Logo
image

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পদত্যাগ

আমাৰ অসম, ১৮ ছেপ্টেম্বৰঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে কেপ্টেইন অমৰিন্দৰ সিঙে। ৰাজ্যপাল বনৱাৰিলাল পুৰোহিতৰ হাতত পদত্যাগ দিয়ে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে। অমৰিন্দৰ সিঙে আবেলি প্ৰায় ৪.৩০ বজাত ৰাজ্যপালক লগ কৰিব আৰু পদত্যাগ পত্ৰ দাখিল কৰে। দীৰ্ঘদিন ধৰি নভজ্যোত সিং সিদ্ধুৰ শিৱিৰৰ সৈতে সংঘাত হৈ আছিল। অমৰিন্দৰৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰে যে, পদ ত্যাগ কৰিলে দলো ত্যাগ কৰিব। আজি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব যদিও বৈঠকৰ পূৰ্বে পদত্যাগ কৰিব পাৰে মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে৷  উচ্চ স্তৰীয় বৈঠকত উপস্থিত থাকিব পঞ্জাৱৰ পৰ্যবেক্ষক কংগ্ৰেছ নেতা অজয় মাকেন। নেতৃত্ব পৰিৱৰ্তনৰ অনুমানৰ মাজত তিনিজন নেতাৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে পূৰ্ণ গতিত চৰ্চা চলিছে। ইয়াৰ ভিতৰত আছে পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুনীল জাখৰ, প্ৰতাপ সিং বাজৱা আৰু বেয়ন্ত সিঙৰ নাতি আৰু সাংসদ ৰৱনীত সিং বিট্টুৰ নাম ওলাইছে।