Logo
image

ক’ভিশ্বিল্ডক লৈ যুযুধান ভাৰত-ব্ৰিটেইন

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ ব্ৰিটেইনতে উদ্ভাৱন কৰা কিন্তু ভাৰতত উৎপাদিত ক’ভিশ্বিল্ড প্ৰতিষেধক লোৱা ভাৰতীয় বা আন দেশৰ নাগৰিকক ব্ৰিটেইনত প্ৰৱেশৰ ক্ষেত্ৰত দেশখনে চৰ্ত আৰোপ কৰাত ভাৰতেও ব্ৰিটেইনক অনুৰূপ জৱাব দিব বুলি মন্তব্য কৰিছে৷ ব্ৰিটেইনৰ চৰকাৰে সোমবাৰে আচম্বিতে ঘোষণা কৰে, ছিৰাম ইনষ্টিটিউটে উৎপাদন কৰা প্ৰতিষেধক ক’ভিশ্বিল্ডৰ দুপালি ল’লেও ব্ৰিটেইনে তেনে ব্যক্তিৰ টিকাকৰণ হোৱা বুলি বিবেচনা নকৰে৷ তেনে ব্যক্তিয়ে ব্ৰিটেইনত প্ৰৱেশ কৰিলে ১০ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব৷ ব্ৰিটেইনৰ এই ঘোষণা আৰু সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতে৷ বৈদেশিক মন্ত্ৰণালয়ে ব্ৰিটেইনৰ এই সিদ্ধান্ত বৈষম্যমূলক বুলি অভিহিত কৰিছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে কৈছে–‘ক’ভিশ্বিল্ডক স্বীকৃতি প্ৰদান নকৰাতো ব্ৰিটেইনৰ বৈষম্যমূলক নীতি৷ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই সন্দৰ্ভত ব্ৰিটিছ বৈদেশিক মন্ত্ৰীক ভাৰতৰ উদ্বেগৰ বিষয়ে জনাইছে৷ আশাকৰো জৰুৰী ভিত্তিত তেওঁলোকে এই সমস্যাৰ সমাধান কৰিব৷’ উল্লেখ্য, ক’ভিডৰ সংক্ৰমণ পূৰ্বৰ তুলনাত শাম কটাত সম্প্ৰতি বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ভাৰতীয় নাগৰিক ব্ৰিটেইনলৈ ৰাওনা হৈছে৷ ব্ৰিটিছ চৰকাৰৰ এই অবিবেচকী সিদ্ধান্তত তেওঁলোকে গভীৰ সমস্যাৰ সন্মুখীন হ’ব৷ সেয়ে ব্ৰিটেইনে এই সিদ্ধান্ত সলনি নকৰিলে ভাৰতেও অনুৰূপ পদক্ষেপ ল’ব বুলি সকীয়াই দিছে৷ ‘আমি প্ৰতিষেধকৰ স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত সহযোগী ৰাষ্ট্ৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ৷ সেইমতে ব্ৰিটেইনকো পদক্ষেপ লোৱাৰ পৰামৰ্শ দিছো৷ এয়া পাৰস্পৰিক সহযোগিতাৰ বিষয়৷ যদিহে আমি পাৰস্পৰিক সহযোগিতা নাপাঁও, কোনো দেশে যদি একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে আমিও একপক্ষীয় সিদ্ধান্ত ল’বলৈ বাধ্য হ’ম,’–বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিবৃতিত এনেদৰে কয়৷ প্ৰসংগত উল্লেখ্যযোগ্য, ক’ভিশ্বিল্ড উদ্ভাৱন কৰিছিল ব্ৰিটেইনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত জেনাৰ ইনষ্টিটিউটে৷ প্ৰতিষেধকবিধ প্ৰস্তুত কৰাৰ দায়িত্ব লাভ কৰিছিল ব্ৰিটিছ-ছুইডিছ কোম্পানী এষ্ট্ৰাজেনেকাই৷ ভাৰত আৰু একাংশ উন্নয়নশীল দেশৰ বাবে এই প্ৰতিষেধক প্ৰস্তুত কৰাৰ দায়িত্ব পায় পুনেৰ ছিৰাম ইনষ্টিটিউটে৷ সেই প্ৰতিষেধকৰ নাম হয় ক’ভিশ্বিল্ড৷ এই প্ৰতিষেধকক আৰম্ভণিতেই ‘হু’ৱে স্বীকৃতি প্ৰদান কৰে৷ আনকি ব্ৰিটেইনেও কেইবালাখপালি ক’ভিশ্বিল্ড ভাৰতৰ পৰা আমদানি কৰি দেশত ক’ভিডৰ টিকাকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে৷ তাৰ পাছত দেশখনে হঠাতে লোৱা এই পদক্ষেপে ক’ভিশ্বিল্ড লোৱা বহুসংখ্যক দেশৰ নাগৰিকক বিমোৰত পেলাব বুলি আশংকা কৰা হৈছে৷ আনহাতে আমেৰিকায়ো অহা নৱেম্বৰৰ পৰা ক’ভিশ্বিল্ড লোৱা আৰু টিকাকৰণ সম্পূৰ্ণ হোৱা সকলো ব্যক্তিকে দেশত প্ৰৱেশৰ অনুমতি দিব বুলি ঘোষণা কৰিছে৷ আমেৰিকাই টিকাকৰণ সম্পূৰ্ণ হোৱা ৩৩খন দেশক সেউজ সংকেত দিছে, য’ত ভাৰতো আছে৷ কেৱল ক’ভাক্সিন লোৱা ব্যক্তিকহে এতিয়ালৈকে অনুমতি প্ৰদান কৰা নাই৷ ইউৰোপিয়ান ইউনিয়ন আৰু ইউৰোপৰ অধিকাংশ দেশেও ক’ভাক্সিনৰ দুপালি লোৱা ব্যক্তিক প্ৰৱেশাধিকাৰ দিছে৷ তেনেস্থলত ব্ৰিটেইনৰ এই সিদ্ধান্ত স্বাভাৱিকতে অবিবেচক হিচাপে পৰিগণিত হৈছে৷