Logo
image

আজি তালিবান চৰকাৰৰ শপত

আমাৰ অসম, ১১ ছেপ্টেম্বৰঃ এদল ঘোষিত সন্ত্ৰাসবাদীক লৈ তদাৰকী চৰকাৰ গঠন কৰা তালিবানে ৯/১১ ৰ ২০ সংখ্যক বাৰ্ষিকীত শপতগ্ৰহণৰ যো জা কৰিছে৷ শনিবাৰে ৯/১১ ৰ ২০ সংখ্যক বাৰ্ষিকী৷ তালিবান আশ্ৰিত অল কায়ডাই আমেৰিকা আক্ৰমণ কৰাৰ ২০ সংখ্যক বাৰ্ষিকীৰ দিনটোতে তালিবান চৰকাৰে শপতগ্ৰহণৰ অনুষ্ঠান আয়োজন কৰাতো অতি তাৎপৰ্যপূৰ্ণ আৰু ইংগিতবাহী হৈছে৷ এতিয়াও তালিবান নেতৃত্বই ৯/১১ ত শপতগ্ৰহণ হ’ব বুলি আনুষ্ঠানিক ঘোষণা কৰা নাই৷ কিন্তু তালিবান নেতৃত্বই আজি শপতগ্ৰহণৰ অনুষ্ঠানৰ বাবে চীন, তুৰস্ক, পাকিস্তান, ইৰান, কাতাৰ আৰু আনকি ভাৰত তথা আমেৰিকালৈ আমন্ত্ৰণ প্ৰেৰণ কৰিছে৷ উল্লেখ্য, যিজন মোল্লা মহম্মদ হাছান আখুন্দক প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা হৈছে, তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদী তালিকাৰ ঘোষিত সন্ত্ৰাসবাদী৷ গৃহমন্ত্ৰী ছিৰাজউদ্দিন হাক্কানি ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী৷ ছিৰাজউদ্দিনৰ খুড়াক, তালিবানৰ শৰণাৰ্থী বিষয়ক মন্ত্ৰী খলিল হাক্কানিও ম’ষ্ট ৱাণ্টেড৷ দুয়ো আমেৰিকা আৰু ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদী তালিকাৰ শীৰ্ষ নাম৷ আমেৰিকাই ছিৰাজউদ্দিনৰ মুৰৰ মূল্য ১০ নিযুত আৰু খলিলৰ মুৰৰ মূল্য ৫ নিযুত ডলাৰ ঘোষণা কৰি থৈছে৷ তালিবান চৰকাৰৰ সীমান্ত আৰু জনজাতি মন্ত্ৰী নুৰুল্লা নুৰী, চোৰাংচোৱা বিভাগৰ মন্ত্ৰী আব্দুল হক ৱাছিক, তথ্য আৰু সাংস্কৃতিক মন্ত্ৰী খাইৰুল্লা খাইৰ, সহকাৰী প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ফাজি মাজলুম সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ বাবে আমেৰিকাৰ গুৱাণ্টনামো বে কাৰাগাৰৰ কাৰাবন্দী আছিল৷  তালিবানৰ এজন শীৰ্ষ নেতাই ৯/১১ ৰ দিনটোক শপতগ্ৰহণৰ দিন হিচাপে নিৰ্বাচিত কৰাৰ প্ৰসংগত কৈছে–‘আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ে আমাৰ প্ৰতি যি আচৰণ কৰিছে সেয়া সমৰ্থনযোগ্য নহয়৷ আমি আমেৰিকাক অস্বস্তিত্ব পেলাব নোখোজো৷ কিন্তু আমাৰ বাবে এইটো ডাঙৰ দিন৷ আমেৰিকা যিদৰে অস্বস্তিত পৰিব পাৰে, আমাৰ গৃহমন্ত্ৰীৰ নাম আমেৰিকাৰ ছেংছন তালিকাত থকাতো আমাৰ বাবে অস্বস্তিকৰ৷’ কোৱা হৈছে, এই ক্ষেত্ৰত পাকিস্তানে তালিবানক প্ৰৰোচিত কৰিছে৷ চীন আৰু ৰাছিয়াই ৯/১১ শপতগ্ৰহণৰ দিন স্থিৰ কৰাতো সমৰ্থন কৰা নাই৷ যদি এই দুই দেশে বিৰোধিতা কৰে তেন্তে শপতগ্ৰহণৰ দিন সলনি হ’ব পাৰে৷

