Logo
image

এটা চাকৰিৰ ‘দাম’ কিমান

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অনুষ্ঠিত এপিডিচিএলৰ পৰীক্ষাৰ বিয়াগোম কেলেংকাৰি ফাদিল কৰিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভিজিলেন্সে৷ ২০১৯ চনত অনুষ্ঠিত এপিডিচিএলৰ পৰীক্ষাৰ ফলাফলত ধনৰ বিনিময়ত প্ৰাৰ্থী বাছনিৰ চেষ্টা চলাই গ্ৰেপ্তাৰ হ’ব লগা হ’ল ১০জন বিষয়া-কৰ্মচাৰী৷ বিশেষ ব্যক্তিৰ পৰা ৰাজ্যপালে লাভ কৰা লিখিত অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰী তদাৰকী কোষে শুকুৰবাৰে ৪/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি এপিডিচিএলৰ অধ্যক্ষ [মুখ্য সচিব] জিষ্ণু বৰুৱাৰ বিশেষ কৰ্তব্যৰত বিষয়া [অ’এছডি] দীপাংকৰ দিহিঙীয়াক গ্ৰেপ্তাৰ কৰিছে৷ তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা মূল্যায়ন কোষৰ সৈতে জড়িত  কনিষ্ঠ সহায়ক শশাংক শইকীয়া, বিশ্ববিদ্যালয়ৰ অস্থায়ী কৰ্মচাৰী ত্ৰিদিপ শৰ্মা, সুৰক্ষাকৰ্মী বেবিলন কাকতি আৰু উত্তৰবহী মূল্যায়নৰ ঠিকাদাৰী প্ৰতিষ্ঠান ‘নেইকম ইম্প্ৰেছন’ৰ ৬ কৰ্মচাৰী দুলুমণি ডেকা, ফাৰাহ আলম, জয়ন্ত ডেকা, কণকণ শৰ্মা, কৌশিক দাস আৰু বিশ্বজিৎ বৰ্মনকো শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে চি এম ভিজিলেন্স৷ এপিডিচিএলৰ সৰ্বমুঠ ১,৮৯৭টা পদৰ বাবে অনুষ্ঠিত অ’ এম আৰ ভিত্তিক লিখিত পৰীক্ষাত প্ৰাৰ্থীক বাছনি কৰোৱাৰ নামত এই চক্ৰটোৱে ধনৰ জাল পেলাইছিল৷ কেলেংকাৰি তথ্য প্ৰমাণ লাভ কৰাৰপাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ পৰীক্ষাটো বাতিল কৰি নতুনকৈ অনুষ্ঠিত কৰাৰ নিৰ্দেশ জাৰি কৰিছে৷ অৱশ্যে আৰক্ষীয়ে ১০ জন বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিলেও অন্যতম মাষ্টাৰ মাইণ্ড এপিডিএলৰ পৰীক্ষা মূল্যায়ন নিৰীক্ষণকাৰী ব’ৰ্ডৰ সদস্য তথা মুখ্য মহা প্ৰৱন্ধক আতাউৰ ৰহমান পলাতক হৈ আছে৷ তদন্তকাৰী আৰক্ষীৰ শীৰ্ষ সূত্ৰই সদৰী কৰা মতে এপিডিচিএলে ২০১৯ চনৰ ১৭ ফেব্ৰুৱাৰী আৰু ২৮ এপ্ৰিলত অফিচ কাম ফিল্ড এচিষ্টেণ্ট, সহায়ক আৰু গাড়ী চালকৰ সৰ্বমুঠ ১,৮৯৭টা পদৰ বাবে অ’এমআৰ ভিত্তিত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ ৰাজ্যৰ সকলো জিলাকে সামৰি ৬৬৯টা পৰীক্ষা কেন্দ্ৰত আবেদনকাৰী ২.৩৬ লাখ প্ৰাৰ্থীৰ ভিতৰত ৰ.