Logo
image

পঞ্জাবত ‘জনপ্ৰিয়’ সিদ্ধুৰ নেতৃত্বতে যুঁজিব কংগ্ৰেছে, সুনীল জাখাৰৰ বিৰোধ

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক গাদীচ্যুত কৰিবলৈ সক্ষম হোৱা নৱজোট সিং সিদ্ধুৰ নেতৃত্বতে ২০২২ চনৰ পঞ্জাবৰ বিধানসভা নিৰ্বাচন খেলিব কংগ্ৰেছে৷ পঞ্জাব কংগ্ৰেছৰ তত্ত্বাৱধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱটে দেওবাৰে এই কথা প্ৰকাশ কৰে৷ তেওঁৰ মতে পঞ্জাবত সিদ্ধু ‘অতি জনপ্ৰিয়’৷ পঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী হিচাপে চৰণজিৎ সিং চন্নিয়ে সোমবাৰে পুৱা ১১ বজাত শপত লোৱাৰ পূৰ্বে হৰিশ ৰাৱটে এই কথা ঘোষণা কৰে৷ অৰ্থাৎ নতুন মুখ্যমন্ত্ৰীয়ে অহা কেইটামান মাহ যেনে-তেনে মুখ্যমন্ত্ৰীৰ আসনখন চম্ভালিব৷ কিন্তু অহা বছৰ হ’বলগীয়া বিধানসভা নিৰ্বাচনত সম্পূৰ্ণ নেতৃত্ব দিব নৱজোট সিং সিদ্ধুৱে৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ’ব সেয়া দলৰ হাইকমাণ্ডে নিৰ্ধাৰণ কৰিব, কিন্তু সিদ্ধুৱেই যে নিৰ্বাচনত দলক নেতৃত্ব দিব, সেয়া চূড়ান্ত৷ সিদ্ধুৰ নেতৃত্বত কংগ্ৰেছে জয়লাভ কৰিব বুলিও হৰিশ ৰাৱটে আশা প্ৰকাশ কৰে৷ কিন্তু সিদ্ধুৰ নেতৃত্বত কংগ্ৰেছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাক লৈ প্ৰশ্ন তুলিছে প্ৰাক্তন ৰাজ্যিক সভাপতি সুনীল জাখাৰে৷ ইয়াৰ দ্বাৰা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ অধিকাৰ লাঘৱ হ’ব বুলিও তেওঁ কয়৷