Logo
image

জুকাৰবাৰ্গৰ লোকচান নেট-নাগৰিকৰ লাভ

আমাৰ অসম, ৬ অক্টোবৰঃ নিশা হঠাতে অনলাইনত দেখি পুত্ৰই পিতৃৰ ফেচবুক একাউণ্টৰ ৱালত লিখিলে– হাউ আৰ ইউ ডেড? পিতৃয়ে পুত্ৰৰ ৱালত লিখিলে–আই এম ফাইন, বাট ইট্‌ছ টু লেট৷ নাও গেট ডাউন টু দ্য ডাইনিং ৰূম, উই হেভ টু ডাইন টুগেডাৰ৷ ইয়’ৰ মম ইজ ৱেটিং ফৰ ইউ স্ক্ৰলিং এফ বি–এয়া ফেচবুকে পৰিয়ালৰ মাজৰ বান্ধোন আৰু সম্পৰ্ক ছিন্ন কৰি পেলোৱা ঘটনাক লৈ অজ্ঞাত ৰসিকে সৃষ্টি কৰা এটা বহুচৰ্চিত কৌতুক৷ য’ত এটা মাইক্ৰ’ পৰিয়ালৰ তিনিজন ব্যক্তি একেটা ঘৰৰে তিনিটা পৃথক পৃথক কোঠাত ব্যস্ত হৈ আছে ফেচবুক লৈ আৰু পৰস্পৰৰ সৈতে যোগাযোগ হৈছে ফেচবুকৰ ৱালত৷ অথচ ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়াই আমাৰ সমাজ গ্ৰাস কৰি পেলোৱাৰ আগলৈকে এনে একোটা সৰু, আনকি ডাঙৰ পৰিয়ালৰ সদস্যয়ো নিশা ঘৰত একেলগ হৈ বহি হাঁহি মাতি কথা পাতিছিল৷ এই বহু চৰ্চিত কৌতুকটো পুনৰ চৰ্চালৈ আহিছে সোমবাৰে নিশা ৭ ঘণ্টাৰ বাবে ফেচবুক বিশ্বজুৰি বন্ধ হৈ পৰাৰ বাবে৷ কৌতুকটোৰ স্ৰষ্টাৰ দাবী–ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম ৭ ঘণ্টা ধৰি বন্ধ হৈ থকাৰ সময়ত বহু পৰিয়ালৰ সদস্যৰ মাজত পাৰিবাৰিক পুনৰ্মিলন ঘটিল৷ অৱশ্যেই সেই দাবী তৰ্কসাপেক্ষ৷ 

ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম সোমবাৰে বিশ্বজুৰি ৭ ঘণ্টা ধৰি বন্ধ হৈ থকাৰ কাৰণ এতিয়াও এই তিনি ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ কতৃৰ্পক্ষই প্ৰকাশ কৰা নাই, কিন্তু এই বন্ধৰ ফলত এপকেইটাৰ স্বত্বাধিকাৰী মাৰ্ক জুকেৰবাৰ্গৰ যে ৬০০ কোটি ডলাৰ বা ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৫ হাজাৰ কোটি টকা লোকচান হ’ল সেয়া মিডিয়াত প্ৰকাশ পাইছে৷ একেদিনাই মাথোঁ ৭ ঘণ্টা সময়ৰ ভিতৰত মাৰ্ক জুকেৰবাৰ্গৰ সম্পত্তিৰ মুঠ পৰিমান ১২ হাজাৰ ১৬০ কোটি ডলাৰলৈ হ্ৰাস হ’ল৷ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত কেইবা ধাপ তললৈ নামি গ’ল তেওঁ৷ ‘ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সে’ প্ৰকাশ কৰা তালিকা অনুযায়ী সোমবাৰে তিনিটাকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বন্ধ হৈ যোৱাৰ পাছত সম্প্ৰতি মাৰ্ক জুকেৰবাৰ্গৰ স্থান ধনী ব্যক্তিৰ তালিকাত পঞ্চম, ঠিক বিল গেটছৰ পিছতে৷ উল্লেখ্য, সোমবাৰে ৭ ঘণ্টা ধৰি ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম বন্ধ হৈ থকাৰ উপৰি জুকেৰবাৰ্গ মালিকাধীন এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মে সমাজত অশুভ প্ৰভাব পেলাইছে বুলি যোৱা ১৩ ছেপ্টেম্বৰত ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নাল’ত প্ৰকাশিত প্ৰতিবেদনেও ‘ছ’ছিয়েল মিডিয়া বেৰন’জনৰ ভয়ংকৰ আৰ্থিক ক্ষতি কৰিছে৷ প্ৰতিবেদনত ইনষ্টাগ্ৰামে কিশোৰীৰ ওপৰত কি প্ৰভাব পেলাইছে, মানসিক স্বাস্থ্যৰ ওপৰত কেনে বিৰূপ প্ৰভাব পেলাইছে, যোৱা জানুৱাৰীত ভাৰতৰ ৰাজধানী দিল্লীত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত ভুল তথ্য প্ৰচাৰ কৰি ফেচবুকে যি ইন্ধন যোগাইছিল আৰু ড’নাল্ড ট্ৰাম্পৰ মিছা তথ্য প্ৰচাৰৰ ফলত আমেৰিকাৰ কেপিটলত যি হিংসাত্মক আক্ৰমণ সংঘটিত হৈছিল সেয়া বৰ্ণনা কৰা হৈছে৷ জুকেৰবাৰ্গৰ এই ছ’চিয়েল মিডিয়াৰ সাম্প্ৰাজ্য একেবাৰে ভাগি নপৰিলেও সোমবাৰ ঘটনাত মোচৰ খাই পৰিছে৷ 

পিছে সংবেদনশীল লোকৰ দাবী, ৭ ঘণ্টা ধৰি জুকেৰবাৰ্গৰ ছ’চিয়েল মিডিয়া মঞ্চৰ ৩টাকৈ এপ বন্ধ হৈ যোৱাৰ ফলত ছ’চিয়েল মিডিয়া সম্প্ৰাটজনৰ ভয়ংকৰ ক্ষতি হ’লেও অতিকৈ লাভান্বিত হৈছে নেটিজেন অৰ্থাৎ নেটাগৰিকসকল৷ কিয়নো এই তিনিটাকৈ এপ বন্ধ হৈ থকাৰ সময়ত সকলোৱে নেট বা ইণ্টাৰনেটৰ আশ্ৰয়ধীন ছ’চিয়েল মিডিয়া এৰি পৰিয়ালৰ লোকৰ সৈতে মিলিত হ’বলৈ অৱসৰ উলিয়ালে৷ হাঁহি-মাতি সকলোৱে কথা-বতৰা পাতিলে, একেলগে আহাৰ গ্ৰহণ কৰিলে৷ ‘ডাটা’ অবিহনে ৰ মিনিট সময়ো থাকিব নোৱাৰা, ফেচবুক স্ক্ৰল নকৰিলে উশাহ বন্ধ হোৱাৰ উপক্ৰম ঘটা ছ’চিয়েল মিডিয়াৰ ‘পোক’ এই ৭ ঘণ্টাত পুনৰ পাৰিবাৰিক হৈ পৰিল– সেয়াই জুকেৰবাৰ্গৰ লোকচান আৰু নেটাগৰিকৰ লাভ৷