৮০ লাখ প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ উক্ত পৰীক্ষাৰ পৰিচালনাৰ বাবে গুৱাহাটীৰ জু-ৰোডস্থিত বানোৱাৰীলাল আগৰৱালা নামৰ ব্যৱসায়ীৰ মালিকাধীন নেইকম ইম্প্ৰেছন নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানক নিয়োগ কৰিছিল৷ ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত পৰীক্ষা সুকলমে অনুষ্ঠিত হৈছিল যদিও ২৮ এপ্ৰিলত অনুষ্ঠিত পৰীক্ষা চলি থকাৰ মাজতে মোবাইলে মোবাইলে প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছিল৷ প্ৰশ্ন কাকত ভাইৰেল সন্দৰ্ভত এপিডিচিএল কতৃৰ্পক্ষই দিয়া এজাহাৰৰ ভিত্তিত সেই সময়ত আৰক্ষীয়ে ৬জন পৰীক্ষাৰ্থীকো গ্ৰেপ্তাৰ কৰিছিল৷ ইপিনে এপিডিএলে পৰীক্ষা পৰিচালনা তথা নিৰীক্ষণৰ বাবে মুখ্য মহা প্ৰৱন্ধক ভাস্কৰজ্যোতি বৰাক অধ্যক্ষ আৰু প্ৰদীপ বৰা, গুণজিৎ বৰা, আতাউৰ ৰহমানৰ সদস্য হিচাপে লৈ ৪ জনীয়া বোৰ্ড গঠন কৰি দিছিল৷ কিন্তু সেই সময়ত এপিডিএলৰ বিশেষ এটা চক্ৰই চাকৰি বজাৰৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল৷ ধন লোৱা প্ৰাৰ্থীক পৰীক্ষাত উকা অ’ এম আৰ শ্বীট জমা দিবলৈও পৰামৰ্শ দিছিল৷ ইপিনে  ‘আমাৰ অসম’কে ধৰি কেইবাটাও প্ৰতিষ্ঠানে এপিডিচিএলৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিয়ে৷ ন্যায়াধীশ অনিমা হাজৰিকা কমিটীয়ে চলিত বৰ্ষৰ জানুৱাৰীত প্ৰতিবেদন দাখিল কৰাৰ লগতে অ’এমআৰ শ্বীট মূল্যায়নৰ দায়িত্ব কোনো বিশ্ববিদ্যালয় বা তৃতীয় পক্ষৰ দ্বাৰা সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়ে৷ সেই অনুসৰি এপিডিচিএলে অ’এমআৰ শ্বীট মূল্যায়নৰ দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়ক অৰ্পন কৰাৰ লগতে বিগত ২৪ আগষ্টত বিজুলী ভৱনৰ ষ্ট্ৰং ৰূমৰ পৰা ১.৮০ লাখ অ’এমআৰ শ্বীট গুৱাহাটী বিশ্ববিদ্যালয়ক হস্তান্তৰ কৰে৷ ইপিনে বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষই মূল্যায়ন ব্যৱস্থা পৰিচালনাৰ বাবে অধ্যাপক দিলীপ বৰা, এলডিএ শশাংক শইকীয়া আৰু ইষ্টেট অফিচাৰ হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পৰীক্ষা কোষ গঠন কৰে৷ নিয়ম অনুসৰি এপিডিচিএলে যিটো ঠিকাদাৰী প্ৰতিষ্ঠানক দায়িত্ব দিয়াৰ পাছতেই প্ৰশ্নকাকত ফাদিল তথা অনিয়ম সংঘটিত হৈছিল, সংশ্লিষ্ট নেইকম ইম্প্ৰেছন নামৰ প্ৰতিষ্ঠানটোক মূল্যায়নৰ কামৰ পৰা আঁতৰাই ৰাখিব লাগিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে৷ কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ককে ধৰি সংশ্লিষ্ট কতৃৰ্পক্ষই অতি ৰহস্যজনকভাৱে নেইকম ইম্প্ৰেছন নামৰ বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠানটোক পুনৰ অএমআৰ শ্বীট মূল্যায়নৰ দায়িত্বত নিয়োজিত কৰে৷ এক কথাত  পূৰ্বৰে পৰা এপিডিচিএলৰ অধ্যক্ষ বিশেষ কৰ্তব্যৰত বিষয়া আৰু মুখ্য মহা প্ৰৱন্ধকৰ নেতৃত্বত বিশেষ চক্ৰটোৰে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ সৈতে মিলি চাকৰি বজাৰৰ ব্লু-প্ৰিণ্ট ৰচনা কৰা প্ৰক্ৰিয়াত যেন হাত উজানহে দিলে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ লগে লগে এই চক্ৰটোৱে পৰীক্ষাত অৱতীৰ্ণ হোৱা পূৰ্বৰে যোগাযোগ থকা প্ৰাৰ্থীসকলৰ উপৰিও আন বিভিন্ন প্ৰাৰ্থীৰ সৈতে চাকৰিৰ নামত দৰ-দাম আৰম্ভ কৰাত নামি পৰিল৷ এপিডিচিএলৰ অধ্যক্ষৰ অ’ এছ ডি দীপাংকৰ দিহিঙীয়া, মুখ্য মহাপ্ৰৱন্ধক আতাউৰ ৰহমানৰ পৰা আৰম্ভ কৰি ঠিকাদাৰী প্ৰতিষ্ঠান নেইকমৰ ধৃত কৰ্মচাৰী কেইটাৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী শশাংক শইকীয়া আৰু ত্ৰিদিপ শৰ্মাইও প্ৰাৰ্থীৰ সৈতে দৰদাম আৰম্ভ কৰে৷ এপিডিচিএলৰ নিযুক্তিৰ বজাৰখন ইমান তললৈ নামে যে বিশ্ববিদ্যালয়ৰ এজন সুৰক্ষা কৰ্মী বেবিলন কাকতিয়েও চাকৰিৰ বাবে প্ৰাৰ্থীৰে দৰ দামত নামি পৰে৷ এই চক্ৰটোৱে প্ৰতিটো পদৰ বিপৰীতে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ দৰ নিৰ্ধাৰণ কৰে৷ ইপিনে উক্ত অনিয়মৰ সন্দৰ্ভত জ্ঞাত এজন ব্যক্তিয়ে চলিত মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যপাল জগদীশমুখিক এখন লিখিত অভিযোগ পত্ৰ দাখিল কৰে৷ অভিযোগ পত্ৰখনত ধৃত বিষয়া-কৰ্মচাৰী কেইজনৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিমাংশু কুমাৰ দাস নামৰ ইষ্টেট অফিচাৰজনো কেলেংকাৰিত জড়িত বুলি উল্লেখ কৰিছিল৷ তদুপৰি কোন কোন প্ৰাৰ্থীৰ পৰা ৩ লাখ টকাকৈ সংগ্ৰহ কৰা হৈছে তাৰ তথ্য প্ৰমাণসহ দাখিল কৰিছিল৷ অভিযোগ পত্ৰখন ৰাজ্যপালে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি তদন্তৰ নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছতেই ১৫ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে চি এম ভিজিলেন্সক গোচৰ ৰুজু কৰি তদন্তৰ নিৰ্দেশ দিয়ে৷ এই নিৰ্দেশৰ পাছতেই চি এম ভিজিলেন্সৰ এছ পি ৰ’জি কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ১৫ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত ৫ ঘণ্টা ধৰি তালাচী চলোৱাৰ লগতে সংশ্লিষ্ট কতৃৰ্পক্ষক সোধা-পোছা কৰে৷ আনহাতে ১৬ ছেপ্টেম্বৰত বিজুলী ভৱনতো অভিযান চলাই ভিজিলেন্সে শীৰ্ষ বিষয়াসকলক জেৰা কৰে৷ ভিজিলেন্সৰ অনুসন্ধানত প্ৰাথমিক পৰ্যায়ত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী কেইজনে প্ৰায় ২৭৮ জন প্ৰাৰ্থীৰ সৈতে মোবাইলত চাকৰিৰ দৰ-দামৰ তথ্য উদ্‌ঘাটন কৰাৰ লগতে একাংশ প্ৰাৰ্থীৰ অ’ এম আৰ শ্বীটত জালিয়াতিত ধৰা পেলায়৷ ইপিনে তদন্তকাৰী আৰক্ষীয়ে এপিডিচিএলৰ মুখ্য মহাপ্ৰৱন্ধক কৰবি ডেকা, নেইকমৰ স্বত্বাধিকাৰী বানোৱাৰীলালা