ৰূপানি-কন্যাৰ ৰোষত বিজেপিয়েই নহয়, মোদীও
আমাৰ অসম, ১৮ ছেপ্টেম্বৰঃ গুজৰাটৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পাছত বিজেপি দলটোৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰূপানিৰ কন্যা ৰাধিকা ৰূপানিয়ে৷ লণ্ডনৰ বাসিন্দা ৰাধিকাই পিতৃ বিজয় ৰূপানিৰ পদত্যাগৰ পাছত নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ যিসকলে ৰূপানিৰ নম্ৰতা আৰু সৰলতাক তেওঁৰ বিফলতাৰ কাৰণ বুলি উল্লেখ কৰিছে তেওঁলোকৰ প্ৰতি ৰাধিকাই ফেচবুকত আৱেগভৰা এটা দীঘলীয়া পোষ্ট যোগে উষ্মাভৰা মন্তব্য প্ৰকাশ কৰিছে৷ ৰাধিকাই কয়, নম্ৰভাষী আৰু সৰল চৰিত্ৰ এজন ৰাজনীতিকৰ চৰিত্ৰ হ’ব নোৱাৰে নেকি? ৰাজনীতিকজন সংবেদনশীল হোৱা উচিত নহয়নে? এনে গুণ এজন ৰাজনীতিকৰ থকাটো কিয় অনুচিত বুলি প্ৰশ্ন কৰে ৰাধিকাই৷ ৰাধিকা ৰূপানিয়ে ফেচবুক পোষ্টটোৰ জৰিয়তে পিতৃৰ সৈতে থকা এখন পুৰণি আলোকচিত্ৰও শ্বেয়াৰ কৰে৷ তেওঁ পিতৃয়ে পদত্যাগ কৰিবলগীয়া হোৱা বাবে বিজেপি দলটোৰ নেতাসকলৰ লগতে আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ৰাধিকাই উল্লেখ কৰে ২০০২ চনত গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত যেতিয়া সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল তেতিয়া মোৰ পিতৃয়েই সকলোতকৈ আগতে গৈ ঘটনাস্থলীত উপস্থিত হৈছিল৷ নৰেন্দ্ৰ মোদী বহু পলমকৈ তালৈ গৈছিল৷ একেদৰে সাগৰীয় ধুমুহা টাউকে আৰু কৰ’নাই সৃষ্টি কৰা জটিল পৰিস্থিতিত দেউতাই পুৱতি নিশা আঢ়ৈ বজালৈকে কাম কৰিছিল৷ এইবোৰ কি ভুল আছিল? পোষ্টটোত তেওঁ পুনৰ কয়, মোৰ দেউতাই ১৯৭৯ চনৰ পৰাই দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা ৰূপে সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত বিভিন্ন পদমৰ্যাদাৰে দলৰ সেৱা কৰি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল৷ বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ কাম কৰা মানুহজনে দলৰ ষড়যন্ত্ৰৰ ওচৰত সৰলতাৰ মূল্য দিবলগীয়া হ’ল৷ তেওঁ লগতে কয়, গুজৰাটত বাহুবল আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মোৰ দেউতাই যুঁজ দিছিল৷ এটা সময়ত গুজৰাটত ভূমি বেদখলকে আদি কৰি বিভিন্ন অবৈধ কাম-কাজ ৰোধ কৰিবলৈ দেউতাই আইনৰ ব্যৱস্থা কৰিছিল৷ এই সকলোবোৰ কাম কৰাৰ পাছতো দেউতাৰ সৰলতা আৰু স্বল্পভাষী চৰিত্ৰ দলৰ নেতাসকলে তেওঁৰ বিফলতাৰ কাৰণ বুলি উল্লেখ কৰিছে৷ এয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ ফেচবুক পোষ্টটোত তেওঁ পুনৰ কয়, মোৰ দেউতাই সদায় কৈছিল– দেশৰ ৰাজনীতি ভাৰতীয় চিনেমা আৰু পুৰণি ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত৷ এই ধাৰণা সলনি কৰিব লাগিব বুলি প্ৰায়েই উল্লেখ কৰিছিল মোৰ দেউতাই৷ কিন্তু এনেবোৰ মানসিকতাৰ মানুহজনক দলে ষড়যন্ত্ৰেৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰালে৷ উল্লেখ্য যে, বিজয় ৰূপানিৰ পদত্যাগৰ পিছত তেওঁৰ কন্যাই ফেচবুক পোষ্টযোগে প্ৰকাশ কৰা মন্তব্যটোৱে গুজৰাটৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে৷