Logo
image

বায়ুসেনাৰ বাবে ‘টাটা’ই নিৰ্মাণ কৰিব বিমান

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ স্পেইনৰ প্ৰতিষ্ঠান ‘এয়াৰ বাছ ডিফেন্স এণ্ড স্পেচ’ৰ সৈতে যৌথভাৱে ভাৰতীয় বায়ুসেনাৰ বাবে বিমান নিৰ্মাণ কৰিব টাটাই৷ যোৱা শুকুৰবাৰে টাটা কোম্পানীৰ সৈতে স্পেইনৰ প্ৰতিষ্ঠানটোৰ এই সন্দৰ্ভত এখন চুক্তি স্বাক্ষৰিত হয়৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ভাৰত ভূষণ বাবুৱে এক টুইটযোগে এই বিষয়ে সদৰি কৰিছে৷ আনহাতে টাটা কতৃৰ্পক্ষৰ পৰা প্ৰকাশ কৰা মতে প্ৰায় ২০ হাজাৰ টকাৰ চুক্তি অনুসৰি অহা ১০ বছৰলৈ টাটা এডভান্সড ছিষ্টেমছ লিমিটেডে স্পেইনৰ বিমান নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ সৈতে যৌথভাৱে মুঠ ৪০খন চি-২৯৫ মজলীয়া ক্ষমতা সম্পন্ন সামৰিক বিমান নিৰ্মাণ কৰিব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিতে স্পেইনৰ পৰা ৫৬ খন চি-২৯৫ পৰিবহণ বিমান ক্ৰয় কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল মোদী মন্ত্ৰীসভাই৷