Logo
image

আন্তৰ্জাতিক বজাৰত তেলৰ মূল্য হ্ৰাস, দেশত কমা নাই দাম

আমাৰ অসম, ১১ আগষ্টঃ বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পালে দেশত পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পায়৷ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সম্পৰ্ক ৰাখি তেলৰ মূল্য নিতৌ হেৰ-ফেৰ কৰাৰ নীতি কেন্দ্ৰীয় চৰকাৰে অৱলম্বন কৰাৰ সিদ্ধান্ত লোৱাৰ পৰা এই বিষয়টো দেশৰ সকলো ক্ৰেতাৰে জ্ঞাত৷ অন্যথা তাৰ আগলৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰতিমাহৰ ১৫ তাৰিখে আৰু শেষ দিনটোত পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য হ্ৰাস-বৃদ্ধি কৰিছিল৷ এতিয়া কিন্তু দেশৰ নাগৰিকে নাজানে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হ’লে ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস হয়নে নহয়৷ অৰ্থাৎ, পৰোক্ষভাৱে ক’লে, দেশৰ ক্ৰেতাই বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হ’লেও নাজানে কিয়নো, দেশৰ পেট্ৰ’লিয়াম কোম্পানীয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস নকৰে আৰু কেন্দ্ৰীয় চৰকাৰেও মূল্য হ্ৰাস কৰাৰ বাবে কোম্পানীসমূহক কোনো নিৰ্দেশ নিদিয়ে৷ এই অৱস্থা দীৰ্ঘদিনৰ পৰা চলি আহিছে আৰু বিগত ১৫ দিন ধৰি তেনে এটা অৱস্থা দেশত অব্যাহত আছে৷ কিয়নো জুলাইৰ মাজভাগৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য স্থিৰ হৈ আছে৷ কিন্তু বিগত এই পষেকটোত বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমাৎ হ্ৰাস পাই আছে৷ যোৱা ৩০ জুলাইৰ পৰা বিগত ১০ দিনত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭ ডলাৰকৈ হ্ৰাস পাই ৭০ ডলাৰৰ তললৈ আহিছে৷ অথচ ভাৰতত বিগত এপষেকত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পোৱা নাই, একেটা দামতে স্থিৰ হৈ আছে৷ কিন্তু এপষেকৰ আগলৈকে বিশ্ব বজাৰৰ সৈতে ফেৰ মাৰি নিতৌ দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হৈ আছিল৷ বিগত বছৰত লকডাউনৰ সময়ত বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাইছিল যদিও ভাৰতত পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হোৱা নাছিল৷ ইয়াৰ পৰিৱৰ্তে একেৰাহে ৮২ দিন দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য স্থিৰ হৈ আছিল৷ এতিয়াও সেই একেই অৱস্থা চলি আছে৷ প্ৰকৃততে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হ’লেও মোদী চৰকাৰে পেট্ৰ’লিয়াম কোম্পানীক পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ নিদিয়ে৷ কিয়নো, কেন্দ্ৰীয় চৰকাৰে কৰ শতাংশৰ ভিত্তিত লাভ কৰে৷ পেট্ৰ’লিয়াম কোম্পানীয়ে বিশ্ব বজাৰত মূল্য হ্ৰাস হ’লেও তাৰ সৈতে সংগতি নাৰাখি মূল্য স্থিৰ কৰি ৰাখিলে কেন্দ্ৰীয় চৰকাৰে সেই উচ্ছ হাৰতে কৰ লাভ কৰি থাকে৷ ২০২০ চনত বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হওঁতেও দেশত ৮২ দিন পেট্ৰ’ল-ডিজেলৰ মূল্য উচ্ছ হাৰত স্থিৰ কৰি ৰখাৰ উদ্দেশ্য আছিল যাতে চৰকাৰৰ কৰ সংগ্ৰহ হ্ৰাস নাপায়৷ এইবাৰো একে অভিসন্ধিৰে চৰকাৰে বিগত এপষেকত বিশ্ব বজাৰৰ সৈতে সংগতি ৰাখি পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ দিয়া নাই, নহ’লে চৰকাৰৰ ৰাজহ সংগ্ৰহত ঘাটি পৰিব৷