Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় বঁটা

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিছে ৰাষ্ট্ৰীয় সন্মান৷ কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ [এন এছ এছ] ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ড॰ ৰঞ্জন কুমাৰ কাকতি৷ উল্লেখ্য, এইবাৰেই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে অসম তথা গুৱাহাটী বিশ্ববিদ্যালয়ে৷ আনহাতে, ব্যক্তিগতভাৱে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছৰ সমন্বয়ক তথা ছাত্ৰ কল্যান সঞ্চালক ড॰ ৰঞ্জন কুমাৰ কাকতি৷ গুৱাহাটী বিশ্ববিদ্যালয়ে দলীয় আৰু এককভাৱে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনস্থ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ সমন্বয়ক আৰু কাৰ্যসূচী বিষয়াৰ লগতে এন এছ এছৰ কৰ্মকৰ্তাসকলৰ উপৰি সমগ্ৰ বিশ্ববিদ্যালয় পৰিয়াল স্বাভাৱিকতে উৎফুল্ল হৈ পৰিছে৷ ২৪ ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা বঁটা গ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ প্ৰতাপজ্যোতি সন্দিকৈ আৰু এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড॰ ৰঞ্জন কুমাৰ কাকতিয়ে৷ এই সন্দৰ্ভত ইতিমধ্যে আমন্ত্ৰণৰ যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰণালয়ে৷ ২০১৯-২০ বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড॰ প্ৰতাপজ্যোতি সন্দিকৈয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত এন এছ এছৰ দুটাকৈ বঁটা লাভ কৰাৰ বাবে এন এছ এছৰ সমন্বয়ক ড॰ ৰঞ্জন কুমাৰ কাকতিক অভিনন্দন জ্ঞাপন কৰিছে৷