিব বিছাৰো৷ গাৰ্লফ্ৰেণ্ড, ৰোমান্স পাছত৷ এতিয়ালৈকে মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই৷ আৰু এটা কথা কওঁ, মোৰ কোনো বায়’পিক এতিয়া নিৰ্মাণ কৰাতো মই নিবিচাৰো৷ আৰু কেইবাবছৰ মই খেলিব লাগিব৷ তাৰ পাছত সেয়া হ’ব পাৰে৷’