Logo
image

আহি গ’ল ই-বেবীৰ জামানা

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ ইণ্টাৰনেটৰ জৰিয়তে এতিয়া দৈনন্দিন জীৱনৰ প্ৰায় সকলো কাম-কাজেই সম্ভৱ৷ পিছে ইণ্টাৰনেটৰ জৰিয়তে সন্তানো যে জন্ম দিব পাৰি সেয়া কেইদিনমানলৈকে অলীক কল্পনা যেন হৈ থাকিলেও এতিয়া অবিশ্বাস্যভাৱে তাকো বাস্তৱ হৈছে৷ ষ্টেফানি টেইলৰ নামৰ এগৰাকী ব্ৰিটিছ তৰুণীয়ে এটি ই-বেবীৰ জন্ম দি এনে কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলাত পৰিণত হৈছে৷ ৩৩ বছৰীয়া ষ্টেফানিক দ্বিতীয় এটি সন্তানৰ প্ৰয়োজন, কিন্তু তেওঁ তাৰ বাবে কোনো সম্পৰ্কত জড়িত হৈ পৰাৰ ইচ্ছা নাই৷ এনে ক্ষেত্ৰত প্ৰচলিত উপায় আছিল এটা– কোনো গৰ্ভধাৰণ কেন্দ্ৰলৈ গৈ সন্তান ধাৰণ কৰা৷ কিন্তু ষ্টেফানিয়ে সেই পথেৰে আগবাঢ়িবলৈ ইচ্ছা নকৰিলে৷ ইয়াৰ বিপৰীতে তেওঁ ইণ্টাৰনেটৰ জৰিয়তে শুক্ৰাণু ক্ৰয় কৰিলে৷ ইউটিউব চাই চাই সেই শুক্ৰাণু গৰ্ভত কেনেদৰে প্ৰৱেশ কৰাব পাৰি তাকো শিকি ল’লে৷ সৰ্বশেষত তেওঁ ই-বেৰ পৰা ক্ৰয় কৰিলে প্ৰজনন প্ৰক্ৰিয়াৰ বাবে দৰকাৰী ‘ইনছেমিনেশ্বন কিট’, অৰ্থাৎ চিকিৎসা সামগ্ৰীৰ৷ ইয়াৰ পাছতে তেওঁ সেই চিকিৎসা সামগ্ৰী ব্যৱহাৰ কৰি ইউটিউবৰ শিক্ষাৰে গৰ্ভত প্ৰৱেশ কৰালে ইণ্টাৰনেটৰ পৰা ক্ৰয় কৰা শুক্ৰাণু৷ সমস্ত প্ৰক্ৰিয়াটোত ষ্টেফানি যে শুদ্ধ আছিল সেয়া দহমাহ পাছত প্ৰমাণিত হ’ল৷ দহ মাহৰ  পাছত ষ্টেফানিয়ে এটি সুন্দৰ স্বাস্থ্যৰ, দীপলিপ কন্যা সন্তানৰ জন্ম দিলে৷ ষ্টেফানিয়ে সন্তানটিৰ নাম ৰাখিছে ইডেন৷ পিছে সকলোৱে ষ্টেফানিৰ এই সন্তানক ই-বেবী হিচাপে আখ্যা দিছে৷ কোৱা হৈছে, এনেদৰে সকলো প্ৰক্ৰিয়া ইণ্টাৰনেটৰ জৰিয়তে সম্পন্ন কৰি সফলভাৱে সন্তান জন্ম দিয়াৰ ঘটনা বিশ্বত এয়াই প্ৰথম৷ সেয়ে ইডেনৰ নাম ই-বেবী হোৱাটোৱেই অধিক প্ৰযোজ্য৷

প্ৰথমে ষ্টেফানিয়ে গৰ্ভধাৰণ কেন্দ্ৰত গৈ সন্তান ধাৰণ কৰা আৰু জন্ম দিয়াৰ পৰিকল্পনা কৰিছিল৷ পিছে তেওঁ কেইবাটাও গৰ্ভধাৰণ কেন্দ্ৰলৈ গৈ দেখিলে, এই প্ৰক্ৰিয়াটো অতি ব্যয়বহুল৷ তেতিয়া তেওঁ তাৰ বিকল্পৰ সন্ধান আৰম্ভ কৰিলে৷ বিকল্প বিচাৰোতে বিচাৰোতে ষ্টেফানিয়ে ইণ্টাৰনেট চলাথ কৰি এসময়ত সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে পৰিচিত হৈ পৰিল৷ এই বিষয়ত তেওঁ নজনা কোনো তথ্যই নাথাকিল৷ তেতিয়াই মনলৈ সাহস আহিল ষ্টেফানিৰ৷ সকলো যিহেতু জানেই, এই প্ৰক্ৰিয়াটো তেওঁ নিজেই কৰিব পাৰে৷ তাৰ পাছতে তেওঁ বাস্তৱক্ষেত্ৰত আগবাঢ়িল আৰু এতিয়া সফল কেইটামান পদক্ষেপৰ পাছত ষ্টেফানি বিশ্বৰ প্ৰথমটো ই-বেবীৰ মাতৃ৷