Logo
image

ইণ্টাৰনেট ব্যৱসায়ত আম্বানিৰ প্ৰতিদ্বন্দ্বী হ’ব টাটা

আমাৰ অসম, ০৭ অক্টোবৰঃ ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰতৰ ইণ্টাৰনেট ব্যৱসায়ৰ ‘একছত্ৰী সম্ৰাট’ মুকেশ আম্বানিৰ প্ৰতিদ্বন্দ্বী হ’বলৈ ওলাইছে টাটা৷ শেহতীয়াকৈ এই বাতৰি পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্যমতে টাটা ছন্স প্ৰাইভেট লিমিটেডে ভাৰতত ইণ্টাৰনেটৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে বিনিয়োগকাৰীৰ সন্ধান আৰম্ভ কৰিছে৷ উল্লেখ্য যে টাটা ছন্স নামৰ প্ৰতিষ্ঠানটোৰ আছে ১১ হাজাৰ ৩০০ কোটি ডলাৰৰ সম্পত্তি৷ অৰ্থাৎ ৮ লাখ কোটি টকাৰো অধিক৷ কফিৰ পৰা গাড়ীকে ধৰি বিভিন্ন সামগ্ৰীৰ ব্যৱসায় আছে টাটাৰ৷ এইবাৰ মুকেশ আম্বানিৰ দৰে টাটায়ো ভাৰতত ইণ্টাৰনেট ব্যৱসায়ৰ বাবে দেশ-বিদেশৰ বিনিয়োগকাৰী বিচাৰিছে৷