প্ৰদূষণ হ্ৰাসৰ লক্ষ্য! দিল্লীত দেৱালীত আতচবাজী নিষিদ্ধ
আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ ভয়ানক প্ৰদূষণৰ কবলত পৰা দিল্লীত যাতে আৰু অধিক প্ৰদূষণ নহয়, তালৈ লক্ষ্য ৰাখি দিল্লীৰ কেজৰিৱাল চৰকাৰে দীপান্বিতাৰ সময়ত আতচবাজী নিষিদ্ধ কৰাৰ কথা এতিয়াই ঘোষণা কৰে৷ বুধবাৰে এই সম্পৰ্কীয় নিৰ্দেশ জাৰি কৰি কেজৰিৱাল চৰকাৰে কয় আতচবাজী মজুত কৰি ৰখা, বিক্ৰী কৰা আৰু ব্যৱহাৰ কৰা– এই তিনিওটাই নিষিদ্ধ কৰা হৈছে৷ যদিহে কোনোৱে এই নিৰ্দেশ পালন নকৰে, তেন্তে এয়া দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হ’ব৷ গতিকে যোৱা বছৰৰ দৰে এইবাৰো দিল্লীত আতচবাজী সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব৷ দিল্লী বৰ্তমান বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ অন্যতম৷ প্ৰদূষণৰ ফলত কৰ’না আৰু আন আন ৰোগে জনতাক মৃত্যুৰ মুখলৈ ঠেলি দিছে৷ সেয়ে প্ৰদূষণ ৰোধ কৰাটো জৰুৰী হৈ পৰিছে৷ ৰাষ্ট্ৰীয় সেউজ ন্যয়াধিকৰণেও দিল্লীত আতচবাজী নিষিদ্ধ কৰি থৈছে৷