আগৰৱাল আৰু গুৱাহাটী বিশ্ববিদ্যালয় ষ্টেট অফিচাৰ হিমাংশু দাসকো জেৰা কৰে৷ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে প্ৰাৰ্থীৰ সৈতে দৰ-দাম কৰা ধনৰ এটা কিস্তি ইতিপূৰ্বে চক্ৰটোৱে সংগ্ৰহ কৰিছে৷ তদন্তকাৰী আৰক্ষীয়ে সন্দেহ কৰা মতে নিযুক্তি কেলেংকাৰিত প্ৰায় ২০ কোটি টকাৰ লেনদেন হৈছে৷ ইপিনে ভিজিলেন্সে শুকুৰবাৰে ৪/২০২১ নম্বৰত গোচৰ ৰুজু কৰি গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ১০ অভিযুক্তক গ্ৰেপ্তাৰ কৰে যদিও আৰক্ষীৰ অভিযানৰ উমান পাই এপিডিচিএলৰ মুখ্য মহাপ্ৰৱন্ধক আতাউৰ ৰহমানে পলায়ন কৰে৷ আনকি অভিযানৰ সময়ত আৰক্ষীকো আতাউৰ ৰহমানৰ জীয়ৰীৰে বেয়া ব্যৱহাৰ কৰে৷ ইপিনে অ’এছডি দীপাংকৰ দিহিঙীয়াৰ মহানগৰীৰ সৰুমটৰীয়াস্থিত বাসগৃহত পৰীক্ষাৰ বহু সংখ্যক অ’ এম আৰ শ্বীট আৰু এনছাৰ কী উদ্ধাৰ কৰে আৰক্ষীয়ে৷ উল্লেখ্য, ২০০৩ চনৰ পৰা এপিডিএলত অ’ এছ ডি হিচাপে কৰ্মৰত দীপাংকৰ দিহিঙীয়াই ব্যক্তিগত সম্পৰ্কৰ দোহাই দি শক্তিমন্ত্ৰী তপন গগৈৰ কাৰ্যকালত বিজুলী ভৱনত উঠিৰজা বহি ৰজা হৈ পৰিছিল৷ আনকি তদানীন্তন অধ্যক্ষ ভি কে পিপাছেনিয়াৰ অ’ এছ ডি কাৰ্যকালত দিহিঙীয়াই বিজুলী ভৱনত নিযুক্তিৰ জাল পেলাইছিল৷ স্বাভাৱিকতে প্ৰশ্ন হয় দিহিঙীয়াৰ এই দুষ্কাৰ্যত তদানীন্তন অধ্যক্ষ ভি কে পিপাৰছেনিয়াৰো মৌন সমৰ্থন আছিল নেকি? ভিজিলেন্সে এতিয়া তদন্তৰ আউতিলৈ পিপাৰছেনিয়াক আনিব নে নাই সেয়া হ’ব লক্ষণীয়৷ শনিবাৰে ধৃত আটাইকেইজন অভিযুক্তকে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ ইপিনে নিযুক্তি কেলেংকাৰিত জড়িত আন একাংশ বিষয়াৰ লগতে ধন দিয়া আৰু ধনৰ লেনদেনৰ বাবে যোগাযোগ কৰা প্ৰাৰ্থীও গ্ৰেপ্তাৰ হোৱাৰ ইংগিত দিছে তদন্তকাৰী আৰক্ষীয়ে৷ ইপিনে, এপিডিচিএলৰ নিযুক্তি কেলেংকাৰিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– যেতিয়াই টুইটাৰ বা ছ’চিয়েল মিডিয়াত একাংশই ৰিজাল্ট দিয়ক, ৰিজাল্ট দিয়ক বুলি বেছি চিঞৰ-বাখৰ কৰিব, তেতিয়াই গম পাব যে কিবা গণ্ডগোল আছে৷ যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ সৈতে এইসকলৰ প্ৰাৰ্থীৰ যোগাযোগ ধৰা পৰিছে৷ মুঠ ২৭৮জন প্ৰাৰ্থীৰ সৈতে চক্ৰটোৱে চাকৰিৰ দৰ-দাম কৰিছিল৷ চি এম ভিজিলেন্সৰ তদন্তত লাভ কৰা তথ্য প্ৰমাণৰ ভিত্তিত এপিডিচিএলৰ ব’ৰ্ডক উক্ত পৰীক্ষাটো বাতিল কৰি নতুনকৈ অনুষ্ঠিত কৰাৰ বাবে পৰামৰ্শ দিছো৷ লক্ষণীয়ভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনিজন কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংশ্লিষ্ট তিনিওজন কৰ্মচাৰীকে নিলম্বনৰ নিৰ্দেশনা জাৰি কৰিছে৷