Logo
image

দেশত ‘টুইনডেমিক’ৰ আশংকা বিশেষজ্ঞ ৰ

কৰ’নাৰ লগতে হ’ব ভাইৰেল জ্বৰ, ডেংগু, মেলেৰিয়া

আমাৰ অসম, ১৮ ছেপ্টেম্বৰঃ দেশত কৰ’নাৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই৷ গতিকে পৰিস্থিতি কেতিয়া স্বাভাৱিক হ’ব, সেয়া এতিয়াও ক’ব পৰা হোৱা নাই৷ তাৰ মাজতে কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাই দেখা দিছে৷ গতিকে দেশবাসীক সাৱধান হ’বলৈ সকীয়াই দিয়া হৈছে৷ কিন্তু তাৰ সমান্তৰালভাৱে দেশত আৰম্ভ হৈছে ভাইৰেল জ্বৰ, ডেংগু, মেলেৰিয়া আদি৷ উত্তৰ প্ৰদেশত আৰম্ভ হোৱা ভাইৰেলজ্ব ৰ, ডেংগু, মেলেৰিয়াৰ ত্ৰাস এতিয়া দেশৰ আন প্ৰান্তলৈও বিয়পি পৰিছে৷ উত্তৰ প্ৰদেশতে শতাধিক লোকৰ মৃত্যু হৈছে৷ হাহাকাৰ লাগিছে ৰাইজৰ মাজত৷ বিশেষকৈ অধিক শিশু আক্ৰান্ত হোৱাত পিতৃ-মাতৃ চিন্তিত হৈ পৰিছে৷ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত বেডৰ অভাৱ হৈছে৷ মধ্য প্ৰদেশৰ ইন্দোৰতো সহস্ৰাধিক শিশু-লোক ইয়াৰ কবলত পৰিছে৷ গতিকে বিষেজ্ঞ ই আশংকা কৰিছে যে দেশত অহা দিনবোৰত সৃষ্টি হ’ব ‘টুইনডেমিক’৷ অৰ্থাৎ কৰ’নাৰ লগতে ভাইৰেল জ্বৰ, ডেংগু আৰু মেলেৰিয়াৰ ত্ৰাস একেলগে আৰম্ভ হ’ব৷ ফলত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে৷ আগেয়ে আমেৰিকাৰ পিটছবাৰ্গ বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাই এনে হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছিল৷ এতিয়া ভাৰতত কৰ’নাৰ মাজতে বিভিন্ন ৰাজ্যত হাজাৰ হাজাৰ শিশু, প্ৰাপ্তবয়স্ক লোক এইবোৰত আক্ৰান্ত হোৱাত ভাৰতৰ স্বাস্থ্য বিশেষজ্ঞ সকল চিন্তিত হৈ পৰিছে৷ উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ, মথুৰা আদিত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