Logo
image

আফগানিস্তানৰ বিস্ফোৰণ, নিহত দুই

আমাৰ অসম, ১৮ ছেপ্টেম্বৰঃ আফগানিস্তান শনিবাৰে বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। আফগানিস্তানৰ পূব প্ৰান্তৰ চহৰ জালালাবাদত তিনিটাকৈ বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত কমেও দুজন লোক নিহত হোৱাৰ লগতে ২০ জনকৈ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই তথ্য প্ৰকাশ কৰিছে এজন তালিবান নেতাই। তালিবান নেতাই কয় যে, এতিয়ালৈকে দুজনৰ মৃত্যু আৰু ২০ জনতকৈ অধিক আঘাতপ্ৰাপ্ত হৈছে ৷ আহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। ক্ষয়ক্ষতিৰ পৰিমাণ আৰু বিস্ফোৰণৰ কাৰণ জানিবলৈ আৰম্ভ কৰা হৈছে তদন্ত।