Logo
image

নেহা কক্কৰৰ বিয়া দৰা কোন জানেনে?

আমাৰ অসম, ০৭ অক্টোবৰঃ অভিনেত্ৰী নেহা কক্কৰৰ বিয়া৷ উল্লেখ্য যে কিছুদিন পূৰ্বে এটা ৰিয়েলিটী শ্ব’ৰ মজিয়াত উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণে নেহাৰ সৈতে বিয়া চূড়ান্ত হোৱাৰ বিষয়ে ইংগিত দিছিল৷ উক্ত অনুষ্ঠানত সেইদিনা আদিত্যৰ পিতৃ উদিত নাৰায়ণো উপস্থিত আছিল৷ সেই অনুসৰি সমগ্ৰ বলীউডৰ নিশ্চিত ধাৰণা আছিল যে আদিত্যৰ সৈতে বিয়াত বহিব নেহাই৷ কিন্তু বলীউডৰ সেই ধাৰণা অমূলক হ’ল৷ নেহা বিয়াত বহিব সঁচা, কিন্তু দৰা আদিত্য নাৰায়ণ নহয়৷ ‘মুঝ্‌ছে চাদী কৰোঁগে’ নামৰ ৰিয়েলিটী শ্ব’ৰ জৰিয়তে জনপ্ৰিয় হোৱা ৰোহণ প্ৰীতৰ সৈতে এতিয়া নেহাৰ গভীৰ প্ৰেম৷ এই বিষয়ে নেহাই নিজৰ ইন্‌ষ্টাগামত উল্লেখ কৰিছে৷ নেহাই আনকি ৰোহণ উদ্দেশ্যি উল্লেখ কৰে যে– ‘বোলা আমি বিয়া পাতো এই লকডাউনতেই৷’ আনহাতে নেহাৰ প্ৰস্তাৱৰ উত্তৰত ৰোহণেও সন্মতি আগবঢ়াইছে৷ সকলো ঠিকে-ঠাকে থাকিলে অচিৰেই বিয়াত বহিব নেহা আৰু ৰোহণে৷