Logo
image

ষ্টেট বেংকৰ ঋণৰ সুদ কমিব

আমাৰ অসম, ১৮ ছেপ্টেম্বৰঃ যিসকলে গৃহ ঋণ ল’বলৈ বিচাৰে তেওঁলোকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ভাৰতায় ষ্টেট বেংকে৷ সেই অনুসৰি দেশৰ বৃহত্তম বিত্তীয় প্ৰতিষ্ঠানটোৱে গৃহ ঋণ লোৱাৰ ক্ষেত্ৰত সুদৰ হাৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে৷ দুৰ্গাপূজাৰ আগমুহূৰ্তত ভাৰতীয় ষ্টেট বেংকৰ এই ঘোষণা স্বাভাৱিকতে গৃহ ঋণ ল’ব খোজাসকলৰ বাবে বিশেষ উপহাৰ হিচাপে বিবেচিত হৈছে৷ অৱশ্যে এই সুযোগ লাভ কৰিবলৈ হ’লে গ্ৰাহকজনৰ চিভিল স্ক’ৰ নিশ্চিতভাৱে ভাল হ’ব লাগিব৷ কিন্তু কম সুদৰ বিনিময়ত ঋণ ল’বলৈ হ’লে গ্ৰাহকজনৰ চিভিল স্ক’ৰ কিমান হ’ব লাগিব সেই বিষয়ে ষ্টেট বেংক কতৃৰ্পক্ষই উল্লেখ কৰা নাই৷ বৃহস্পতিবাৰে সুদৰ হাৰ হ্ৰাস কৰা সন্দৰ্ভত ষ্টেটবেংকে জাৰি কৰা বিজ্ঞপ্তিটোত লগতে গ্ৰাহকসকলৰ বাবে আন কেতবোৰ সুবিধাৰ বিষয়েও উল্লেখ কৰিছে৷ উল্লেখ্য যে ইমান দিনে এজন গ্ৰাহকে ৭৫ লাখ টকাতকৈ অধিক গৃহ ঋণ ল’লে ৭.১৫ শতাংশ হাৰত সুদ আদায় দিবলগীয়া হৈছিল৷ কিন্তু পূজাৰ এই বতৰত  ভাৰতীয় ষ্টেট বেংকে যি নতুন অফাৰ আগবঢ়াইছে সেই অনুসৰি ঋণৰ সুদৰ হাৰ হ’ব ৬.৭ শতাংশ৷ তদুপৰি ঋণ গ্ৰহণৰ বাবে প্ৰয়োজন হোৱা প্ৰচেছিং মাচুল সম্পূৰ্ণ ৰেহাই দিয়া বুলিও বিজ্ঞপ্তিটোত বেংক কতৃৰ্পক্ষই উল্লেখ কৰিছে৷ ষ্টেট বেংক কতৃৰ্পক্ষৰ মতে উৎসৱৰ এই অফাৰৰ ফলত গ্ৰাহকসকলে ৪৫ বেছিছ পইণ্ট [বিপিএছ] বচাবলৈ সক্ষম হ’ব৷ সেই অনুসৰি কোনোবাই যদি ৩০ বছৰত পৰিশোধযোগ্য ৭৫ লাখ টকা ঋণ লয় তেন্তে এই সমগ্ৰ সময়ছোৱাত গ্ৰাহকজনে ঋণ লোৱা ধনৰ বিপৰীতে ৮ লাখৰো অধিক টকা সুদ কমকৈ আদায় দিবলগীয়া হ’ব৷ তদুপৰি উৎসৱৰ বতৰত ভাৰতীয় ষ্টেটবেংক গ্ৰাহকসকলৰ বাবে আন এক নতুন সুবিধা আগবঢ়াইছে৷ সেই অনুসৰি যিসকল গ্ৰাহক দৰ্মহাভোগী নহয় তেওঁলোকে ইমানদিনে ঋণৰ বিপৰীতে ১৫ বিপিএছ অধিক হাৰত সুদ আদায় দিবলগীয়া হৈছিল৷ নতুন অফাৰত সেয়া সলনি কৰা হৈছে৷ নতুন অফাৰ অনুসৰি দৰ্মহা ভোগী নোহোৱা গ্ৰাহকসকলেও এতিয়াৰে পৰা ৬.৭ শতাংশ হাৰত সুদৰ সুযোগ গ্ৰহণ কৰিব পাৰিব৷ ভাৰতীয় ষ্টেটবেংকৰ অন্যতম পৰিচালন সঞ্চালক এছ ছেট্টীয়ে প্ৰকাশ কৰা মতে সাধাৰণতে সুদ ৰেহাই দিয়াৰ ক্ষেত্ৰত বিভিন্ন চৰ্তাৱলী  প্ৰযোজ্য হয়৷ বিশেষকৈ গ্ৰাহকজনে সৰ্বোচ্ছ কিমান টকাৰ ঋণ ল’ব বা ঋণ ল’ব খোজা গ্ৰাহকজন দৰ্মহাভোগী চাকৰিয়াল হয় নে নহয় সেয়া বিচাৰ কৰা হয়৷ কিন্তু বেংকটোৰ শেহতীয়া অফাৰ অনুসৰি এতিয়াৰে পৰা সেই ব্যৱস্থা নাথাকিব আৰু  যিকোনো পৰিমাণৰ ঋণৰ ক্ষেত্ৰতে সুদ ৰেহাইৰ ব্যৱস্থা থাকিব৷