Logo
image

ছোনিয়া গান্ধীৰ পৰা ‘আই এম ছ’ৰী’ শুনিয়েই পদত্যাগ কৰিছিল কেপ্টেইনে

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ পঞ্জাব কংগ্ৰেছত চলি থকা ক্ষমতাকেন্দ্ৰিক যুঁজখনত অৱশেষত হাৰ মানিলে এসময়ৰ প্ৰতাপী সৈনিক তথা প্ৰদেশ কংগ্ৰেছৰ আগশাৰীৰ নেতা কেপ্টেইন অমৰিন্দৰ সিঙে৷ শনিবাৰে আবেলি তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে দেশজুৰি চৰ্চা চলে৷ পাছত কেপ্টেইন অমৰিন্দৰ সিঙে সংবাদ মাধ্যমৰ আগত সবিশেষ ৰাজহুৱা কৰে৷ বিজেপিৰ পৰা কংগ্ৰেছলৈ যোৱা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোট সিং সিদ্ধুৰ কূটনীতিত পৰি তেওঁ অৱশেষত মুখ্যমন্ত্ৰীৰ পদটোকে হেৰুৱালগীয়া হয়৷ শনিবাৰে তেওঁ পদত্যাগ কৰিব বুলি কোনোৱে ভাবিব পৰা নাছিল৷ কিন্তু ছোনিয়া গান্ধীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছতে তেওঁ পদত্যাগ কৰে৷ দুপৰীয়াৰ ভাগত ছোনিয়া গান্ধীয়ে কেপ্টেইন অমৰিন্দৰ সিঙলৈ টেলিফোন কৰিছিল৷ কিন্তু বাহিৰত থকা বাবে তেওঁ ফোন ৰিচিভ কৰিব পৰা নাছিল৷ পাছত অমৰিন্দৰ সিঙে নিজে টেলিফোন কৰে৷ উল্লেখ্য, শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সিদ্ধুৰ আহ্বানত অমৰিন্দৰ সিঙৰ স্থানত নতুন বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে বৈঠক আয়োজন কৰা হৈছিল৷ সেয়ে ফোনত অমৰিন্দৰ সিঙে ছোনিয়া গান্ধীৰ ওচৰত আপত্তি জনায় কয়– ‘মহোদয়া এইবোৰ কি হৈছে? এনে হৈ থাকিলে মই পদত্যাগ কৰিম৷ মই ভাবোঁ যে মুখ্যমন্ত্ৰী পদ এৰাটোৱেই ভাল হ’ব৷’ ইয়াৰ উত্তৰত ছোনিয়া গান্ধীয়ে কয়– ‘আই এম ছ’ৰী অমৰিন্দৰ৷ আপুনি পদত্যাগ কৰিব পাৰে৷’ ছোনিয়া গান্ধীৰ পৰা এনে কথা শুনি অন্তৰত আঘাত পায় অমৰিন্দৰ সিঙে৷ গতিকে তেওঁ বিলম্ব নকৰি পদত্যাগ কৰে৷ কালি পদত্যাগ কৰি তেওঁ কয় যে এতিয়াই ৰাজনীতি ত্যাগ নকৰে৷ কিন্তু নতুন দলো গঠন নকৰে৷ অপেক্ষা কৰিব নতুন সুযোগলৈ৷ দলৰ হাইকমাণ্ডৰ আচৰণত তেওঁ লজ্জা অনুভৱ কৰে৷ গতিকে বিজেপিৰ সৈতে বহুখিনি কথাৰ মিল থকা অমৰিন্দৰ সিঙে বিজেপিত যোগ দিব নেকি, তাক লৈও ব্যাপক চৰ্চা চলিছে৷ ইতিমধ্যে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অমৰিন্দৰ সিঙলৈ সমৰ্থন অগবঢ়াই কয় যে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধীতকৈ অমৰিন্দৰ সিং অধিক জনপ্ৰিয় হোৱা বাবেই তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হয়৷