Logo
image

মহাকাশত তিনিদিন কটাই উভতিল ৪ ‘পৰ্যটক’

স্পেছ-এক্সৰ ‘ইন্সপিৰেশ্বন-৪’ শীৰ্ষক মহাকাশ অভিযানৰ সফল সামৰণি 

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ কোটিপতি এলান মাস্কৰ প্ৰতিষ্ঠান স্পেছ-এক্সৰ প্ৰথম মহাকাশ অভিযান ‘ইন্সপিৰেশ্বন-৪’ৰ দেওবাৰে সফল সামৰণি পৰে৷ উল্লেখ্য যে এই অভিযানত ৪জন অসামৰিক পৰ্যটকক অন্তৰ্ভুক্ত কৰা হৈছিল৷ এই পৰ্যটক চাৰিজনক লৈয়ে বিগত তিনিদিন ধৰি স্পেছ-এক্সৰ ড্ৰেগন মহাকাশ যানে পৃথিৱীক প্ৰদক্ষিণ কৰি আছিল৷ আৰু অৱশেষত দেওবাৰে পুৱা ফ্লৰিডাৰ উপকূলৰ সমুদ্ৰত পৰ্যটক চাৰিজনে সফলতাৰে অৱতৰণ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, স্পেছ-এক্সৰ এইখন মহাকাশ যানেই আছিল বিশ্বৰ প্ৰথমখন মহাকাশ যান যিখনে সাধাৰণ নাগৰিকক লৈ মহাকাশ অভিযান কৰিবলৈ সক্ষম হয়৷ অভিযানটোৰ নেতৃত্ব দিছিল ৩৭ বছৰীয়া জাৰেক আইজাকমানে৷ তেওঁৰ সৈতে থকা আন তিনিজন পৰ্যটক আছিল হেলী আৰ্চিনাক্স, ছন প্ৰক্টৰ আৰু ক্ৰীছ ছামব্ৰোস্কি৷ দেওবাৰে নিচেই পুৱা স্পেছ-এক্সৰ ড্ৰেগন কেপছুলটো সমুদ্ৰ পৃষ্ঠত অৱতৰণ কৰাৰ পাছত এখন বিশেষ নাৱেৰে পাৰলৈ অনা হয়৷ ইয়াৰ পাছতে কেপছুলটোৰ পৰা প্ৰথমে ওলাই আহে হেলী আৰ্চিনাক্স৷ তেওঁৰ পাছত আহে মিছনটোৰ পাইলট ৫১ বছৰীয়া ছন প্ৰক্টৰ আৰু ৪২ বছৰীয়া ক্ৰীছ ছামব্ৰোস্কি৷ একেবাৰে শেষত কেপছুলটোৰ পৰা ওলায় ৩৭ বছৰীয়া জাৰেক আইজাকমান৷ উল্লেখ্য আইজাকমানে নেতৃত্ব প্ৰদান কৰিছিল ‘ইন্সপিৰেশ্বন-৪’ শীৰ্ষক মহাকাশ অভিযানটোৰ৷ যোৱা বৃহস্পতিবাৰে পুৱা ৫-৩০ বজাত স্পেছ-এক্সৰ মহাকাশ যানখনে সাধাৰণ পৰ্যটক কেইজনক কঢ়িয়াই ফ্লৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা ফেলকন-৯ ৰকেটৰ জৰিয়তে মহাকাশ অভিমুখে ৰাওনা হৈছিল৷