Logo
image

এভাৰেষ্টত ফেশ্বন শ্ব’

আমাৰ অসম, ২ অক্টোবৰঃ এভাৰেষ্টৰ ৫,৫০০ ফুট উচ্ছতাত ফেশ্বন শ্ব’ কৰি গিনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত স্থান লাভ কৰিছে নেপালৰ এটা আয়োজক দলে৷ এই ফেশ্বন শ্ব’ত ভাগ লোৱা দলটোৰ তিনিজন ভাৰতৰ৷ তাৰে এজন অসমৰ৷ নাম সিদ্ধাৰ্থ পাণ্ডে৷ ফিনলেণ্ড, ইটালী, পোলেণ্ড, ইংলেণ্ড, জাৰ্মানী আৰু নেপালৰ ১৪গৰাকী মডেলেও এই অভিযানত ভাগ লৈছে৷ সিদ্ধাৰ্থ পাণ্ডেৰ ঘৰ কাৰ্বি আংলং জিলাৰ বোকাজানত৷ পিতৃৰ নাম বীৰেন্দ্ৰ পাণ্ডে, মাতৃৰ নাম কান্তি দেৱী পাণ্ডে৷ ‘কাছা’ নামৰ এটা ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হৈ এভাৰেষ্টত ফেশ্বন শ্ব’ কৰা দলটোৰ অন্তৰ্ভুক্ত হৈছিল সিদ্ধাৰ্থ পাণ্ডে৷