Logo
image

হায়দৰাবাদক হৰুৱাই মুম্বাইৰ তৃতীয় জয়

আমাৰ অসম, ০৫ অক্টোবৰঃ অধিনায়ক ৰোহিত শৰ্মা সফল হ’ব নোৱাৰিলেও কুইণ্টন ডে ককৰ অৰ্ধ-শতক আৰু আন বেটছমেনৰ দৃঢ়তাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৪ ৰানত পৰাস্ত কৰি আই পি এলত তৃতীয় জয়েৰে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে মুম্বাই ইণ্ডিয়ানছ৷ দেওবাৰৰ খেলখনত ২০৯ ৰানৰ জয়ৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০ আভাৰত সাত উইকেটত ১৭৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰে ৪৪টা বলত দুটা ছিক্সাৰ, পাঁচটা বাউণ্ডেৰীৰে সৰ্বাধিক ৬০ ৰান সংগ্ৰহ কৰিলেও  তেওঁৰ সেই প্ৰয়াস অথলে যায়৷ ৱাৰ্নাৰৰ উপৰি মনীষ পাণ্ডেই ১৯টা বলত এটা ছিক্সাৰ, চাৰিটা বাউণ্ডেৰীৰে ৩০ আৰু জনী বেয়াৰষ্টোৱে ১৫টা বলত দুটা ছিক্সাৰ, দুটা বাউণ্ডেৰীৰে ২৫ ৰান সংগ্ৰহ কৰে৷  অন্তিম পাঁচ অভাৰত ছানৰাইজাৰ্ছৰ ইনিংছত যোগ হৈছিল কেৱল ৩৫ ৰান৷ মুম্বাই ইণ্ডিয়ানছৰ ট্ৰেণ্ট বল্টে ২৮ ৰানত দুটা, জেমছ পেটিনছনে ২৯ ৰানত দুটা, যশপ্ৰীত বুমৰাই ৪১ ৰানত দুটা আৰু ক্ৰুনাল পাণ্ডিয়াই এটা উইকেট লাভ কৰে৷

টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত মুম্বাই ইণ্ডিয়ানছে ৬ ৰানতে অধিনায়ক ৰোহিত শৰ্মাৰ [৬] উইকেট হেৰুৱাইছিল৷ দলটোৰ বাবে উৎসাহৰ বিষয় যে গুৰুত্বপূৰ্ণ সময়ত অ’পেনাৰ কুইণ্টন ডে ককে ফৰ্ম ঘূৰাই পোৱাটো৷ সূৰ্যকুমাৰ যাদৱৰ সৈতে দ্বিতীয় উইকেটত ৪২ ৰান যোগ দিয়া ডি ককে ৩৯টা বলত চাৰিটা ছিক্সাৰ, চাৰিটা বাউণ্ডেৰীৰে ৬৭ ৰানৰ বৰঙণি আগবঢ়ায়৷ সূৰ্যকুমাৰে ২৩টা বলত দুটা ছিক্সাৰ, এটা বাউণ্ডেৰীৰে সংগ্ৰহ কৰে ২৭ ৰান৷ মিডল অৰ্ডাৰত ঈশান কিষান, হাৰ্ডিক পাণ্ডিয়া, কাইৰন পোলাৰ্ড আৰু ক্ৰুনাল পাণ্ডিয়াৰ দৃঢ়তাৰে মুম্বাই ইণ্ডিয়ানছে পাঁচটা উইকেটত সংগ্ৰহ কৰে ২০৮ ৰান৷ দলটোৰ ইনিংছৰ অন্তিম তিনি অভাৰত যোগ হৈছিল ৪৯ ৰান৷ পোলাৰ্ড ১৩টা বলত তিনিটা ছিক্সাৰেৰে ২৫ আৰু ক্ৰুনাল পাণ্ডিয়া চাৰিটা বলত দুটা ছিক্সাৰ, দুটা বাউণ্ডেৰীৰে ২০ ৰানত অপৰাজিত থাকে৷ তেওঁলোকৰ উপৰি ঈশান কিষানে ২৩টা বলত দুটা ছিক্সাৰ, এটা বাউণ্ডেৰীৰে ৩১ আৰু হাৰ্ডিক পাণ্ডিয়াই ১৯টা বলত দুটা ছিক্সাৰ, দুটা বাউণ্ডেৰীৰে ২৮ ৰান সংগ্ৰহ কৰে৷ ছানৰাইজাৰ্ছ হায়দৰাবাজৰ সন্দীপ শৰ্মাই ৪১ ৰানত দুটা, সিদ্ধাৰ্থ কৌলে ৬৪ ৰানত দুটা আৰু ৰছিদ খানে ২২ ৰানত এটা উইকেট লাভ কৰে৷