Logo
image

বলীউডত টাইছন

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ বলীউডৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে অভিনেতাৰ ৰূপত ভাৰতীয় চলচ্ছিত্ৰপ্ৰেমীয়ে দেখা পাব কিংবদন্তি বক্সাৰ মাইক টাইছনক৷ হিন্দী আৰু তামিল ভাষাত মুক্তি লাভ কৰিবলগীয়া স্প’ৰ্টছ-একশ্বন চিনেমা ‘লাইগাৰ’ত দেখা যাব জীৱন্ত কিংবদন্তিস্বৰূপ বক্সাৰজনক৷ সোমবাৰে টুইটযোগে ছবিখনৰ প্ৰযোজক কৰণ জোহৰে এই কথা সদৰী কৰিছে৷ পুৰি জগন্নাথৰ পৰিচালনাৰে মুক্তি পাবলগীয়া ছবিখন মুখ্য চৰিত্ৰত দেখা যাব দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোন্দা আৰু অভিনেত্ৰী অনন্যা পাণ্ডেক৷ কৰণ জোহৰে মাইক টাইছনক আদৰণি জনাই সোমবাৰে ‘লাইগাৰ’ৰ এটা প্ৰমো মুকলি কৰে৷ উল্লেখ্য, বক্সিং জগতত অপ্ৰতিৰোধ্য তথা ‘বেড বয়’খ্যাত মাইক টাইছনৰ এক সুকীয়া পৰিচয় আছে৷ বক্সিঙৰ ঈৰ্ষণীয় কেৰিয়াৰৰ অধিকাৰী মাইক টাইছনক সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ বক্সাৰৰূপে গণ্য কৰা হয়৷ বক্সিং ৰিঙত প্ৰতিপক্ষৰ কাণ কামুৰি ছিঙি আনি বিতৰ্কত সাঙোৰ খোৱা মাইক টাইছনক ইতিমধ্যে হলীউদৰ চিনেমাত দেখা গৈছে৷ ‘লাইগাৰ’ ছবিখন বিগত বৰ্ষৰ ছেপ্টেম্বৰত মুকলি কৰাৰ কথা আছিল যদিও কৰ’না মহামাৰীৰ বাবে ছবিখনৰ কাম সম্পূৰ্ণ হোৱা নাছিল৷ ইতিপূৰ্বে বহুকেইখন জনপ্ৰিয় ছবি উপহাৰ দি চলচ্ছিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হোৱা বিজয় দেৱেৰাকোন্দাক ‘লাইগাৰ’ত এজন বক্সাৰৰূপে দেখা যাব৷