Logo
image

আন্তঃজিলা যাতায়াত মুকলি কৰাৰ যো-জা

আমাৰ অসম, ১১ আগষ্টঃ ৰাজ্যত ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খুলি দিয়া ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আন্তঃজিলা যাতায়াত মুকলিক লৈ ৰাজ্যবাসী উৎকণ্ঠিত হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ১৬-১৭ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খুলি দিয়াৰ কথা ব্যক্ত কৰিছে৷ মঙলবাৰে নতুন দিল্লীৰ অসম ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– আজিৰে পৰা ৰাজ্যত বিয়লি ৫ বজালৈ দোকান বজাৰ খুলি দিয়া হৈছে৷ ১৫ আগষ্টৰ পৰা সন্ধিয়া ৬ বজালৈ দোকান-বজাৰ খোলা ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ তাৰ লগে লগে আন্তঃজিলা যাতায়াত আৰম্ভ কৰা হ’ব৷ হয়টো এদিন যুগ্ম নম্বৰৰ বাহন আৰু আনদিনা অযুগ্ম নম্বৰৰ বাহন চলোৱাৰ অনুমতি দিয়া হ’ব৷ গতিকে ১৬-১৭ তাৰিখৰ পৰা আন্তঃজিলা যাতায়াত চলিব৷ যদিহে ১ ছেপ্টেম্বৰলৈ দৈনিক ক’ভিডত আক্ৰান্তৰ সংখ্যা ৫০০ৰ তললৈ নামে, তেনেহ’লে চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অফলাইন পাঠদান আৰম্ভ কৰা হ’ব৷ বা ডেৰ কোটি মানুহক ভেক্‌চিন দিব পৰা যায়, তেনেহ’লেও দশম, দ্বাদশ, স্নাতক চূড়ান্ত বৰ্ষ, স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান বিষয়টো চিন্তা-চৰ্চা কৰা হ’ব৷’ অৱশ্যে ৰাজ্যত ১৫ আগষ্টৰ পাছত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ বলৱৎ হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, ৰাজ্যত আন্তঃজিলা যাতায়াত বন্ধ আছে যদিও বহু লোকে আৰক্ষীৰ বাধা নোহোৱাকৈ আন্তঃজিলা যাতায়াত কৰা দেখা গৈছে৷ তদুপৰি ৰে’লেৰেও বহু লোকে উজনি-নামনি ভ্ৰমণ কৰিছে কোনো অসুবিধা অবিহনে৷ ইপিনে, ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবেই আন্তঃজিলা যাতায়াত খুলি দিয়াৰ সম্ভাৱনা আছে যদিও একাংশই আকৌ নৱ নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱাৰ বাবেহে আন্তঃজিলা যাতায়াত খুলি দিয়াৰ পৰিকল্পনা কৰা বুলিহে দাবী কৰিছে৷ কিয়নো কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত ১৮ আগষ্টত প্ৰথমবাৰলৈ অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল৷ সোণোৱালক আদৰণি জনোৱাৰ নামত বিজেপিয়ে ‘আৰ্শীবাদ যাত্ৰা’ নামৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ য’ত বিভিন্ন জিলাৰ পৰা ৫০ হাজাৰ নেতা-কৰ্মী উপস্থিত থকাৰ ব্যৱস্থা কৰিছে বিজেপিয়ে৷ সৰ্বানন্দ সোণোৱালক আদৰাৰ নামতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত খৰখেদাকৈ আন্তঃজিলা যাতায়াত খুলি দিয়াৰ পৰিকল্পনা কৰা বুলিও চৰ্চা চলিছে৷ অৱশ্যে, ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত তিনিমাহৰো অধিক সময় কাৰ্ফিউ তথা আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে যদিও বৰ্তমানেও সংখ্যাগত হিচাপত দৈনিক হাজাৰৰ ওচৰে-পাজৰে লোক ক’ভিডত আক্ৰান্ত হৈ আছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ৯২৯জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ গুৱাহাটীত ১৫৫জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ মঙলবাৰে ৰাজ্যত ১৬জন লোক ক’ভিডত মৃত্যু হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