Logo
image

আহি আছে সাগৰীয় ধুমুহা ‘গুলাব’

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ প্ৰচণ্ড বেগত এইবাৰ আহি আছে  সাগৰীয় ধুমুহা ‘গুলাব’৷ বতৰ বিজ্ঞানীসকলৰ মতে আজি মাজনিশা অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশাৰ কলিংগ পট্টনম আৰু গকুলপুৰৰ মাজেৰে এই ধুমুহাজাক হয়তো পাৰ হৈ যাব৷ যাৰ ফলত সন্ধিয়াৰে পৰা অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশাৰ কিছু কিছু অঞ্চলত ধুমুহাজাকে প্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকা কৰিছে৷ মাজনিশাৰ পাছত ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলত গুলাব নামৰ সাগৰীয় ধুমুহাজাকে  আছাৰ খাই পৰাৰ আশংকা আছে৷ যদি সেয়াই হয় তেন্তে পূৰ্বৰ ‘আমফান’ নামৰ সাগৰীয় ধুমুহা জাকৰ দৰে ‘গুলাবে’ও অন্ধ্ৰ আৰু ওড়িশাৰ প্ৰচুৰ ক্ষয়-ক্ষতি কৰাৰ আশংকা কৰিছে বতৰ বিজ্ঞানীসকলে৷ যাৰ বাবে ৰাজ্য দুখনত নৌ-সেনাকে ধৰি বিভিন্ন উদ্ধাৰকাৰী বাহিনী সাজু কৰি ৰখা হৈছে৷ তদুপৰি ‘গুলাব’ৰ  প্ৰভাৱত হ’ব পৰা বিপদৰ আশংকা কৰিয়েই ওড়িশা আৰু অন্ধ্ৰৰ উপকূলসমূহৰ পৰা হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে৷ বতৰ বিজ্ঞানীসকলৰ মতে পশ্চিমবংগ আৰু দক্ষিণ বংগৰ বিভিন্ন অঞ্চলতো ‘গুলাব’ নামৰ সাগৰীয় ধুমুহা জাকৰ প্ৰভাৱ পৰাৰ আশংকা আছে৷