২০০১ চনৰ ১১ ছেপ্টেম্বৰত ১৫ অল কায়দা উগ্ৰপন্থীয়ে আমেৰিকাৰ দুটা বিমান বন্দৰৰ পৰা ৪ খন বিমান হাইজেক কৰি আমেৰিকাৰ তিনিটা স্থানত আক্ৰমণ সংঘটিত কৰিছিল আৰু এখন বিমান কেপিটলৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈ ভাগি পৰিছিল৷ প্ৰথম দুখন বিমানেৰে ৮ উগ্ৰপন্থীয়ে আমেৰিকাৰ গৰ্ব ৱল্ডৰ্ ট্ৰেড চেণ্টাৰৰ ছাউথ আৰু নৰ্থ টাৱাৰ দুটা ১৪ মিনিটৰ ব্যৱধানত ভাঙি পেলাইছিল৷ ইন্ধনভৰ্তি দুয়োখন বিমানে সুউচ্ছ অট্টালিকা দুটাত খুন্দা মৰাত বিমানৰ ইন্ধনেই বিস্ফোৰকসদৃশ হৈ পৰিছিল৷ তৃতীয়খন বিমানে খুন্দিয়াইছিল আমেৰিকাৰ সামৰিক মুখ্য কাৰ্যালয় পেণ্টাগনত৷ পেণ্টাগন ৪ মহলীয়া ঘৰ হোৱাৰ বাবে সিমান বেছি ক্ষতি হোৱা নাছিল যদিও ১২৭ জনৰ মৃত্যু হৈছিল৷ টুইন টাৱাৰৰ ঘটনাটোত মৃত্যু হৈছিল ২৭০০ ৰো অধিক লোকৰ৷ চতুৰ্থ বিমানখনৰ ভিতৰত যাত্ৰীৰ সৈতে উগ্ৰপন্থী দলটোৰ বিমানৰ দখলক লৈ প্ৰবল যুদ্ধ হৈছিল আৰু আমেৰিকাৰ ৰাজধানী কেপিটল হিলছৰ নাতিদুৰৈত এখন পথাৰত বিমানখন ভাগি পৰিছিল৷ আমেৰিকাৰ ওপৰত সেই ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ কুৰি বছৰ সম্পূৰ্ণ হ’ব আজি৷ সেই আক্ৰমণ সংঘটিত কৰিছিল বিন ওছামা লাডেন নেতৃত্বাধীন অল কায়দাই আৰু আক্ৰমণ পৰিচালিত হৈছিল তালিবান শাসিত আফগানিস্তানৰ ভূমিৰ পৰা৷ ওছামা বিন লাডেনে তাৰ বহু পূৰ্বৰ পৰাই নিৰাপদ ঘাটি হিচাপে আফগানিস্তানত থাকিবলৈ লৈছিল৷ পেলেষ্টাইনৰ ওপৰত আক্ৰমণ চলোৱা ইজৰাইলক আমেৰিকাই সাহায্য কৰাৰ বাবে লাডেনৰ নিৰ্দেশত অল কায়ডাই আমেৰিকাক এনেদৰে ভয়ংকৰ আক্ৰমণ কৰিছিল৷ আমেৰিকাই এই ঘটনাৰ মূল চক্ৰান্তকাৰী ওছামা বিন লাডেনক তেওঁলোকৰ হাতত তুলি দিবলৈ আফগানিস্তানৰ তালিবান চৰকাৰৰ ওচৰত দাবী জনাইছিল৷ কিন্তু তালিবানৰ মুৰব্বী মোল্লা মহম্মদ ওমৰে অতিথি লাডেনক আমেৰিকাৰ হাতত তুলি দিবলৈ অস্বীকাৰ কৰে আৰু অল কায়দাৰ আক্ৰমণৰ এমাহৰ পাছত আমেৰিকাই আফগানিস্তান আক্ৰমণ কৰে৷ আমেৰিকাৰ আক্ৰমণত বিধবস্ত তালিবান চৰকাৰে পৃষ্ঠভংগ দিয়ে আৰু ওছামা বিন লাডেনেও প্ৰথমে টোৰাবোৰা পাহাৰ গুহাত আৰু পাছত গোপনে পাকিস্তানৰ এব’টাবাদত আশ্ৰয় লয়৷ ২০১০ চনত আমেৰিকাৰ নেভি ছীলে এটা গোপন আক্ৰমণ সংঘটিত কৰি লাডেনক হত্যা কৰে৷ পৰৱতী সময়ত আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় আৰু তাৰ শেষ পৰ্যায়ত যোৱা ১৫ আগষ্টত তালিবানে পুনৰ ২০ বছৰৰ পাছত কাবুলসহ সমস্ত আফগানিস্তান দখল কৰি লয়৷ দেশ দখলৰ এসপ্তাহৰ পাছত তালিবানে যোৱা ৭ ছেপ্টেম্বৰত তদাৰকী চৰকাৰ গঠন কৰাৰ বিষয়ে ঘোষণা কৰিলেও এতিয়াও চৰকাৰখনে শপতগ্ৰহণ কৰা নাই আৰু কোনো অনুষ্ঠানো ইমানদিনে আয়োজন কৰা নাই৷